NORTHEAST NOW (Assamese)

ডবকাৰ আকাশী গংগাৰ ফ্লৰাইড আক্ৰান্তৰ মাজত বিনামূলীয়া চিকিৎসা শিবিৰ

October 26, 2018 5:38 pm · নিখিল মুন্দ্ৰা

ৰাষ্ট্ৰীয় মুখ স্বাস্থ্য কাৰ্যসূচীৰ অধীনত কাৰ্বি আংলং জিলাৰ সীমান্তৱৰ্তী হোজাই জিলাৰ ঐতিহ্যমণ্ডিত আকাশীগংগাৰ সমীপৰ নিজ পাৰখোৱা এল পি স্কুলত আজি এক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ আয়োজন কৰা হয়।

উল্লেখযোগ্য যে হোজাই জিলাৰ ঐতিহ্যমণ্ডিত আকাশীগংগাৰ কেইবাখনো গাঁৱৰ শিশুৰ পৰা বৃদ্ধলৈকে মাৰাত্মক ফ্ল’ৰছিচ ৰোগত আক্ৰান্ত হয়।

প্ৰাপ্ত তথ্য মতে এই গাঁওকেইখনৰ লোক সকলে সেৱন কৰা পানীত বহু পৰিমাণে ফ্লৰাইড থকাৰ বাবে লোকসকল বিভিন্ন ধৰণৰ ৰোগত আক্ৰান্ত হয়। ফলত বুহ লোকৰ অকালতে দাত সৰাৰ লগতে বহু লোকৰ মুখমণ্ডলত বিভিন্ন ধৰণৰ ৰোগে দেখা দিয়ে।

গতিকে আজি এই ৰোগ নিৰাময়ৰ উদ্দেশ্যে বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ আয়োজন কৰি অঞ্চলটোৰ কেইবাখনো বিদ্যালয়ৰ প্ৰায় ৩৫০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ মুখ স্বাস্থ্য পৰীক্ষা কৰি বিনামূলীয়াকৈ চিকিৎসা প্ৰদান কৰাৰ উপৰি ঔষধ, টুথ পেষ্ট, টুথ ব্ৰাছ বিতৰণ কৰা হয়।

ৰাষ্ট্ৰীয় মুখ স্বাস্থ্য কাৰ্যসূচীৰ অসম ৰাজ্যিক কোষৰ অতিৰিক্ত নডেল বিষয়া তথা আঞ্চলিক দন্ত চিকিৎসা মহাবিদ্যালয়ৰ অধ্যাপিকা ডাঃ ৰুবী কটকীৰ তত্বাৱধানত অনুষ্ঠিত হোৱা শিবিৰত আঞ্চলিক দন্ত মহাবিদ্যালয়ৰ কমিউনিটি আৰু পাব্লিক হেল্থ ডেন্টেষ্ট্ৰি বিভাগৰ এটি চিকিৎসকৰ দলে সেৱা আগবঢ়ায়।

সভাখনত নগাওঁ জিলাৰ দন্ত চিকিৎসক ডাঃ অতীন্দ্ৰ কুমাৰ দাস, ডাঃ সুমন দাস, ডাঃ জেনিফা উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীৰ ৰোগ পৰীক্ষা কৰে ৷ শিবিৰত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অন্তৰ্গত ৰাষ্ট্ৰীয় বাল স্বাস্থ্য কাৰ্যক্ৰমৰ বিষয়া পূৰ্ণিমা বৰা, পুষ্পাঞ্জলী বৰঠাকুৰ গোস্বামী আৰু অনিৰ্বান বৰঠাকুৰে যোগদান কৰে।

মন কৰিব লগীয়া যে আকাশীগংগাৰ তপতজুৰি অঞ্চলত চৰকাৰী হিচাপ মতে এক হাজাৰ লোক মাৰাত্মক ফ্ল’ৰছিচ ৰোগত আক্ৰান্ত হোৱাৰ সময়ত যমুনামুখ সমষ্টিৰ বিধায়ক আব্দুৰ ৰহিম আজমলৰ নীৰৱ ভূমিকা অঞ্চলবাসীয়ে সহজভাৱে ল’ব পৰা নাই।

Related News