NORTHEAST NOW (Assamese)

অসম ৰাইফলছৰ অভিযানত অস্ত্ৰ-শস্ত্ৰ সহ য়ুএনএলএফ বিদ্ৰোহী আটক

January 16, 2021 10:50 am · এন ই নাও নিউজ

অসম ৰাইফলছ আৰু মণিপুৰ আৰক্ষীৰ যুটীয়া অভিযানত বিষ্ণুপুৰ জিলাত এগাৰকী সন্দেহযুক্ত য়ুএনএলএফৰ কেডাৰক আটক কৰা হয়।

আটক হোৱা সন্দেহযুক্ত য়ুএনএলএফ বিদ্ৰোহী গৰাকী কে লংজিগবা বুলি চিনাক্ত কৰা হয়।

য়ুএনএলএফ কেডাৰ গৰাকীৰ সৈতে বন্দুক আৰু বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰীও উদ্ধাৰ কৰে অভিযানকাৰী দলটোৱে।

আনহাতে, গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত আন এগৰাকী বিদ্ৰোহী সদস্যই নিৰাপত্তাৰক্ষীৰ চকুত ধুলি দি পলায় যাবলৈ সক্ষম হয়।

আৰক্ষীৰ সূত্ৰত প্ৰকাশ পোৱা অনুসৰি আটক হোৱা কে লংজিগবা নামৰ কেডাৰ গৰাকীৰ পৰা এটা .৩২ পিষ্টল, এটা এম-২০ মেগজিন, এমুনিশ্যন আৰু দুটা ডিটেনেটৰৰ সৈতে বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰা হয়।

পৰৱৰ্তী সময়ত আটক হোৱা বিদ্ৰোহী গৰাকীক বিষ্ণপুৰ আৰক্ষীৰ হাতত গটাই দিয়া হয়।

আৰক্ষীয়ে ইতিমধ্যে আটক হোৱা বিদ্ৰোহী গৰাকীৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।

Related News