• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সুষমা স্বৰাজৰ কন্যাৰ ৰাজনীতিত পদাৰ্পণ; দিল্লী বিজেপিৰ আইনী কোষৰ গুৰু দায়িত্বত বাঞ্চুৰী স্বৰাজ

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
March 27, 2023 10:40 am
বাঞ্চুৰী স্বৰাজ। ফটো: সংগ্ৰিহীত।

বাঞ্চুৰী স্বৰাজ। ফটো: সংগ্ৰিহীত।

203
VIEWS
Share on FacebookShare on Twitter

প্ৰয়াত কেন্দ্ৰীয় মন্ত্ৰী আৰু বিজেপি নেত্ৰী সুষমা স্বৰাজৰ কন্যা বাঞ্চুৰী স্বৰাজ সক্ৰিয়  ৰাজনীতিত জড়িত হৈ পৰিল। তেওঁক দিল্লী বিজেপিৰ আইনী কোষৰ সহ-আহ্বায়কৰ দায়িত্ব দিয়া হৈছে। ৰাজনৈতিক বিশেষজ্ঞসকলৰ মতে, বিজেপিয়ে সুষমা স্বৰাজৰ কন্যাক ৰাজনীতিত প্ৰৱেশ কৰাৰ পথ প্ৰশস্ত কৰিছে।

বাঞ্চুৰী স্বৰাজ বৰ্তমান উচ্চতম ন্যায়ালয়ৰ অধিবক্তা। বীৰেন্দ্ৰ সচদেৱে দিল্লী বিজেপিৰ পূৰ্ণ-সময়ৰ ৰাজ্যিক সভাপতি হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পিছত বাঞ্চুৰীৰ ৰাজ্যিক গোটত প্ৰথম নিযুক্তি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে।

লগতে পঢ়ক: Fact Check: ফোনত বিনামূলীয়াকৈ ২৩৯ টকাৰ ৰিচাৰ্জ দিছে মোডী চৰকাৰে! দৰাচলতে ভুৱা মেচেজ…

শুকুৰবাৰে, বাঞ্চুৰী স্বৰাজক দায়িত্ব ল’বলৈ আহ্বান জনোৱা হৈছিল। তেওঁ পিছত সেইটো স্বীকাৰ কৰিছে। তেওঁ কৈছিল যে তেওঁ আইনী বিষয়ত বিজেপিক সহায় কৰিব। বাঞ্চুৰীয়ে কয়, “এয়া সঁচা যে মোক আনুষ্ঠানিকভাৱে দিল্লী বিজেপিৰ আইন বিভাগৰ সহ-আহ্বায়কৰ দায়িত্ব দিয়া হৈছে। ইয়াৰ জৰিয়তে মই দলটোক সেৱা আগবঢ়োৱাৰ সুযোগ পাম।‘’

তেওঁ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু অন্যান্য শীৰ্ষ বিজেপি নেতাসকলকো ধন্যবাদ জনাইছে। তেওঁ কয় যে তেওঁ এই সুযোগ দিয়াৰ বাবে কৃতজ্ঞ।

দিল্লী বিজেপিয়ে জাৰি কৰা এক বিবৃতিত কোৱা হৈছে যে বাঞ্চুৰী স্বৰাজ ২০০৭ চনত দিল্লীৰ বাৰ কাউন্সিলৰ সৈতে জড়িত হৈছিল। তেওঁ ১৬ বছৰ ধৰি ওকালতি বৃত্তিৰ সৈতে জড়িত হৈ আছে।

লগতে পঢ়ক: সুৰক্ষিত নহয় ৰাষ্ট্ৰীয় প্ৰতীক! দেশখনত ৫০ লাখ কেংগাৰু হত্যা কৰিব অষ্ট্ৰেলিয়াৰ চৰকাৰে

