পুঠি-খলিহনা নহয়, ৰৌ-বৰালীক ধৰক; ৰাষ্ট্ৰীয়কৃত বেংকসমূহক পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ

'ক্ষুদ্ৰ ব্যৱসায়ীসকলক নিৰ্যাতন নকৰি বৃহৎ কৰ্পোৰেট হাউছবোৰৰ পৰা ঋণ আদায়ৰ চেষ্টা কৰক'

Supreme-Court-750x375

উচ্চতম ন্যায়ালয়।

বেংকসমূহে নন পাৰফৰ্মিং এছেটৰ বোজা হ্ৰাস কৰিবলৈ বহু সময়ত ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ ওপৰত চকু দিয়ে। কিন্তু বিজয় মালিয়া, মেহুল চোক্সিৰ দৰে প্ৰৱঞ্চনাকাৰীসকলে সকাহ পাই যায়।

এইবাৰ উচ্চতম ন্যায়ালয়ে ৰাষ্ট্ৰীয়কৃত বেংকসমূহক পুঠি-খলিহনা নধৰি ৰৌ-বৰালী ধৰিবলৈ পৰামৰ্শ দিলে।

সৰ্বোচ্চ আদালতখনৰ মত হ’ল যিসকলৰ ঋণৰ পৰিমান মাত্ৰ কেইহাজাৰমান টকা, তেওঁলোকক নিৰ্যাতন নকৰি বৃহৎ কৰ্পোৰেট হাউছবোৰৰ পৰা ঋণ আদায়ৰ চেষ্টা কৰক।

উল্লেখ্য যে ৯০ দিন পৰ্যন্ত যদি ঋণৰ টকা আদায় দিয়া নহয়, তেতিয়াহ’লে সেই ঋণক নন পাৰফৰ্মিং এছেট হিচাপে ধৰি লোৱা হয়।

উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে কানাড়া বেংকক কয়,’’নন পাৰফৰ্মিং এছেট উদ্ধাৰ কৰিবলৈ হ’লে ডাঙৰ মাছ ধৰাৰ পিনে চকু দিয়ক। ৰাষ্ট্ৰীয়কৃত বেংকসমূহৰ বৃহৎ অংশ নন পাৰফৰ্মিং এছেট কৰ্পোৰেট ঋণ গ্ৰহণকাৰীসকলৰ তাত জমা হৈ আছে। ক্ষুদ্ৰ পৰিমানৰ ঋণ লোৱাসকলৰ পৰা বেংকে ইমান নন পাৰফৰ্মিং এছেট নাপাব।‘’

উল্লেখ্য যে ১৯৯৪-৯৫ বিত্তীয় বৰ্ষত তিৰুচিলাপল্লীৰ এটা সমাজসেৱামূলক সংগঠনৰ পৰা ৪৮.৮লাখ টকা ওভতাই বিচাৰি কানাড়া বেংকে গোচৰ তৰিছিল। সংগঠনটোৰ জৰিয়তে এই টকা ১,৫৪০জন ব্যক্তিক দিয়া হৈছিল।

কিন্তু ঋণ আদায় কৰিব নোৱাৰি এতিয়া সংগঠনটোৰ পৰা এই টকা ওভতাই বিচাৰি বেংকটোৱে গোচৰ তৰে। পিচে, ঋণ ঘুৰাই নাপালে সংগঠনটোৰ পৰা সেই পৰিমানৰ ধন আদায় কৰাৰ সম্পৰ্কত কোনো লিখিত চুক্তি নাই। সেয়ে, উচ্চতম ন্যায়ালয়ে বেংকৰ আবেদন খাৰিজ কৰে।

সৰ্বোচ্চ আদালতখনে কয় যে এই ঋণ ক্ষুদ্ৰ কৃষক, হাঁহ-মূৰ্গী, গাখীৰ ব্যৱসায়ৰ সৈতে জড়িতসকলক দিয়া হৈছিল। এই সাধাৰণ মানুহৰ মাজত কোনো কোনোৱে এই প্ৰ-পত্ৰত তেওঁলোকৰ ফটোৰ বাবে ১০টকা দিব নোৱাৰে। এই সংগঠনটোৱে তো আপোনালোকক এই ব্যক্তিসকলৰ চিনি উলিওৱাত সহায় কৰিছে। এতিয়া আপোনালোকে কিয় সংগঠনৰ পৰা টকা বিচাৰিছে?