সকলোৰে বাবে মুকলি উচ্চতম ন্যায়ালয় : ৰাইজক আমন্ত্ৰণ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ

supreme-court_of_India-570x320-750x375

ভাৰতৰ উচ্চতম ন্যায়ালয়।

প্ৰথমবাৰৰ বাবে ভাৰতৰ উচ্চতম ন্যায়ালয় ৰাইজৰ দৰ্শনৰ বাবে মুকলি কৰি দিয়া হৈছে। এতিয়া ৰাইজে পৰ্যটক হিচাপে গাইডৰ সহায়ত ন্যায়ালয়খন চাব পাৰিব। মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ মতে যদিও এয়া এক সীমিত প্ৰয়াস, ইয়াৰ দ্বাৰা ৰাইজক উচ্চতম ন্যায়ালয়ৰ কাম কাজৰ কিছু প্ৰদৰ্শন দাঙি ধৰাৰ লক্ষ্য লোৱা হৈছে।

এন ডি টিভিৰ এক বাতৰিত এই কথা প্ৰকাশ পাইছে।

মুখ্য ন্যায়াধীশ গগৈয়ে কয়, ‘’এইটো এক পৰীক্ষামূলক ব্যৱস্থা। আদালতৰ সীমিত প্ৰদৰ্শন এক সীমিত ধৰণে মুকলি কৰি দিয়া হ’ব।‘’

বৰ্তমান উচ্চতম ন্যায়ালয়ৰ ভিতৰত কেৱল গুচৰীয়া, উকীল আৰু তেওঁলোকৰ সহযোগী তথা সাংবাদিককহে অনুমতি দিয়া হয়। আনসকলৰ প্ৰৱেশ এক প্ৰৱেশ পত্ৰ বা এক ইলেকট্ৰনিক প্ৰৱেশ পত্ৰৰ জৰিয়তে সীমিত কৰি ৰখা হৈছে।

আনহাতে, সৰ্বোচ্চ আদালতখনৰ চৌহদটো ৰাইজৰ বাবে প্ৰতি শনিবাৰে গাইডৰ জৰিয়তে পৰিদৰ্শনৰ বাবে পুৱা ১০ বজাৰ পৰা দুপৰীয়া ১ বজালৈ মুকলি কৰি দিয়া হ’ব। ভ্ৰমণকাৰীসকলে উচ্চতম ন্যায়ালয়ৰ ৱেবছাইটৰ জৰিয়তে তেওঁলোকৰ প্ৰৱেশ পত্ৰ বুক কৰিব পাৰিব। আদালতৰ এগৰাকী বিষয়াই ভ্ৰমণকাৰীসকলক সংগ দিব আৰু তেওঁলোকক কৰ্টৰুমলৈ লৈ গৈ এই গৃহটোৰ ঐতিহাসিক গুৰুত্ব তথা গোচৰৰ লোৱা প্ৰক্ৰিয়াৰ বিষয়ে বুজাই দিব।

তদুপৰি, ভ্ৰমণকাৰীসকলক লগতে উচ্চতম ন্যায়ালয়ৰ ওপৰত এখন চুটি ছবি দেখুওৱা হ’ব আৰু ন্যায়ালয়খনৰ চৌহদত থকা মিউজিয়াম পৰিদৰ্শন কৰাই ভ্ৰমণৰ সামৰণি মৰা হ’ব।