প্ৰতিটো সমষ্টিত পাঁচটাকৈ ইভিএমৰ ভি ভি পেট গণনাৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

supreme-court_of_India-750x375-1-1140x570

ভাৰতৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোত ইভিএমৰ প্ৰৱৰ্তনৰ পাছত শেহতীয়াকৈ এই প্ৰক্ৰিয়াটোত ইভিএমত বিংসগতি হোৱাৰ অভিযোগ উত্থাপন হৈছিল। আনকি কেইবাটাও ৰাজনৈতিক দলে ইভিএমৰ পৰিৱৰ্তে পুনৰ বেলটৰ জৰিয়তে নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে নিৰ্বাচন আয়োগৰ ওচৰত দাবী জনাইছিল।

কিন্তু নিৰ্বাচন আয়োগে তেওঁলোকৰ দাবী অগ্ৰাহ্য কৰি ইভিএমৰ জৰিয়তেই নিৰ্বাচন অনুষ্ঠিত কৰাৰ সিদ্ধান্তত অটল থকাৰ পাছত দেশৰ ২১টা বিৰোধী দলে ৫০ শতাংশ ই ভি এমৰ যাতে ভি ভি পেট গণনা হয় তাৰ ব্যৱস্থা কৰিবলৈ সন্মিলিতভাৱে আদালতত আবেদন জনাইছিল।

এতিয়া ইভিএমৰ জৰিয়তেই অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনটোত ভোটাৰ আৰু ৰাজনৈতিক দলসমূহৰ সন্তুষ্টিৰ বাবে উচ্চতম ন্যায়ালয়ে সোমবাৰে এক নিৰ্দেশনা দিছে। সেই অনুসৰি প্ৰতিটো সংসদীয় সমষ্টিত ভি ভি পেট গণনা হ’ব লগা ই ভি এমৰ সংখ্যা এটাৰপৰা পাঁচটালৈ বৃদ্ধি কৰাৰ নিৰ্দেশ দিছে।

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ নেতৃত্বাধীন বিচাৰপীঠখনে স্পষ্ট কৰি দিয়ে যে নিৰ্বাচন প্ৰক্ৰিয়াত অধিক সন্তুষ্টি আনিবলৈকে ভি ভি পেট গণনা হ’ব লগা  ই ভি এমৰ সংখ্যা এইদৰে বৃদ্ধি কৰা হৈছে।

আনহাতে, এইটো মুঠ ভোটৰ সৈতে ‘পেপাৰ অডিট ট্ৰেইল’ মিলাই চাবলৈ প্ৰতি সমষ্টিত নিৰ্বাচন আয়োগে এটা ই ভি এম বাছি লোৱাৰ প্ৰচলিত ব্যৱস্থা সন্দৰ্ভত ন্যায়ালয়ৰ মত নহয় বুলি কয়।

তদুপিৰ, ভি ভি পেট গণনা হোৱা ই ভি এমসমূহৰ পৰীক্ষা নিৰ্বাচন আয়োগৰ পাঁচগৰাকী বিষয়াই যাতে সুকলমে কৰিব পাৰে তাৰ ব্যৱস্থা কৰা আৰু এই ব্যৱস্থাই যাতে নিৰ্বাচনৰ ফলাফলত বিলম্ব নঘটায় তাৰ ব্যৱস্থাও কৰিবলৈ ন্যায়ালয়ে লগতে নিৰ্দেশ দিয়ে।