NORTHEAST NOW (Assamese)

সুশান্ত সিং ৰাজপুতৰ মৃত্যু: ৰিয়া চক্ৰবৰ্তীৰ ভায়েক শৌৱিকক গ্ৰেপ্তাৰ

September 4, 2020 11:27 pm · এন ই নাও নিউজ

নাৰ্ক’টিকছ কণ্ট্ৰল ব্যুৰ’ই ড্ৰাগছজনিত অভিযোগত ৰিয়া চক্ৰবৰ্তীৰ ভায়েক শৌৱিক আৰু সুশান্ত সিং ৰাজপুতৰ হাউছকিপিং মেনেজাৰ চেমুৱেল মিৰাণ্ডাক শুকুৰবাৰে গ্ৰেপ্তাৰ কৰিছে।

অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ ড্ৰাগছজনিত দিশটো এন চি বিয়ে তদন্ত কৰি আছে।

আজি দিনৰ আগবেলা এন চি বিয়ে দুয়োৰে ঘৰত তালাচী চলাইছিল।

এই তালাচী পদ্ধতিগত ব্যৱস্থা বুলি এন চি বিৰ বিষয়াই সংবাদ মাধ্যমক কৈছিল।

গোচৰটো সন্দৰ্ভত এন চি বিয়ে এতিয়ালৈকে মুম্বাইৰ দুগৰাকী ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিছে আৰু এজনক আটক কৰিছে।

ইতিপূৰ্বে গ্ৰেপ্তাৰ কৰা দুজনক জেইদ বিলাত্ৰা আৰু এডবেল বাচিত পাৰিহৰ বুলি চিনাক্ত কৰা হৈছে।

আটক কৰা আনগৰাকী ব্যক্তিকো এন চি বিয়ে জেৰা চলাই আছে।

Related News