কাজিৰঙাৰ বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰত বৰকাছৰ অস্ত্ৰোপচাৰ  সম্পন্ন

kas

তেজপুৰৰ পৰা উদ্ধাৰ কৰি অনা এটা বৰকাছৰ আজি অস্ত্ৰোপচাৰ কৰা হয় কাজিৰঙাৰ বৰজুৰিত থকা বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰত ৷

তেজপুৰত বৰশীত লগা এটা অতি বিৰল প্ৰজাতিৰ বৰ কাছক স্থানীয় লোকে শনিবাৰৰ দিনা উদ্ধাৰ কৰি তেজপুৰৰ বন বিভাগক অৰ্পণ কৰিছিল ৷

পেটৰ ভিতৰত সুতাৰে সৈতে এটা বৰশী সোমাই থকা বৰ কাছটোক বনবিভাগে আজি  বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰত চিকিৎসাৰ বাবে অৰ্পণ কৰে ৷

কেন্দ্ৰৰ পশু চিকিৎসক ডা৹ চামচুল আলীয়ে এক্সৰেৰ সহায়ত কাছটোৰ পেটত থকা বৰশীতো নিশ্চিত কৰি অস্ত্ৰোপচাৰৰ সিদ্ধান্ত লয় ৷

চেতনা নাশক প্ৰয়োগ কৰি কেন্দ্ৰৰ অস্ত্ৰোপচাৰ কক্ষত বৰ কাছটোৰ অস্ত্ৰোপচাৰ সম্পন্ন কৰি অতি সফলতাৰে পেটৰ ভিতৰৰ পৰা সুতা সহ বৰশীটো উলিয়াবলৈ সক্ষম হয় ৷

অস্ত্ৰোপচাৰৰ শেষত সম্প্ৰতি বৰকাছটো বিপদ মুক্ত হ’ব বুলি আশাবাদী পশুচিকিৎসক ডা৹ চামচুল আলী ৷ বৰ্তমান বন্যপ্ৰাণী পুনসংস্থাপন আৰু সমৰক্ষণ কেন্দ্ৰতে নিৰীক্ষণত ৰখা হৈছে বৰকাছটো ৷