ডাইনীৰ সন্দেহত চিৰাঙত দুই ফৈদৰ সংঘৰ্ষ, আহত ৪ ব্যক্তি

witch craft

বিজ্ঞান প্ৰযুক্তিৰ উন্নয়নৰ পিছতো ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে ডাইনীৰ অন্ধবিশ্বাস।

ডাইনীৰ সন্দেহতে চিৰাং জিলাৰ ৰুণিখাটা আৰক্ষী চকীৰ অন্তৰ্গত ভূৰাবস্তিত সংঘটিত হ’ল এক ৰক্তাক্ত ঘটনা।

ভূৰাবস্তিত ডাইনীৰ সন্দেহত দুটা ফৈদৰ মাজত সংঘটিত সংঘৰ্ষত চাৰি গৰাকী লোক গুৰুতৰ ভাৱে আহত হৈছে।

আহত সকলৰ ভিতৰত দুগৰাকী মহিলাও আছে। ঘটনাৰ বিবৰণী অনুসৰি ভূৰা বস্তিৰ এজন লোক কিছুদিন ধৰি অসুস্থ হৈ আছিল। তেওঁৰ অসুস্থতাৰ বাবে এগৰাকী লোকক ডাইনী সজাই একাংশ গঞাই লোকজনৰ ঘৰত আক্ৰমণ কৰে।

ফলত দুটা ফৈদৰ মাজত ভয়ংকৰ সংঘৰ্ষ লাগে। সংঘৰ্ষত  লগেই বসুমতাৰী, তেওঁৰ মাতৃ গেন্দ্ৰী বসুমতাৰী,পৰমেশ্বৰ সূত্ৰধৰ আৰু তেওঁৰ পত্নী মঞ্জুলা সূত্ৰধৰ গুৰুতৰ ভাৱে আহত হয়।

আহত সকলৰ ভিতৰত গেন্দ্ৰী বসুমতাৰী আৰু মঞ্জুলা সূত্ৰধৰৰ অৱস্থা সংকটজনক হৈ পৰাত তেওঁলোকক ছিডলীৰ সামূহিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

এই ঘটনাই সমগ্ৰ অঞ্চলটোত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ পিচতে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

ইতিমধ্যে ঘটনা সন্দৰ্ভত পৰমেস্বৰ সূত্ৰধৰে আৰক্ষীৰ ওচৰত এখন এজাহাৰ দাখিল কৰিছে।

এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ভাৰতীয় দণ্ড বিধিৰ ১৪৩,৩২৫,৩৭৯,৩৭০,৩০৬ ধাৰাত ৫১/২০২০ নম্বৰৰ এটা গোচৰ ৰুজু কৰিছে।