ইংৰাজী সাহিত্যত স্নাতক বাঞ্চুৰীয়ে ৱাৰউইক বিশ্ববিদ্যালয়ৰ পৰা স্নাতক পৰ্যায়ৰ অধ্যয়ন সমাপ্ত কৰিছিল। তেওঁ লণ্ডনৰ বিপিপি-ল স্কুলত আইন অধ্যয়ন কৰিছিল। তেওঁ আইনত বেৰিষ্টাৰ হিচাপে যোগ্যতা অৰ্জন কৰিছিল। তাৰ পিছত তেওঁ অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ ছেইণ্ট কেথেৰিন কলেজৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰে।

I am grateful to the Hon'ble PM @narendramodi ji, @AmitShah ji, @JPNadda ji, @blsanthosh ji, @Virend_Sachdeva ji, @BJP4Delhi and @BJP4India for giving me this opportunity to serve the party as the state co-convenor of the Bharatiya Janata Party Delhi State Legal Cell. pic.twitter.com/ItS4to99hn

— Bansuri Swaraj (@BansuriSwaraj) March 26, 2023

সুষমা স্বৰাজ আৰু তেওঁৰ স্বামী স্বৰাজ কৌশলৰ কন্যা বাঞ্চুৰী স্বৰাজ। দেউতাক আৰু মাক দুয়োজনে এটা সময়ত আইন অধ্যয়ন কৰিছিল। ৰাজনীতিৰ সৈতে দুয়োৰে ঘনিষ্ঠ সম্পৰ্ক আছিল। সুষমা স্বৰাজৰ দৰে তেওঁৰ স্বামী স্বৰাজ কৌশলো এগৰাকী কেন্দ্ৰীয় মন্ত্ৰী আছিল। তেওঁ মিজোৰামৰ ৰাজ্যপাল হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।

লগতে পঢ়ক:WPL 2023 Final: মহিলা প্ৰিমিয়াৰ লীগৰ ৰুদ্ধশ্বাস ফাইনেলত দিল্লীক পৰাস্ত কৰি চেম্পিয়ন মুম্বাই

স্বৰাজ কৌশল বৰ্তমান দিল্লীৰ এজন প্ৰখ্যাত অপৰাধ বিষয়ক অধিবক্তা। তেওঁলোকৰ একমাত্ৰ কন্যা বাঞ্চুৰী স্বৰাজেও তেওঁৰ পিতৃ আৰু মাতৃয়ে দেখুওৱা পথেৰেই যাত্ৰা আৰম্ভ কৰিছে।

Recent News

‘অপাৰেশ্যন সিন্দূৰ’ সন্দৰ্ভত আপত্তিজনক ৱাটছএপ ষ্টেটাছ! নিলম্বিত হ’ল মহাবিদ্যালয়ৰ অধ্যাপিকা

‘অপাৰেশ্যন সিন্দূৰ’ সন্দৰ্ভত আপত্তিজনক ৱাটছএপ ষ্টেটাছ! নিলম্বিত হ’ল মহাবিদ্যালয়ৰ অধ্যাপিকা

যুদ্ধৰ পৰিস্থিতিত জৰুৰীকালীন ক্ষমতা প্ৰয়োগ কৰিবলৈ ৰাজ্যসমূহলৈ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ

যুদ্ধৰ পৰিস্থিতিত জৰুৰীকালীন ক্ষমতা প্ৰয়োগ কৰিবলৈ ৰাজ্যসমূহলৈ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ

কেন্দ্ৰীয় চৰকাৰে বন্ধ কৰি দিলে স্বতন্ত্ৰ নিউজ পৰ্টেল ‘দ্য ৱায়াৰ’ : সাংবিধানিক স্বাধীনতা ভংগ কৰাৰ অভিযোগ

কেন্দ্ৰীয় চৰকাৰে বন্ধ কৰি দিলে স্বতন্ত্ৰ নিউজ পৰ্টেল ‘দ্য ৱায়াৰ’ : সাংবিধানিক স্বাধীনতা ভংগ কৰাৰ অভিযোগ

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd