NORTHEAST NOW (Assamese)

দুজন প্ৰাপ্তবয়স্কৰ নিজস্ব সিদ্ধান্তত ৰাজ্যই হস্তক্ষেপ কৰিব নোৱাৰেঃ উচ্চতম ন্যায়ালৰ গুৰুত্বপূৰ্ণ ৰায়দান

June 12, 2025 10:10 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: June 12, 2025 10:13 am

“দুজন প্ৰাপ্তবয়স্কৰ নিজস্ব সিদ্ধান্তত ৰাজ্যই হস্তক্ষেপ কৰিব নোৱাৰে”—শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ে এক   গোচৰত এই গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে।

উত্তৰাখণ্ড আৰক্ষীয়ে এজন মুসলিম যুৱকক এগৰাকী হিন্দু যুৱতীক বিয়া কৰোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল, যাৰ বিৰুদ্ধে অবৈধ ধৰ্মান্তৰকৰণ, ছদ্মবেশত প্ৰতাৰণা আৰু প্ৰৱঞ্চনাৰ গোচৰ ৰুজু কৰা হৈছিল।

বিয়াৰ কিছুমান দিনৰ পাছতে ছোৱালীজনীৰ আত্মীয় আৰু কিছু সংগঠনে অভিযোগ দাখিল কৰাৰ ভিত্তিত যুৱকজনক অটক কৰিছিল।

প্ৰায় ছমাহ জেলত থকাৰ পিছত, উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ বি.ভি. নাগাৰত্ন আৰু সতীশ চন্দ্ৰ শৰ্মাৰ বেঞ্চে ধৃত যুৱকজনক জামিন মঞ্জুৰ কৰে। আদালতে উল্লেখ কৰে যে দুয়ো প্ৰাপ্তবয়স্ক, বিবাহ পৰিয়ালৰ সন্মতিৰে হৈছিল আৰু তেওঁলোক ইজনে-সিজনৰ ধৰ্মৰ বিষয়ে জানিছিল।

এই ক্ষেত্ৰত ৰাজ্যৰ আপত্তিৰ কোনো যুক্তি নাথাকে বুলি আদালতে মন্তব্য কৰে আৰু গোচৰৰ সকলো দিশ বিবেচনা কৰি জামিন প্ৰদান কৰে।

এই ৰায়ে ভাৰতত ধৰ্মীয় স্বাধীনতা আৰু ব্যক্তিগত পছন্দৰ অধিকাৰৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ বাৰ্তা বহন কৰিছে।

Related News