হাজোত সংঘটিত হৈছে এক প্ৰচণ্ড মাৰপিটৰ ঘটনা।
এই সংঘৰ্ষত আহত হৈছে পুৰুষ মহিলাকে ধৰি ৭ গৰাকীকৈ লোক।
হাজোৰ দক্ষিণ বৰ্ণিৰ আন্ধুপাৰাত নিশা দুই ফৈদৰ প্ৰচণ্ড মাৰপিটৰ ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে এক উত্তপ্ত পৰিস্থিতিৰ।
দ বৰ্ণিৰ আন্ধুপাৰাৰ এঘৰ লোকৰ ঘৰত এটা ছাগলীৰ প্ৰৱেশক কেন্দ্ৰ কৰিয়েই দুই পক্ষৰ মাজত কাজিয়াৰ সূত্ৰপাত হয় ।
আৰু তাৰ পাছতে তেজেৰে তুমুৰুলি হৈ পৰে দুয়োটা ফৈদৰ পুৰুষ মহিলাকে ধৰি ৭ গৰাকীকৈ লোক।
অঞ্চলটোৰ কাফেটুল্লা আলী নামৰ লোক জনৰ ছাগলী এটাক আজগৰ আলী নামৰ লোকজনৰ ঘৰত হত্যা কৰাৰ অভিযোগৰ পিছত প্ৰথমে বাক বিতণ্ডা, তাৰ পিছত দা, লাঠীৰে আক্ৰমণ-প্ৰত্যাক্ৰমণ আৰম্ভ হয়।
হাজো বিষ্ণুৰাম মেধি সামূহিক স্বাস্থ্য কেন্দ্ৰত তেজেৰে লুতুৰি পুতুৰি অৱস্থাত ভৰ্তি কৰোৱা হ’ল দুয়োটা পক্ষৰ আঘাতপ্ৰাপ্ত ৭ গৰাকীকৈ লোকক।
ইতিমধ্যে ঘটনা সন্দৰ্ভত দুয়োটা পক্ষই আৰক্ষীৰ ওচৰ চাপিছে।