NORTHEAST NOW (Assamese)

‘বালিকা বধু’ ধাৰাবাহিকখ্যাত অভিনেত্ৰী সুৰেখা ছিক্ৰিৰ মৃত্যু, বলীউডত শোকৰ ছাঁ

July 16, 2021 6:53 pm · এন ই নাও নিউজ

জনপ্ৰিয় হিন্দী ধাৰাবাহিক ‘বালিকা বধু’ খ্যাত অভিনেত্ৰী সুৰেখা ছিক্ৰিৰ মৃত্যু মুম্বাইত মৃত্যু

ঘটিছে।

হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু ঘটে সুৰেখা ছিক্ৰিৰ।পূৰ্বে দুবাৰকৈ মগজুৰ ষ্ট্ৰোকত আক্ৰান্ত হৈছিল অভিনেত্ৰীগৰাকী।

১৯৭৮ চনত ‘কিচ্ছা কুৰ্ছী কা’  নাটৰে অভিনয় ক্ষেত্ৰ খনত খোজ পেলোৱা সুৰেখা ছিক্ৰিয়ে  হিন্দী আৰু মালায়লম চিনেমাতো অভিনয় কৰি গৈছে।

১৯৪৫ চনৰ ১৯ এপ্ৰিল মাহত জন্মগ্ৰহণ কৰা  সুৰেখা ছিক্ৰিয়ে দিল্লীৰ নেছনেল স্কুল অৱ ড্ৰামাত  অভিনয়ৰ শিক্ষা  অৰ্জন কৰিছিল।

তেওঁৰ উল্লেখ্য অভিনয় প্ৰতিভা ফুটি উঠিছিল তমস, ছলিম লংড়ে পৰ মত ৰোঁ, লিটিল বুদ্ধা, ছৰফৰোছ, কালি ছলৱাৰ, ৰেইনকোট, তুমছা নহী দেখা, দেৱ ডি, জুবেইডা, বধাই হোঁ আদি ছবিত।

তিনিবাৰকৈ ৰাষ্ট্ৰীয়  বটাঁ লাভ কৰা অভিনেত্ৰীগৰাকীৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৭৫বছৰ। নেটফিক্সতো তেওঁ অভিনয় কৰি বহুতৰে হৃদয় জয় কৰিছিল। তেওঁৰ মৃত্যুত বলীউডত শোকৰ ছাঁ পৰিছে।

Related News