পুনৰ চৰ্চাত নিলম্বিত এ চি এছ বিষয়া বাৰ্বী হাজৰিকা; শিক্ষকৰ দৰমহা কেলেংকাৰীত সাঙোৰ খাইছে নাম

তদানীত্বন ভাৰপ্ৰাপ্ত শিক্ষা বিষয়া বাৰ্বি হাজৰিকা আৰু নীতি বহিৰ্ভুতভাৱে বিদ্যালয়ত অনুপস্থিত থকা শিক্ষয়িত্ৰী অৰিস্মিতা কলিতা।

বিদেশী ৰাষ্ট্ৰৰ প্ৰতিনিধিক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগত ৰাজ্যচৰকাৰে তৎকালীন ভাবে নিলম্বিত কৰা বাৰ্বী হাজৰিকা কলিয়াবৰত সহকাৰী আয়ুক্ত হিচাপে কৰ্মৰত থকাৰ সময়তে বহুকেইটা কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে।

কলিয়াবৰ শিক্ষাখণ্ডৰ অন্তৰ্গত মিছা ভূঞাপটি প্ৰাথমিক বিদ্যালয়ৰ  এগৰাকী টেট শিক্ষয়িত্ৰী ২০১৯ বৰ্ষৰ ১ আগষ্ট তাৰিখৰ পৰা বিদ্যালয়ত নীতি বহির্ভূতভাবে অনুপস্থিত থকা আৰু ছুটী মঞ্জুৰি নোহোৱাকৈ শিক্ষয়িত্ৰী গৰাকীয়ে দৰমহা আদায় লোৱা সন্দৰ্ভত সংঘটিত কেলেংকাৰীয়ে এতিয়া কঁপনি তুলিছে কলিয়াবৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া ও খণ্ড মিছন সমন্বয়কৰ কাৰ্যালয়ত।

২৪২ গৰাকী ছাত্র-ছাত্ৰীয়ে শিক্ষাগ্ৰহণ কৰা মিছা ভূঞাপটি প্ৰাথমিক বিদ্যালয়ৰ ৬টাকৈ শ্ৰেণীৰ বিপৰীতে আছে মুঠ ৩ গৰাকী শিক্ষয়িত্ৰী। ইয়াৰে এগৰাকী টেট শিক্ষয়িত্ৰী অৰিস্মিতা কলিতা ২০১৯ বৰ্ষৰ পহিলা আগষ্টৰ পৰা বৰ্তমানলৈকে বিদ্যালয়ত নীতিবহির্ভূতভাবে অনুপস্থিত থকাৰ অভিযোগ উত্থাপিত হৈছে।

কলিয়াবৰৰ তদানীন্তন সহকাৰী আয়ুক্ত তথা কলিয়াবৰ শিক্ষা খণ্ডৰ তদানীন্তন ভাৰপ্ৰাপ্ত শিক্ষা বিষয়া বাৰ্বী হাজৰিকাই স্বাক্ষৰ কৰা ১৮ জুন ২০১৯ বৰ্ষৰ এখন পত্রই পোহৰলৈ আনিছে এই ভয়ংকৰ তথ্য।

 অতিৰিক্ত উপায়ুক্ত তথা জিলা মিচন সমন্বয়কলৈ উল্লেখ কৰি লিখা এই পত্ৰখনত টেট শিক্ষয়িত্ৰী অৰিস্মিতা কলিতাৰ ছুটীৰ প্ৰস্তাৱ উল্লেখ কৰা হৈছিল। ১/৮/২০১৯ তাৰিখৰ পৰা ৪/৯/২০১৯ তাৰিখলৈকে আৰ্জিত ছুটী আৰু ৮/৯/২০১৯ তাৰিখৰ পৰা ৬/৩/২০২০ তাৰিখলৈকে প্ৰসৱকালীন ছুটীৰ প্ৰস্তাৱ দিছিল তদানীন্তন ভাৰপ্ৰাপ্ত খণ্ড প্ৰাথমিক শিক্ষা বিষয়া গৰাকীয়ে।

পূৰ্বৰ ৩৫ দিনৰ আৰ্জিত ছুটী মঞ্জুৰ নোহোৱাকৈ পুনৰ আন এক কাৰণত তদানীন্তন বিষয়া গৰাকীয়ে ছুটীৰ প্ৰস্তাৱ দিয়া, পৰবৰ্তী সময়ত প্ৰস্তাৱিত ১৭৫ দিনৰ ছুটীর সময়ৰ দৰমহা ৯৮,৭৮৮ টকা টেট শিক্ষয়িত্ৰী অৰিস্মিতা কলিতাই আদায় পোৱাৰ উপৰিও দৰমহা বিল, স্কুল ডাইছত বৰ্তমানে অৰিস্মিতা কলিতাৰ নাম উল্লেখ থকা কাৰ্যৰ অন্তৰালত গভীৰ ৰহস্য লুকাই থকা বুলি কলিয়াবৰত এতিয়া চৰ্চিত হৈছে।

অৱশ্যে শেহতীয়াকৈ দায়িত্বভাৰ লোৱা বৰ্তমানৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া নিলোৎজ্বল শৰ্মাই টেট শিক্ষয়িত্ৰী অৰিস্মিতা কলিতাৰ দৰমহা বন্ধ কৰি ৰখা হৈছে  বুলি সাংবাদিকক জানিব দিয়ে।

কণ কণ শিশু শিক্ষাৰ্থীৰ জীৱনক লৈ হেতালি খেলা টেট শিক্ষয়িত্ৰী অৰিস্মিতা কলিতাই এনে কি শক্তিৰ বলত শিক্ষা বিভাগক মেনেজ কৰি নীতি বহির্ভূতভাবে বিদ্যালয়ত অনুপস্থিত আছে তাৰ তদন্ত কৰি আইনগত ব্যৱস্থা লবলৈ সাহস হ’বনে ৰাজ্য চৰকাৰৰ লগতে শিক্ষা বিভাগৰ?