তিনিচুকীয়াৰ ধলাত অপ্ৰৰোচিত গুলীবৰ্ষণ, নিহত ৫জন; আলফা (স্বাঃ) জড়িতৰ সন্দেহ

dhola massacre

তিনিচুকীয়াৰ ধলা গণহত্যাত নিহতসকলৰ ছবি। নৰ্থ ইষ্ট নাও।

তিনিচুকীয়া জিলাৰ শদিয়াৰ ধলা চৈখোৱা খেৰবাৰী ঘাটত বৃহস্পতিবাৰে সন্ধিয়া প্ৰায় ৯ বজাত অচিনাক্ত বন্দুকধাৰীৰ অপ্ৰৰোচিত গুলীচালনাত ৫ জন লোক ঘটনাস্থলীতে নিহত হৈছে।

ঘটনাটোত নিহত লোককেইজন অনন্ত নমসূদ্ৰ, অবিনাশ নমসূদ্ৰ, সুবল দাস, ধনাই নমসূদ্ৰ আৰু শ্যামল বিশ্বাস। আক্ৰমণটোত আহত লোকৰ সংখ্যা এতিয়াও নিৰ্দিষ্ট কৰিব পৰা হোৱা নাই।

“ধলা আৰক্ষী থানাৰ অন্তৰ্গত খেৰবাৰী গাঁৱৰ এখন ধাবাত চাৰিজন যুৱকে লুডু খেলি আছিল। তেনে সময়তে আলফা (স্বাঃ) বুলি সন্দেহ কৰা মটৰ চাইকেলত অহা বন্দুকধাৰীয়ে লোকসকলৰ ওপৰত চলোৱা গুলীত আটাইকেইজন যুৱকেই মৃত্যু মুখত পৰে,” জনাইছে তিনিচুকীয়াৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰশান্ত সোণোৱালে।

আৰক্ষী বিষয়াজনে ৪ জন ব্যক্তি নিহত হোৱা বুলি জনাইছিল যদিও পিছত গুৰুতৰভাৱে আঘাত পোৱা আন এজনৰো মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে ঘটনাটোত আলফা (স্বাঃ) জড়িত থকাৰ সন্দেহ কৰিছে। ঘটনাস্থলীত ইতিমধ্যে সেনা-আৰক্ষীৰ এক বৃহৎ দল গৈ উপস্থিত হৈছে।

আলফা (স্বাঃ)এ এতিয়ালৈকে ঘটনাটোৰ দায়িত্ব স্বীকাৰ কৰা নাই। উপ আৰক্ষী অধীক্ষকৰ নেতৃত্বত ইতিমধ্যে অঞ্চলটোত অভিযান আৰম্ভ কৰা হৈছে বুলি জানিব পৰা গৈছে। গুলীচালনাৰ ঘটনাটোৱে সমগ্ৰ তিনিচুকীয়া জিলাখনতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। মৃতকৰ সংখ্যা বৃদ্ধি হোৱাৰ আশংকা কৰা হৈছে।

তিনিচুকীয়াৰ ধলাত বৃহস্পতিবাৰে সন্ধিয়া অপ্ৰৰোচিত গুলীচালনাৰ ঘটনাৰ সৰ্বাত্মক নিন্দা কৰিছে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে সকলো দল-সংগঠনে।

গুলীচালনাৰ ঘটনাক তীব্ৰ গৰিহণা দিছে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। ঘটনাস্থলীলৈ যাবলৈ মন্ত্ৰী কেশৱ মহন্ত আৰু তপন গগৈক নিৰ্দেশ দিয়াৰ লগতে আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়া আৰু অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান মুকেশ আগৰৱালাক জৰুৰীভাৱে গৈ পৰিস্থিতিৰ মোকাবিলা কৰাৰ বাবে নিৰ্দেশ দিছে।

অপৰাধীক কঠোৰ হাতেৰে দমন কৰাৰ লগতে ৰাজ্যৰ সকলো উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক সস্তম হৈ থকাৰ বাবেও মুখ্য মন্ত্ৰীয়ে নিৰ্দেশ দিছে।

অসম সাহিত্য সভা, কৃষক মুক্তি সংগ্ৰাম সমিতি, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, কংগ্ৰেছ, এ আই ইউ দি এফ, জাতীয়তাবাদ পুনৰ নিৰ্মাণ সমিতি, আমছু, সদৌ বি টি চি বেংগলি যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিক্ৰিয়া ইতিমধ্যে আমাৰ হাতত আহি পৰিছে।

এনে হত্যালীলাৰ পৰা বিৰত থাকিবলৈ সংশ্লিষ্ট পক্ষক সকীয়নি দি সকলোকে শান্তি-সম্প্ৰীতি অটুট ৰাখিবলৈ আহ্বান জনাইছে সাহিত্য সভাৰ সভাপতি ৰাজবংশীয়ে।

প্ৰদেশ কংগ্ৰেছ সভাপতি ৰিপুন বৰায়ো ঘটনাটোৰ গৰিহণা দিছে।

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈয়ে ঘটনাৰ তীব্ৰ নিন্দা কৰি তৎকালে দোষীক কৰায়ত্ত কৰাৰ বাবে চৰকাৰক দাবী জনাইছে।

জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমায়ে ঘটনাটোৰ গৰিহণা দিয়াৰ লগতে সকলোকে সংযত হৈ থকাৰ বাবে পূৰ্বৰে পৰা সংগঠনটোৱে জনোৱা আহ্বান পুনৰ দোহাৰে।

আনহাতে নিৰীহৰ প্ৰাণেৰে কোনো সমস্যা সমাধান নহয় বুলি মন্তব্য কৰি এ আই ইউ দি এফৰ সাধাৰণ সম্পাদক আমিনুল ইছলামে সকলোকে শান্তি-সম্প্ৰীতি অটুট ৰাখিবলৈ আহ্বান জনাইছে।

বেংগলি যুৱ ছাত্ৰ পৰিষদে ঘটনাৰ দোষীক শাস্তি দিয়াৰ লগতে মৃতকৰ পৰিয়াললৈ ১০ লাখকৈ টকাৰ ক্ষতিপূৰণ দাবী কৰিছে।