চুম্মা… চুম্মা দিয়ানা! পত্নীক খেলপথাৰতে চুমা খালে মুম্বাই ইণ্ডিয়ানছৰ এইগৰাকী তাৰকাই, চাওক!

আইপিএলৰ মেচসমূহৰ চেলিব্ৰেচনসমূহে দৃষ্টি আকৰ্ষণ কৰি আহিছে দৰ্শকসকলৰ।

উইকেট লাভ কৰাৰ পাছত অথবা মেচ বিজয়ী হোৱাৰ পাছত ক্ৰিকেটাৰসকলে বিভিন্ন ধৰণে আনন্দ উল্লাস কৰি দৰ্শকসকলক আমোদ প্ৰদান কৰি আহিছে।

কিন্তু এইক্ষেত্ৰত ব্যতিক্ৰম মুম্বাই ইণ্ডিয়ানছৰ তাৰকা সূৰ্যকুমাৰ যাদৱ।

সকলোকে চেৰাই গৈ তেওঁ খেলপথাৰত অৱতীৰ্ণ হৈ থকা অৱস্থাতে নিজৰ পত্নী দেৱিশা চেট্টীৰ গালত চুমা যাচে।

ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে মুম্বাই ইণ্ডিয়ানছৰ খেলা চাবলৈ দিল্লীৰ ফিৰোজ শ্বাহ কোটলা ষ্টেডিয়ামত উপস্থিত আছিল দেৱিশা।

মেচখনত মুম্বাই ইণ্ডিয়ানছ বিজয়ী হয় আৰু বিজয়ৰ ক্ষণটোত পত্নী দেৱিশাৰ সমুখলৈ আগুৱাই যায় সূৰ্যকুমাৰ।

তাৰপাছতে দেৱিশাৰ গালত চুমা আঁকি দিয়ে।

চুমা যচাৰ পদ্ধতিটো আছিল অভিনৱ।

শাৰিৰীক দূৰত্ব মানিয়ে সূৰ্যকুমাৰে দেৱিশাক চুমা খায়।

তেওঁলোকৰ মাজত আছিল কাঁচৰ এখন দেৱাল।

ইনষ্টাগ্ৰামত এই ৰোমাণ্টিক ছৱিখন শ্বেয়াৰ কৰে ভাৰতৰ প্ৰাক্তন তাৰকা জাহিৰ খানৰ পত্নী সাগৰিকা ঘটগেই।

তাৰ পাছতে সামাজিক মাধ্যমত ই ভাইৰেল হৈ পৰে।

উল্লেখযোগ্য যে ২০১৬ চনত দেৱিশাৰ স’তে বিবাহপাশত আৱদ্ধ হৈছিল মুম্বাই ইণ্ডিয়ানছৰ তাৰকা বেটছমেন সূৰ্যকুমাৰ।

আনহাতে, কৰোণা মহামাৰিৰ বাবে আইপিএলৰ মেচসমূহত ষ্টেডিয়ামত দৰ্শক নাই যদিও ক্ৰিকেটাৰসকলৰ পৰিয়ালৰ উপস্থিতিৰ অনুমতি প্ৰদান কৰা হৈছে।