এন আৰ চিৰ লগতে ‘ডি’ ভোটাৰৰ সমস্যাটোও নিৰীক্ষণ কৰিব উচ্চতম ন্যায়ালয়ে

supreme-court_of_India-570x320

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নেতৃত্বৰ তিনিজনীয়া খণ্ড বিচাৰপীঠে শুকুৰবাৰে এক গুৰুত্বপূৰ্ণ শুনানি গ্ৰহণ কৰি ৰাজ্যখনৰ এন আৰ চিৰ লগতে ‘ডি’ ভোটাৰৰ সমস্যাটোও উচ্চতম ন্যায়ালয়ে নিৰীক্ষণ কৰিব বুলি সদৰী কৰে। অৰ্থাৎ ন্যায়ালয়ে ‘ডি’ ভোটাৰৰ নামত অসমত চলি থকা হাৰাশাস্তিৰ অভিযোগৰ সত্যতা পৰীক্ষা কৰি চাব।

উল্লেখযোগ্য যে বেংগলী ইউনাইটেড ফ’ৰাম অৱ আছাম (বুফা) নামৰ সংগঠনটোৰ ৰাজহুৱা স্বাৰ্থজড়িত আৱেদনৰ শুনানি গ্ৰহণ কৰি মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ, ন্যায়াধীশ সঞ্জয় কিশান কৌল আৰু কে এম জোছেফৰে গঠিত খণ্ড বিচাৰপীঠে শুকুৰবাৰে ‘ডি’ ভোটাৰৰ নামত অসমত চলি থকা হাৰাশাস্তিৰ অভিযোগ সন্দৰ্ভত আৱেদনকাৰীৰ যুক্তি শুনাৰ পিছত বিষয়টোৰ সুকীয়াকৈ শুনানি গ্ৰহণৰ সিদ্ধান্ত গ্ৰহণ কৰে।

আনহাতে, এন আৰ চিৰ পৰা ‘ডি’ ভোটাৰসকলৰ নাম কিয় আঁতৰাই ৰখা হৈছে সেই সন্দৰ্ভত মুখ্য ন্যায়াধীশৰ নেতৃত্বৰ তিনিজনীয়া বিচাৰপীঠে ২৯ অক্টোবৰত সুকীয়াকৈ শুনানি গ্ৰহণ কৰিব। ইয়াৰ পূৰ্বে ২৩ তাৰিখে মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ আৰু ন্যায়াধীশ ৰহিণ্টন ফলি নাৰিমনৰ বিচাৰপীঠত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী সংক্ৰান্তত গোচৰৰ শুনানি গ্ৰহণ কৰাৰ কথা।

বেংগলী ইউনাইটেড ফ’ৰাম অৱ আছামৰ মুখ্য সমন্বয়ক মহানন্দ সৰকাৰে জানিব দিয়ে যে ৰাজহুৱা স্বাৰ্থজড়িত আৱেদনৰ জৰিয়তে অসমত প্ৰকৃত ভাৰতীয়ক ‘ডি’ ভোটাৰৰ নামত কৰা হাৰাশাস্তি, ৰাজ্যৰ বিদেশী ন্যায়াধীকৰণসমূহৰ সন্দেহজনক ভূমিকা, স্থান বিশেষে এন আৰ চি কৰ্তৃপক্ষই বৈধ নথি গ্ৰহণ নকৰাৰ উদাহৰণ আদি উচ্চতম ন্যায়ালয়ৰ মজিয়াত দাঙি ধৰা হৈছে।

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে বিগত সময়ছোৱাত এন আৰ চিক লৈ গ্ৰহণ কৰা স্থিতি অক্ষুন্ন থাকিলেও চূড়ান্ত খচৰা প্ৰকাশ হোৱাৰ পিছত উদ্ভৱ হোৱা বিভিন্ন পৰিস্থিতি সম্পৰ্কত কেনেধৰণৰ নিৰ্দেশনা জাৰি কৰে সেয়া লক্ষ্যণীয় হ’ব।