• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

Supreme Court raps UP govt. ঘৰ ভাঙি প্ৰতিশোধ ল’ব নোৱাৰিব! যোগী চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 16, 2022 5:16 pm
201
VIEWS
Share on FacebookShare on Twitter

ঘৰ যিমানেই অবৈধ নহওঁক কিয়, ইয়াক নিয়ম মানি ভাঙিব লাগিব। সকলো আইনী প্ৰক্ৰিয়া অনুসৰণ কৰিব লাগিব। অৱশ্যে, সেই আইনী প্ৰক্ৰিয়া উত্তৰ প্ৰদেশ চৰকাৰে গ্ৰহণ কৰা নাছিল বুলি অভিযোগ কৰা হৈছে। এই বিষয়টোক লৈয়েই জমিয়ত-উলামা-ই-হিন্দ-য়ে শীৰ্ষ আদালতৰ কাষ চাপিছে। উচ্চতম ন্যায়ালয়ে বৃহস্পতিবাৰে গোচৰটোত উত্তৰ প্ৰদেশ চৰকাৰৰ পৰা উত্তৰ বিচাৰিছে।

যোগী চৰকাৰে দাবী কৰিছিল যে ভাঙি পেলোৱা সকলোবোৰ ঘৰ অবৈধ। এই ঘৰবোৰৰ মালিকসকলে নুপুৰ শৰ্মা কাণ্ডত ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ কৰিছিল। প্ৰতিবাদকাৰীসকলে আৰক্ষীৰ ওপৰত আক্ৰমণ চলাইছিল। তেওঁলোকে বিভিন্ন সম্পত্তি ধ্বংস কৰিছিল।

লগতে পঢ়ক: উত্তৰ প্ৰদেশত পৰিয়ালৰ লোকৰ মাজতে সম্পত্তি হস্তান্তৰ হ’লে দিব নালাগিব ষ্টাম্প শুল্ক

যোগী চৰকাৰৰ প্ৰশাসনে প্ৰতিবাদকাৰীসকলক এসেকা দিবলৈ গ্ৰেপ্তাৰ কৰিয়েই  শান্ত হোৱা নাছিল, প্ৰতিবাদকাৰীসকলৰ ঘৰবোৰো এটা বৃহৎ আৰক্ষী বাহিনী লৈ গৈ ভাঙি দিছিল। ইয়াৰ বিৰুদ্ধে আদালতৰ কাষ চাপিছে জমিয়তে।

জমিয়তে অভিযোগ কৰিছে যে উত্তৰ প্ৰদেশত ঘৰ ভঙাৰ ক্ষেত্ৰত চৰকাৰে কোনো নিয়ম অনুসৰণ কৰা নাছিল। যিজন ব্যক্তিৰ নামত জাননীখন প্ৰেৰণ কৰা হৈছিল তেওঁ ঘৰটোৰ গৰাকীয়েই নহয়। ঘৰটোৰ গৰাকী মানুহজনৰ পত্নী। কেৱল সেয়াই নহয়, আৰক্ষীয়ে ঘৰ ভঙাৰ জাননী দিয়া ব্যক্তিজনকো গ্ৰেপ্তাৰ কৰি ৰাখিছে।

ইমানখিনি ভুল কৰাৰ পিছতো যোগী প্ৰশাসনে জাননীখনৰ উত্তৰ দিয়াৰ সময়সীমালৈ অপেক্ষা কৰা নাছিল। আৰক্ষী আৰু কিছু মানুহ পঠিয়াই গোটেই ঘৰটো ভাঙি দিছিল। ইপিনে, যাৰ নামত ঘৰটো আছে অৰ্থাৎ ঘৰটোৰ মালিকনীয়ে      নিৰ্দিষ্ট সময়ত ঘৰটোৰ কৰ পৌৰ নিগমক পৰিশোধ কৰিছে। পানীৰ বাবে দিবলগীয়া কৰ নিৰ্দিষ্ট সময়ত পৌৰ নিগমক পৰিশোধ কৰিছে। তদুপৰি, সেই কৰ পৰিশোধ কৰাৰ বাবে পৌৰ নিগমে ঘৰৰ মালিকনীক এখন প্ৰমাণপত্ৰও প্ৰদান কৰিছে।

লগতে পঢ়ক: মানসিক সন্তুষ্টিৰ মোহ: বিলাসী চাকৰি এৰি গাধৰ ফাৰ্ম খুলিলে গৌড়াই

ইয়াৰ পিছতো প্ৰশাসনে প্ৰমাণপত্ৰ প্ৰদান কৰা ব্যক্তিজনৰ ঘৰটো কেনেকৈ বলপূৰ্বক ভাঙি পেলাব পাৰে? এই প্ৰশ্ন লৈয়েই  আদালতৰ কাষ চাপিছে জমিয়ত-উলামা-ই-হিন্দ। উচ্চতম ন্যায়ালয়ে এই ক্ষেত্ৰত প্ৰশাসনিকভাৱে গ্ৰহণ কৰা অবৈধ কাৰ্যকলাপৰ অভিযোগৰ গুৰুত্ব সোনকালেই বুজি পালে। স্বাভাৱিকভাৱে  উচ্চতম ন্যায়ালয়ে এই অভিযোগসমূহৰ সম্পৰ্কত উত্তৰ প্ৰদেশৰ যোগী চৰকাৰৰ পৰা উত্তৰ বিচাৰিছে। গোচৰটোৰ পৰৱৰ্তী শুনানিৰ তাৰিখ ২১ জুন নিৰ্ধাৰণ কৰা হৈছে। উক্তদিনা ন্যায়াধীশ এ এছ বোপান্না আৰু ন্যায়াধীশ বিক্ৰম নাথে যোগী চৰকাৰৰ বক্তব্য শুনিব।

Recent News

বেলুচ বিদ্ৰোহীয়ে দখল কৰিলে কুৱেটা! পাকিস্তানী সৈন্যবাহিনীৰ পলায়ন

বেলুচ বিদ্ৰোহীয়ে দখল কৰিলে কুৱেটা! পাকিস্তানী সৈন্যবাহিনীৰ পলায়ন

কেন্দ্ৰৰ নিৰ্দেশত এক্স-য়ে ভাৰতত বন্ধ কৰিছে ৮ হাজাৰৰো অধিক একাউণ্ট

কেন্দ্ৰৰ নিৰ্দেশত এক্স-য়ে ভাৰতত বন্ধ কৰিছে ৮ হাজাৰৰো অধিক একাউণ্ট

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে বাংকাৰত সোমাল পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ!

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে বাংকাৰত সোমাল পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ!

পোপ ফ্ৰান্সিছৰ উত্তৰাধিকাৰী নিৰ্বাচিত; প্ৰথমবাৰৰ বাবে আমেৰিকাৰ কোনো বাসিন্দা হ’ল পোপ

পোপ ফ্ৰান্সিছৰ উত্তৰাধিকাৰী নিৰ্বাচিত; প্ৰথমবাৰৰ বাবে আমেৰিকাৰ কোনো বাসিন্দা হ’ল পোপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd