• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘পুস্পা-৩’ত বিশ্ব অভিলেখকাৰী ভাৰতীয় ক্ৰিকেটাৰ? ছিৰিজ জিকিয়েই বিগ ব্ৰেকিং দিলে সূৰ্যকুমাৰে!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 17, 2024 2:39 pm
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

117
VIEWS
Share on FacebookShare on Twitter

সূৰ্যকুমাৰ যাদৱৰ টিম ইণ্ডিয়াই দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ৪ খন মেচৰ টি-২০ শৃংখলাত ৩-১ ব্যৱধানত জয়লাভ কৰে। যোৱা শুকুৰবাৰে জোহান্সবাৰ্গত অনুষ্ঠিত হোৱা শৃংখলাৰ চতুৰ্থ আৰু অন্তিম টি-২০ত ভাৰতে সঞ্জু চেমচন, তিলক ভাৰ্মাৰ সৌজন্যত ১৩৫ ৰানত জয়লাভ কৰে।

প্ৰথমে বেটিং কৰি ভাৰতে এটা উইকেট হেৰুৱাই ২৮৩ ৰান সংগ্ৰহ কৰে। ইয়াৰ উত্তৰত আইডেন মাৰ্কৰামৰ দলটোৱে ১৪৮ ৰান সংগ্ৰহ কৰিয়েই আউট হৈ যায়। সঞ্জুৱে ৫৬টা বলত ১০৯ ৰানৰ অপৰাজিত ইনিংছ খেলে। আনহাতে, ৪৭টা বলত ১২০ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ ৰয় তিলক। মুম্বাই ইণ্ডিয়ানছৰ তাৰকা তিলকে মেচখনৰ মেন অৱ দ্য মেচ সন্মানো লাভ কৰে।

খেলৰ শেষত অধিনায়ক সূৰ্য্যৰ মনটো স্বাভাৱিকতে উল্লাসিত হৈ পৰিছিল। তেওঁ তিলকৰ লগত আড্ডা মাৰিছিল। বিচিচিআই টিভিয়ে পোষ্ট কৰাৰ লগে লগে ভাইৰেল হৈ পৰে সেই ভিডিঅ’টো। কিন্তু আলোচনা ক্ৰিকেটক লৈ নহয়, তিলকৰ কান্ধলৈকে পৰা দীঘল চুলিকলৈহে আছিল।

লগতে পঢ়কঃ ধনুষৰ বিৰুদ্ধে খঙত জ্বলি উঠিল নয়নতৰা! মুকলি চিঠিৰে দিলে প্ৰত্যুত্তৰ

 ‘এই তিলক ভাৰ্মা, তোমাৰ বাবে মোৰ এটা প্ৰশ্ন আছে। তোমাৰ চুলিৰ ৰহস্য কি! সকলোৱে তোমাক আল্লু অৰ্জুন, আল্লু অৰ্জুন বুলি মাতিছে! তেওঁ তেলেগু ছুপাৰষ্টাৰ, আৰু তুমি ইয়াত…’

সূৰ্য্যই কথা শেষ কৰাৰ আগতেই তিলক ক’লে, ‘অ’ একো নাই। তুমিয়েই প্ৰথমে দীঘল চুলি দেখি কৈছিলা, তোমাক আল্লু অৰ্জুনৰ দৰে দেখা গৈছে। সকলোৱে জানে যে  তুমি এবাৰ ক’লেই সেয়া ৰাষ্ট্ৰ হৈ পৰে… হেলমেটৰ পৰা যেতিয়া চুলিখিনি ওলাই থাকে, সেই অনুভৱটো ভাল লাগে, মই সেইটোৱেই বিচাৰিছিলো। আৰু একোৱেই নাই!’

তেতিয়া সূৰ্য্যই কয়, ‘তুমি তাৰ মানে কব বিচাৰিছে যে পুস্পা ৩-ত তুমি কাম কৰিব বিচৰা…’! এই প্ৰতিবেদনৰ লগত সংলগ্ন ভিডিঅ’টো চাই সূৰ্য্য-তিলকৰ বাকী কথা-বতৰাখিনি শুনি লওক।

Tilak Varma’s long hair is inspired from Allu Arjun 🔥#Pushpa2TheRule @alluarjun
pic.twitter.com/FHvJrrM1KO

— Mad Max (@madmaxtweetz) November 16, 2024

ব্লকবাষ্টাৰ হিট ‘পুষ্পা’ ফ্ৰেঞ্চাইজিৰ পৰৱৰ্তী ছবি ‘পুস্পা ২’। আল্লু অৰ্জুনৰ উপৰিও ‘পুস্পা ২’ত অভিনয় কৰিছে দক্ষিণৰ হাৰ্টথ্ৰব ৰশ্মিকা মন্দানাই। ‘পুস্পা ২’ কেতিয়া মুক্তি পাব সেয়া এতিয়াও জানিব পৰা হোৱা নাই। কিন্তু অনুৰাগীসকলে আগ্ৰহেৰে অপেক্ষা কৰি আছে।

যোৱা ৮ এপ্ৰিলত আল্লু অৰ্জুনৰ জন্মদিন আছিল। সেইদিনা অভিনেতাগৰাকীয়ে অনুৰাগীসকলক এটা ৰিটাৰ্ণ গিফ্ট দিছিল। মুকলি হৈছিল ‘পুস্পা ২’ৰ টিজাৰ। যিটোৱে লগে লগে ছচিয়েল মিডিয়াত আলোড়নৰ সৃষ্টি কৰে। বাণিজ্য বিশেষজ্ঞৰ মতে এই ছবিখনে মুক্তিৰ প্ৰথম দিনাই ১০০ কোটি টকা অতিক্ৰম কৰিব। চোৱা যাওক ‘পুস্পা ২’য়ে কি ধুমুহাৰ সৃষ্টি কৰে।

Recent News

এটা দশকৰ পাছত সলনি হ’ব গুগলৰ ল’গ’! কি তাৎপৰ্য বহন কৰে এই পৰিৱৰ্তনে?

এটা দশকৰ পাছত সলনি হ’ব গুগলৰ ল’গ’! কি তাৎপৰ্য বহন কৰে এই পৰিৱৰ্তনে?

বস্তিৰ পৰা সুপ্ৰিম কোৰ্টলৈ প্ৰেৰণাদায়ক যাত্ৰা: দেশৰ ৫২তম মুখ্য ন্যায়াধীশ ৰূপে শপত গ্ৰহণ ভূষণ ৰামকৃষ্ণ গাভাইৰ

বস্তিৰ পৰা সুপ্ৰিম কোৰ্টলৈ প্ৰেৰণাদায়ক যাত্ৰা: দেশৰ ৫২তম মুখ্য ন্যায়াধীশ ৰূপে শপত গ্ৰহণ ভূষণ ৰামকৃষ্ণ গাভাইৰ

অপাৰেশ্যন সিন্দুৰ সম্পৰ্কে ভুল তথ্য প্ৰচাৰ কৰাৰ বাবে চীনৰ দুটাকৈ এক্স হেণ্ডেল নিষিদ্ধ কৰিলে ভাৰতে

অপাৰেশ্যন সিন্দুৰ সম্পৰ্কে ভুল তথ্য প্ৰচাৰ কৰাৰ বাবে চীনৰ দুটাকৈ এক্স হেণ্ডেল নিষিদ্ধ কৰিলে ভাৰতে

পত্নী আৰু পত্নীৰ প্ৰেমিকে হত্যা কৰিলে প্ৰাক্তন সেনা বিষয়াক : শৰীৰটো ৬ টা টুকুৰাত বিভক্ত কৰি সিচিলে চহৰৰ বিভিন্ন প্ৰান্তত

পত্নী আৰু পত্নীৰ প্ৰেমিকে হত্যা কৰিলে প্ৰাক্তন সেনা বিষয়াক : শৰীৰটো ৬ টা টুকুৰাত বিভক্ত কৰি সিচিলে চহৰৰ বিভিন্ন প্ৰান্তত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd