খেৰীৰ হত্যাকাণ্ড সম্পৰ্কত উত্তৰ প্ৰদেশ চৰকাৰৰ স্থিতিক ভৎসনা উচ্চতম ন্যায়ালয়ৰ

Supreme Court Slams UP On Farmers' Killing

লখিমপুৰ খেৰীত সংঘটিত হত্যাকাণ্ড সম্পৰ্কত উত্তৰ প্ৰদেশ চৰকাৰ সমগ্ৰ দেশজুৰি তীব্ৰ সমালোচনাৰ সন্মুখীন হোৱাৰ সময়তে উচ্চতম ন্যায়ালয়ে আজি ভৎসনা কৰে উত্তৰ প্ৰদেশ চৰকাৰক।

শুনানীৰ সময়ত উচ্চতম ন্যায়ালয়ে কয় যে আইনে এই ঘটনাত জড়িত সকলৰ বিৰুদ্ধে সঠিক পথ ল’ব লাগিব। খেৰী কাণ্ডৰ ক্ষেত্ৰত উত্তৰ প্ৰদেশ চৰকাৰে এতিয়ালৈকে কৰা কাৰ্যত সন্তুষ্ট নহয় বুলি উল্লেখ কৰে সৰ্বোচ্চ ন্যায়ালয়ে।

“আপুনাললোকে এই ঘটনাৰ ক্ষেত্ৰত প্ৰেৰণ কৰা বাৰ্তাটো কি? সাধাৰণ পৰিস্থিতিত আৰক্ষীয়ে লগে লগে গৈ অভিযুক্তজনক গ্ৰেপ্তাৰ নকৰিব নেকি? ঘটনাটোৰ ক্ষেত্ৰত চৰকাৰে কোনো কাৰ্যত আগবঢ়া নাই,কেৱল কথাৰহে ফুলজাৰি হৈছে।” মুখ্য ন্যায়াধীশ এন ভি ৰমনাই উত্তৰ প্ৰদেশ চৰকাৰক তীব্ৰ ভৎসনা কৰি কয়।

উত্তৰ প্ৰদেশ চৰকাৰক প্ৰতিনিধিত্ব কৰা অধিবক্তা হৰিশ চালভেয়েও এই ক্ষেত্ৰত পৰ্যাপ্ত কাম আগবঢ়া নাই বুলি স্বীকাৰ কৰে।

উল্লেখ্য যে কেন্দ্ৰীয় মন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰ আশীষ হত্যাকাণ্ডৰ অভিযুক্ত। কৃষকসকলে এখন এজাহাৰত কৈছে যে দেওবাৰে শান্তিপূৰ্ণ প্ৰতিবাদৰ মাজতে তেওঁ গাড়ীৰে প্ৰতিবাদকাৰী সকলক মহতীয়াই নিছিল আৰু এই আক্ৰমণত চাৰিজন কৃষকে প্ৰাণ হেৰুৱাই।

কিন্তু আশীষ মিশ্ৰক এতিয়াও গ্ৰেপ্তাৰ কৰা হোৱা নাই। চৰকাৰৰ দ্বাৰা অভিযুক্ত আশীষ মিশ্ৰক ৰক্ষা কৰা হৈছে বুলি অভিযোগ তোলে কৃষক সকলে।

“অভিযুক্তক আমি আন ক্ষেত্ৰত আন ব্যক্তিৰ সৈতে একে ধৰণৰ ব্যৱহাৰ কৰোঁ,” মুখ্য ন্যায়াধীশে আজি কয়।

“আদালত পুনৰ খোলাৰ পিছত পুনৰ শুনানি হ’ব। যদি তেতিয়ালৈকে পৰ্যাপ্ত প্ৰগতি নহয় তেন্তে চিবিআইলৈ স্থানান্তৰ কৰক।” চৰকাৰী পক্ষৰ অধিবক্তা চালভেই আদালতক কয়।

ইয়াৰ উত্তৰত ন্যায়ালয় মুখ্য ন্যায়াধীশে কয়, “আমি আশা কৰোঁ যে ৰাজ্যখনে প্ৰয়োজনীয় পদক্ষেপ ল’ব। বিষয়টোৰ সংবেদনশীলতাৰ বাবে, আমি কোনো মন্তব্য কৰা নাই। চিবিআই এটা সমাধান নহয়। পুনৰ শুনানীৰ সময়ত আমি বিষয়টো গ্ৰহণ কৰিম। কিন্তু উত্তৰ প্ৰদেশ কৰ্তৃপক্ষই এই ক্ষেত্ৰত কাম কৰিব লাগিব।”

উল্লেখ্য যে বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে উত্তৰ প্ৰদেশ চৰকাৰক গোচৰটোত অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ বিষয়ে প্ৰশ্ন কৰিছিল। ৰাজ্য চৰকাৰে আজি প্ৰতিবেদন দাখিল কৰে। ইয়াত উল্লেখ কৰা হৈছে যে মুক্ত আৰু নিৰপেক্ষ তদন্ত নিশ্চিত কৰাৰ বাবে সকলো পদক্ষেপ গ্ৰহণ কৰি হৈছে। গোচৰটোত দুজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে বুলি আদালতত উল্লেখ কৰে উত্তৰ প্ৰদেশ চৰকাৰে।

হিংসাত্মক ঘটনাৰ সময়ত প্ৰতিবাদকাৰীসকলে গুলীয়াই হত্যা কৰা বুলি অভিযোগ কৰা এজন কৃষকৰ মৃত্যুৰ সন্দৰ্ভত চালভেয়ে আজি আদালতক কয় “মৰণোত্তৰ পৰীক্ষাত কোনো গুলীৰ আঘাত দেখা পোৱা নাছিল। অৱশ্যে গাড়ীৰে আক্ৰমণ কৰা অভিযোগ সঁচা।”

মুখ্য ন্যায়াধীশ ৰমনাই কয়, “আমি দায়িত্বশীল চৰকাৰ আৰু আৰক্ষী আশা কৰোঁ। অভিযোগবোৰ বন্দুকৰ গুলীৰ আঘাততকৈ অতি গুৰুতৰ।যদি প্ৰমাণ সঁচা হয় তেন্তে ধাৰা ৩০২ ৰ আধাৰত ইয়াৰ গোচৰ চলিব।”