NORTHEAST NOW (Assamese)

ইভিএম আৰু ভিভিপিএটি-এ কিদৰে কাম কৰে বুজাই দিবলৈ নিৰ্বাচনী বিষয়াক তলব উচ্চতম ন্যায়ালয়ৰ

April 24, 2024 12:06 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী

নিৰ্বাচনত ভোটদানৰ বাবে ব্যৱহৃত ইলেক্ট্ৰনিক ভোটিং মেচিন আৰু ভোটদান নিশ্চিত কৰিবলৈ লাভ কৰা ভিভিপিএটি স্লিপ সন্দৰ্ভত আজি উচ্চতম ন্যায়ালয়ে গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’ব পাৰে। 

ইফালে আজি বিয়লি ২ বজাত নির্বাচন আয়োগৰ এগৰাকী জ্যেষ্ঠ বিষয়াক আদালতে চমন কৰিছে৷ 

ইয়াৰ মাজতে উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে ইভিএম আৰু ভিভিপিএটিৰ সৈতে জড়িত কিছু প্ৰশ্ন উত্থাপন কৰিব। বিশেষকৈ বিচাৰক সকলে ইভিএমত ইনষ্টল কৰা মাইক্ৰ’ কণ্ট্ৰ’লাৰৰ কামৰ প্ৰক্ৰিয়াৰ বিষয়ে বুজ ল’ব।

ইয়াৰ উপৰিও ন্যায়াধীশে ইভিএম আৰু ভিভিপিএটিৰ সুৰক্ষা সম্পৰ্কীয় কিছু প্ৰশ্নো সুধিব পাৰে।

Related News