অনুৰাগীৰ মনৰ কামনা পূৰণ কৰি বন্যাৰ্তৰ বাবে ১ কোটি টকা দান কৰিছিল সুশান্ত সিং ৰাজপুতে

sushant-singh-wedding-1592142216

সুশান্ত সিং ৰাজপুত

দেওবাৰে বলীউদৰ অতি আদৰৰ ৩৪ বছৰীয়া অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ বাতৰি প্ৰকাশ পোৱাৰ পাছতে গোটেই দেশ শোকস্তব্ধ হৈ পৰিছে।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও অভিনেতাগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰি টুইট কৰে।

তেওঁৰ সেই টুইটাৰ কমেন্টত এগৰাকী য়ুজাৰে কেৰেলাৰ বানপানীৰ সময়ৰ ঘটনাটোৰ কথা স্মৰণ কৰি সুশান্ত আৰু এগৰাকী অনুৰাগীৰ প’ষ্টৰ স্ক্ৰীণশ্বটো শ্বেয়াৰ কৰে।

২০১৮ চনৰ কেৰেলাৰ ভয়ংকৰ বানপানীৰ কথা কোনে নাজানে। গোটেই ৰাজ্যখনকে বিধ্বস্ত কৰি তোলা সেই বানপানীৰ সময়ছোৱাত যিয়ে যেনেকৈ পাৰে সাহায্য আগবঢ়াইছিল।

সেই সময়তে সুশান্তৰ এগৰাকী অনুৰাগী ইনষ্টাগ্ৰাম য়ুজাৰে জনাইছিল যে তেওঁৰ হাতত টকা নাই। তেওঁ দুৰ্গতসকলক খাদ্য সামগ্ৰী দি সহায় কৰিব বিচাৰে।

অনুৰাগীৰ এই কথাই সুশান্তৰ মন চুই যায় আৰু তেওঁৰ হৈ সুশান্তই কেৰেলাৰ বিপৰ্যস্ত সকলৰ বাবে ১ কোটি টকা দান কৰাৰ কথা ঘোষণা কৰে।

সুশান্তই তেওঁৰ কথা ৰাখি মুখ্য মন্ত্ৰীৰ সাহায্য পুঁজিলৈ ১কোটি টকা দান কৰিছিল।

কেদাৰনাথৰ অভিনেতাগৰাকীয়ে টুইটাৰ লিথিছিল,‘’মোৰ বন্ধু, তুমি যি কৰিব বিচাৰিছিলা, প্ৰতিশ্ৰুতি অনুসৰি সেই কাম হৈ গৈছে। তোমাৰ কাৰণেই মই এই কাম কৰিছো। সেয়েহে তুমি নিজৰ ওপৰত গৌৰৱান্বিত হোৱা। একেবাৰে প্ৰয়োজনৰ সময়তে তুমি এই কামটো কৰিছা।‘’

অভিনেতাগৰাকীৰ মৃত্যুৰ পাছত শোকপ্ৰকাশ কৰি সেই কথা স্মৰণ কৰিছে কেৰেলাৰ মুখ্য মন্ত্ৰী পিনাৰাই বিজয়নেও।

সুশান্ত ছচিয়েল মিডিয়াতো সক্ৰিয় আছিল। অনুৰাগীৰ বহু কমেন্টৰ উত্তৰো দিছিল অভিনেতাগৰাকীয়ে।

সুদৰ্শণ এই সমাজ সচেতন অভিনেতাগৰাকীৰ আত্মাৰ সদ্গতি কামনা কৰি দেশৰ লক্ষ লক্ষ অনুৰাগীয়ে নিজৰ শোক প্ৰকাশ কৰিছে।