বলিউদৰ জনপ্ৰিয় অভিনেতা সুশান্ত সিং ৰাজপুটৰ আত্মহত্যা

sushant-singh-rajput-7592

বলিউদৰ জনপ্ৰিয় অভিনেতা সুশান্ত সিং ৰাজপুটে আত্মহত্যা কৰিছে।

বিহাৰৰ পুৰ্ণিয়াৰ পৰা গৈ মায়ানগৰী বলিউদত নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱা সুশান্তে মুম্বাইৰ বান্দ্ৰাস্থিত নিজা বাসগৃহত আত্মহত্যা কৰিছে।

সৰু পৰ্দাৰ পৰা চলচ্চিত্ৰ জগতত ভৰি দিয়া সুশান্ত সিং ৰাজপুটে কিয় আত্মহত্যা কৰিছে সেয়া এতিয়াও জানিব পৰা হোৱা নাই।

চিলিং ফেনত ওলমি থকা অৱস্থাত ৰাজপুটৰ মৃতদেহটো প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে সুশান্ত সিং ৰাজপুটৰ ঘৰুৱা লগোৱাজনে।

আত্মহত্যা কৰাৰ সময়ত ৰাজপুটৰ বয়স মাত্ৰ ৩৪ বছৰ হৈছিল।

উল্লেখ্য যে, ‘কাই পু চে!’ নামৰ ছবিখনেৰে বলিউদত আত্মপ্ৰকাশ কৰা সুশান্ত সিং ৰাজপুটৰ প্ৰাক্তন মেনেজাৰ দীশা ছাইলানে কিছুদিনৰ পূৰ্বে আত্মহত্যা কৰিছিল।

একতা কাপুৰৰ জনপ্ৰিয় ধাৰাবাহিক ‘পবিত্ৰ ৰিস্তা’ত অভিনয় কৰাৰ পিছতে বলিউদৰ ডাঙৰ পৰ্দাত অভিনয় কৰাৰ সুযোগ লাভ কৰিছিল সুশান্ত সিং ৰাজপুটে।

চেতন ভগতৰ জনপ্ৰিয় উপন্যাস ‘থ্ৰী মিছটেকছ অৱ মাই লাইফ’ৰ আধাৰত নিৰ্মিত ছবি ‘কাই পু চে!’ৰ যোগেদি বলিউদত প্ৰৱেশ কৰা সুশান্ত সিং ৰাজপুটে কেবাখনো ছবিৰে নিজৰ অভিনয় প্ৰতিভাৰ পৰিচয় দিয়াৰ লগতে জনপ্ৰিয়তা লাভ কৰিছিল।

ভাৰতীয় জাতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীৰ বায়’পিক ‘এম এছ ধোনী: দ্য আনটল্ড ষ্টৰী’, আমিৰ খানৰ সৈতে ‘পি.কে’, ‘কেদাৰনাথ’, ‘চঞ্চিৰিয়া’, ‘চিচ’ৰে’ আদি বলিউদৰ ছবিত অভিনয় কৰিছিল সুশান্ত সিং ৰাজপুটে।

ইতিমধ্যে বান্দ্ৰা আৰক্ষীয়ে ৰাজপুটৰ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।

আৰক্ষীৰ তদন্তৰ পিছতে সুশান্ত সিং ৰাজপুটৰ আত্মহত্যাৰ কাৰণ জানিব পৰা যাব আৰক্ষীয়ে প্ৰকাশ কৰিছে।

সুশান্ত সিং ৰাজপুটৰ আত্মহত্যাৰ খবৰ বিয়পি পৰাৰ লগে লগে বলিউদত শোকৰ ছাঁ পৰিছে আৰু বলিউদৰ শিল্পীসকলে চ’ছিয়েল মিডিয়াৰযোগে শোক প্ৰকাশ কৰিছে।