• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

স্বপ্নীলৰ স্বপ্নপূৰণ! ইতিহাস ৰচনা কৰি পেৰিছ অলিম্পিকত শ্বুটিঙত লাভ কৰিলে ব্ৰঞ্জৰ পদক

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
August 1, 2024 2:25 pm
স্বপ্নীল কুছাল। ফটোঃ সংগ্ৰহীত।

স্বপ্নীল কুছাল। ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

স্বপ্নপূৰণ হল স্বপ্নীল কুছালৰ। পেৰিছত অনুষ্ঠিত অলিম্পিকত পুৰুষৰ ৫০ মিটাৰ ৰাইফল থ্ৰী পজিচনৰ ফাইনেলত ব্ৰঞ্জৰ পদক লাভ কৰি ইতিহাস ৰচনা কৰে ভাৰতীয় তাৰকাগৰাকীয়ে। কিয়নো ১৯৫২ চনত পুৰুষৰ ৫০ মিটাৰ ৰাইফল থ্ৰী পজিচন আৰম্ভ হোৱাৰ পিছত ভাৰতে প্ৰথমবাৰৰ বাবে পদক লাভ কৰিছে। আৰু সেই ঐতিহাসিক পদক বিজয়ৰ ফলস্বৰূপে পেৰিছত ভাৰতৰ পদকৰ সংখ্যা তিনিটালৈ বৃদ্ধি হ’ল৷

২৯ বছৰীয়া ভাৰতীয় শ্বুটাৰগৰাকীয়ে বৃহস্পতিবাৰে ফাইনেলত ভাল আৰম্ভণি কৰা নাছিল। প্ৰথম শ্বটৰ স্ক’ৰ আছিল ৯.৬। তাৰ পিছত অৱশ্যেই তেওঁ ভালেই কৰিলে। দ্বিতীয় ছিৰিজত এবাৰ ৯.৯ হিট কৰে। নীলিঙত বাকী থকা সকলো শ্বট আছিল ১০ৰ দশকত। ১৫টা শ্বট প্ৰোনেত ১০ৰ ওপৰত আছিল। কিন্তু ষ্টেণ্ডিংৰ আৰম্ভণি বেয়া হয়।

ফাইনেলত নীলিঙত স্বপ্নীলৰ স্ক’ৰ

* প্ৰথম ছিৰিজ: ৫০.৮। তেওঁ বেয়াকৈ আৰম্ভ কৰে। ৯.৬ স্কোৰ কৰে। বাকী চাৰিটা শ্বট আছিল দহৰ ঘৰত।

* দ্বিতীয় ছিৰিজ: ৫০.৯। দ্বিতীয় শ্বট ৯.৯ হয়। বাকীবোৰ আছিল ১০ৰ ওপৰত।

* তৃতীয় ছিৰিজ : ৫১.৬। প্ৰতিটো শ্বট আছিল ১০ৰ ওপৰত। পাঁচটা শ্বটৰ স্ক’ৰ হ’ল ক্ৰমে – ১০.৫, ১০.৪, ১০.৩, ১০.২, ১০.২।

ফাইনেলত প্ৰোনেত স্বপ্নীলৰ স্ক’ৰ

* প্ৰথম ছিৰিজ: ৫২.৭।

* দ্বিতীয় ছিৰিজ: ৫২.২।

*তৃতীয় ছিৰিজ : ৫১.৯।

চূড়ান্ত ৰেংকিঙত স্বপ্নীলৰ স্ক’ৰ

* প্ৰথম ছিৰিজ: ৫১.১। প্ৰথম শ্বটটো আছিল ৯.৫। বাকী সকলো আছিল ১০ বা তাতকৈ অধিক।

* দ্বিতীয় ছিৰিজ: ৫০.৪। এই ছিৰিজৰ শেষত তেওঁ তৃতীয় স্থানত আহে।

পেৰিছ অলিম্পিকত ভাৰতৰ পদকৰ সংখ্যা

পুৰুষৰ ৫০ মিটাৰ ৰাইফল থ্ৰী পজিচনৰ ফাইনেলৰ পাছত পেৰিছ অলিম্পিকত ভাৰতৰ পদক সংখ্যা তিনিটা। প্ৰথমে মনু ভাকেৰে প্ৰথম পদক লাভ কৰে। মহিলাৰ ১০ মিটাৰ এয়াৰ পিষ্টলত ব্ৰঞ্জৰ পদক লাভ কৰে। তাৰ পাছত মনু আৰু সৰবজোৎ সিঙে ১০ মিটাৰ এয়াৰ পিষ্টলৰ মিক্সড টিম ইভেণ্টত ব্ৰঞ্জৰ পদক লাভ কৰে। আৰু এইবাৰ স্বপ্নীলে ব্ৰঞ্জৰ পদক লাভ কৰে।

স্বপ্নীলৰ পৰিচয়

* স্বপ্নীল মহাৰাষ্ট্ৰৰ কলহাপুৰৰ কমলৱাড়ী গাঁৱৰ সন্তান। মাক গাঁৱৰ চৰপঞ্চ। পিতৃ  জিলাৰ এগৰাকী বিদ্যালয়ৰ শিক্ষক।

* কুছালে ২০১২ চনৰ পৰা আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি আহিছে। অৱশ্যে প্ৰথম অলিম্পিকৰ বাবে আৰু ১২ বছৰ অপেক্ষা কৰিবলগীয়া হৈছিল। পেৰিছত প্ৰথমবাৰৰ বাবে অলিম্পিকত স্থান লাভ কৰে।

*২০২৩ চনৰ এছিয়ান গেমছত স্বপ্নীলে ব্যক্তিগত ইভেণ্টত চতুৰ্থ স্থান লাভ কৰে। আৰম্ভণিৰে পৰাই তেওঁ আগবাঢ়ি আছিল। কিন্তু এটা বেয়া শ্বটৰ বাবে চতুৰ্থ স্থান দখল কৰিবলগীয়া হয় ।

* দলীয় ইভেণ্টত সোণৰ পদক লাভ কৰিছিল। এক অভিলেখৰে স্বৰ্ণ পদক লাভ কৰিছিল ভাৰতে। 

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd