NORTHEAST NOW (Assamese)

উচ্চতম ন্যায়ালয়ৰ ইউটিউব চেনেল হেক! লাইভ সম্প্ৰচাৰৰ মাজতেই সৃষ্টি উত্তেজনাময় পৰিৱেশৰ

September 20, 2024 1:23 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী

লাইভ ষ্ট্ৰীমিংক লৈ উত্তেজনাৰ পৰিৱেশ সৃষ্টি হৈ থকাৰ উচ্চতম ন্যায়ালয়ৰ ইউটিউব চেনেল হেক কৰা হৈছে। কেইবাটাও সংবাদ মাধ্যমে দাবী কৰিছে যে ‘ৰিপল লেবছ’ নামৰ এটা আমেৰিকান কোম্পানীয়ে সেই চেনেলত ক্ৰিপ্টোকাৰেন্সীৰ বিষয়ে এটা বিজ্ঞাপনৰ ভিডিঅ’ আহি আছে।

শুকুৰবাৰে উচ্চতম ন্যায়ালয়ৰ ইউটিউব চেনেল হেক হোৱাৰ সন্দেহ। হেক কৰা চেনেল ‘ব্ৰেড গাৰ্লিংহাউচ: ৰিপলে এছইচিৰ ২ বিলিয়ন ডলাৰৰ জৰিমনা প্ৰতি সঁহাৰি জনায়! ‘XRP Price Prediction’ শীৰ্ষক এটা ভিডিঅ’ সম্প্ৰচাৰ কৰা হৈছে। এই উচ্চতম ন্যায়ালয়ৰ চেনেলটোৱে গুৰুত্বপূৰ্ণ গোচৰৰ লাইভ শুনানি সম্প্ৰচাৰ কৰে। শেহতীয়াকৈ এই চেনেলৰ জৰিয়তে আৰ জি টেক্স গোচৰৰ শুনানি লাইভ টেলিকাষ্ট কৰা হৈছিল।

১৭ ছেপ্টেম্বৰত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ৰ বিচাৰপীঠত আৰ জি কৰ গোচৰৰ শুনানি অনুষ্ঠিত হয়। শুনানিৰ লাইভ সম্প্ৰচাৰ কৰা হৈছিল। কিন্তু পশ্চিম বংগ চৰকাৰৰ অধিবক্তা কপিল ছিবালে শুনানিৰ লাইভ টেলিকাষ্ট বন্ধ কৰিবলৈ উচ্চতম ন্যায়ালয়ত আবেদন জনায়। অৱশ্যে উচ্চতম ন্যায়ালয়ে ৰাজ্যৰ এই আবেদনৰ অনুমতি নিদিলে। শুনানিৰ লাইভ সম্প্ৰচাৰ বন্ধ কৰিব নোৱাৰি বুলি স্পষ্ট কৰি দিলে মুখ্য ন্যায়াধীশে।

মন কৰিবলগীয়া যে আৰ জি কৰ গোচৰত কনিষ্ঠ চিকিৎসকৰ সৈতে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ বৈঠকত লাইভ সম্প্ৰচাৰৰ বিষয়টোৱে বাধাৰ সৃষ্টি কৰিছিল। আন্দোলনকাৰী চিকিৎসকসকলে সভাখন স্বচ্ছতা বজাই ৰাখিবলৈ লাইভ সম্প্ৰচাৰ কৰিবলৈ দাবী জনায়। অৱশ্যে সেই দাবীত প্ৰশাসনে সন্মতি নিদিলে। লাইভ সম্প্ৰচাৰৰ অভাৱত একেৰাহে দুবাৰকৈ সভা বাতিল কৰা হয়। পিছলৈ অৱশ্যে লাইভ ষ্ট্ৰীমিং নোহোৱাকৈয়ে সভা অনুষ্ঠিত হয়।

Related News