আঘাত: শ্ৰীলঙ্কাৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ পৰা বাহিৰ সূৰ্য কুমাৰ যাদৱ

Suryakumar Yadav

বৃহস্পতিবাৰৰ পৰা শ্ৰীলঙ্কাৰ বিৰুদ্ধে আৰম্ভ হ’বলগীয়া টি-২০ শৃংখলাৰ পূৰ্বে আঘাতৰ সমস্যাই জুৰুলা কৰিছে ভাৰতীয় শিবিৰক। হেমষ্টিঙৰ আঘাতৰ বাবে দীপক চাহাৰ শৃংখলাৰ পৰা বাহিৰ হোৱাৰ পিছত এইবাৰ সূৰ্য কুমাৰ যাদৱো আঘাতৰ বাবে বাহিৰ হৈছে।

মঙলবাৰে লক্ষ্ণৌত ভাৰতীয় দলৰ অনুশীলনত সূৰ্য কুমাৰ যাদৱে ভাগ লৈছিল যদিও শেহতীয়াকৈ ক্ৰিকবাজে প্ৰকাশ কৰা অনুসৰি বেটাৰজনৰ হাতত হেয়াৰলাইন ফ্ৰেকচাৰ হৈছে আৰু শৃংখলাৰ পৰা বাহিৰ হৈছে।

যোৱা ২০ ফেব্ৰুৱাৰীত ইডেনত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে তৃতীয় টি-২০ ত ফিল্ডিং কৰোঁতে যাদৱ আঘাতপ্ৰাপ্ত হৈছিল।এই আঘাতৰ বাবেই বেটাৰগৰাকী শৃংখলাৰ পৰা বাহিৰ হ’বলগীয়া হৈছে বুলি সন্দেহ কৰা হৈছে।

সূৰ্যকুমাৰ দলৰ পৰা বাদ পৰিব লগীয়া হোৱাটো ভাৰতীয় দলৰ বাবে এক মোক্ষম আঘাত হিচাপে বিবেচিত হৈছে। শেহতীয়াকৈ দুৰ্দ্দান্ত ফৰ্মত থকা যাদৱ ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে টি-২০ শৃংখলাত প্লেয়াৰ অফ দ্য চিৰিজ হিচাপে বিবেচিত হৈছিল।

উল্লেখ্য শ্ৰীলঙ্কাৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ পৰা বাহিৰ হোৱা যাদৱ দ্বিতীয়গৰাকী ভাৰতীয় খেলুৱৈ।ইয়াৰ পূৰ্বে পেচাৰ দীপক চাহাৰ হেমষ্টিঙৰ আঘাতৰ বাবে দলৰ পৰা বাহিৰ হৈছিল।

কলকাতাত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে তৃতীয় টি-২০ ত হেমষ্ট্ৰিঙৰ আঘাতৰ বাবে আধাতে খেলপথাৰ ত্যাগ কৰিছিল চাহাৰে।