NORTHEAST NOW (Assamese)

মিজোৰামত গাঁও সাজিছে অবৈধ বাংলাদেশী প্ৰব্ৰজনকাৰীয়ে

March 16, 2019 12:34 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ। উৎস-ইণ্টাৰনেট

অসমৰ লগতে চুবুৰীয়া ৰাজ্য মিজোৰামো বাংলাদেশী সমস্যাৰ গ্ৰাসত পৰিছে। মিজোৰাম বিধানসভাত উন্মোচিত হৈছে এই ভয়ংকৰ তথ্য। মিজোৰামৰ স্থানীয় প্ৰশাসনিক মন্ত্ৰী কে লালৰিনলিয়ানাই সদনত ৰাজ্যত অবৈধ বাংলাদেশীয়ে ১৬ খনকৈ গাঁও পাতিছে বুলি তথ্য দাঙি ধৰে।

আইজল, চামফাই আৰু মামিট জিলাত প্ৰয়োজনীয় নথিপত্ৰ নথকা সন্দেহযুক্ত বাংলাদেশী লোকে ৯ খন নতুন গাঁও পতাৰ কথা লালৰিনলিয়ানাই প্ৰকাশ কৰে। এই নতুন ৯ খন গাঁওৰ ভিতৰত আইজলত চাৰিখন, চাম্ফাই জিলাত তিনিখন আৰু ত্ৰিপুৰা সীমান্তৰ গাতে লাগি থকা মামিট জিলাত দুখন গাঁও অৱস্থিত।

আনহাতে, মিজোৰামৰ লুংলেই জিলাত বাংলাদেশী অবৈধ প্ৰব্ৰজনকাৰীসকলে ১৬ খন গাঁও স্থাপন কৰিছে বুলি মন্ত্ৰী গৰাকীয়ে বিধানসভাত উত্থাপন কৰে। জে পি এমৰ এগৰাকী বিধায়কৰ প্ৰশ্নৰ উত্তৰত এইদৰে বিস্ফোৰক তথ্য দাঙি ধৰে মিজোৰামৰ মন্ত্ৰী গৰাকীয়ে।

উল্লেখযোগ্য যে, নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰা মিজোৰামৰ লোকসকলে এখন বিদেশী মুক্ত ৰাজ্য গঢ়ি তোলাৰ বাবে চৰকাৰ প্ৰশাসনক আহ্বান জনাইছে।

Related News