NORTHEAST NOW (Assamese)

৩১ জানুৱাৰিৰ ভিতৰত চৰকাৰী সন্মান ঘূৰাই দিয়াৰ সিদ্ধান্ত ল’লে ছহিদ পৰিয়ালে

January 10, 2019 8:21 pm · এন ই নাও নিউজ

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬’ক লৈ অসমৰ বিভিন্ন দল-সংগঠনে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি থকাৰ সমান্তৰালভাৱে সদৌ অসম জাতীয় শ্বহীদ পৰিয়াল সমন্বয়ৰক্ষী পৰিষদে আজি এক সভাত অসম চৰকাৰে ২০১৬ চনৰ ১০ ডিচেম্বৰত ছহিদ পৰিয়াল সমূহক প্ৰদান কৰা মানপত্ৰ অহা ৩১ জানুৱাৰিৰ ভিতৰত অসম চৰকাৰক ঘূৰাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে।

উল্লেখযোগ্য যে অসম চৰকাৰে ২০১৬ চনৰ ১০ ডিচেম্বৰত ছহিদ দিৱসত অনুষ্ঠিত কৰা শ্ৰদ্ধাঞ্জলী অনুষ্ঠানত ছহিদ পৰিয়াল সমূহক মানপত্ৰ প্ৰদান কৰিছিল।

আজিৰ সভাতে প্ৰধান মন্ত্ৰী মোদীয়ে অসমৰ জনগণক মিছা প্ৰতিশ্ৰুতি দি বিদেশী বহিস্কাৰ কৰিম বুলি কৈ বিদেশীক স্বদেশী কৰাৰ কাৰ্যক পৰিষদে তীব্ৰ গৰিহণা দিয়ে। লগতে জাতি-মাটি-ভেটিৰ কথা কৈ ছহিদৰ ত্যাগক মূল্য দিয়াৰ পৰিৱৰ্তে বিদেশীক স্বদেশী কৰাৰ ষড়যন্ত্ৰকো পৰিষদে তীব্ৰ ভাষাৰে নিন্দা কৰি ভৱিষ্যতে অসমৰ জনগণৰ ওচৰত মিছা প্ৰলোভন নিদিবলৈ, ছহিদৰ নামত ৰাজনীতি নকৰিবলৈ পৰিষদে চৰকাৰক সকীয়াই দিয়ে।

Related News