দাবী কৰা ধন নাপাই ঠিকাদাৰৰ গাড়ীলৈ ক্ষুব্ধ উগ্ৰপন্থীৰ গুলীচালনা

Untitled

ফটো : নৰ্থ-ইষ্ট নাও

দাবী কৰা ধন নোপোৱাৰ কাৰণেই সন্দেহযুক্ত উগ্ৰপন্থী সংগঠন ডি এন এল এৰ এটা দলে বহিৰাগত ঠিকাদাৰী সংস্থাক গুলীওৱাৰ ঘটনাই পাহাৰীয়া জিলা ডিমা হাচাওত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

জিলাখনৰ মাইবাং মহকুমাৰ অন্তৰ্গত লাংটিঙৰ মাইলু গাঁৱৰ ওচৰত এই ঘটনা সংঘটিত হয়। অৱশ্যে এই ঘটনাত কোনো লোক হতাহত হোৱা নাই।

প্ৰধান মন্ত্ৰী গ্ৰামীণ সড়ক যোজনা আঁচনিৰ অধীনত পথ নিৰ্মাণৰ কামত নিয়োজিত থকা ঠিকাদাৰী সংস্থাটোৰ অস্থায়ী কাৰ্যালয় আৰু যান-বাহনক লক্ষ্য কৰি উগ্ৰপন্থী গোটটোৱে গুলীচালনা  কৰিছিল।

উগ্ৰপন্থীৰ গুলীচালনাত কথমপি প্ৰাণ ৰক্ষা পৰে নিৰ্মাণ সংস্থাৰ কৰ্মচাৰী-বিষয়ববীয়াসকলৰ।

ঘটনাৰ খবৰ পোৱাৰ লগে লগে ডিমা হাচাও জিলাৰ আৰক্ষী অধীক্ষক বীৰ বিক্ৰম গগৈ ঘটনা স্থলীলৈ ৰাওনা হয় আৰু ঘটনাৰ বুজ লয়।

এই গুলীচালনাৰ ঘটনাৰ আঁৰত সন্দেহযুক্ত ‘ডিমাছা নেশ্যনেল লিবাৰেচন আৰ্মী’ চমুকৈ ডি এন এল এ জড়িত থকাৰ বিষয়ে সন্দেহ ব্যক্ত কৰিছে ডিমা হাচাও আৰক্ষীয়ে।

লাংটিঙ আৰক্ষীয়ে দিয়া তথ্য অনুসৰি সন্দেহযুক্ত উগ্ৰপন্থী গোটৰ সশস্ত্ৰ সদস্য সকলে লাংটিঙ-মাইলু পি এম জি এছ ৱাই পথ নিৰ্মাণৰ কামত নিয়োজিত ঠিকাদাৰী সংস্থাক টাৰ্গেত হিচাপে লৈ আক্ৰমণ চলায়।

ঘটনাস্থলৰ পৰা আৰক্ষীয়ে একে ৪৭ ৰাইফলৰ খালি কাৰ্তিজ উদ্ধাৰ কৰে।

ইফালে গুলী চালনাৰ ঘটনাত ঠিকাদাৰী সংস্থাৰ এখন মিনি ট্ৰাক সামান্য পৰিমানে ক্ষতিগ্ৰস্ত হয়।

উল্লেখনীয় যে মাইবাং মহকুমাৰ মাইবাং, কালাচান্দ, লাংটিঙ, হাতিখালী আৰু মান্দাৰদিচাত যোৱা কেইবা মাহ ধৰি সন্দেহ যুক্ত উগ্ৰপন্থী গোটৰ বলপূৰ্বক ধন দাবীৰ ঘটনা বৃদ্ধি পাই আহিছে।