উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদলৈ মনোনীত দুজন সদস্যৰ শপতগ্ৰহণ

উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদলৈ মনোনীত দুজন সদস্যৰ শপতগ্ৰহণ অনুষ্ঠান।

উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ সদস্য হিচাপে আজি শপত গ্ৰহণ কৰে লিটন চক্ৰবৰ্ত্তী  আৰু  ঈশ্বৰী প্ৰসাদ জৈছীয়ে।

পৰিষদত প্ৰতিনিধিত্ব নথকা বঙালী আৰু নেপালী জনগোষ্ঠীৰ পৰা এই পদ দুটাৰ কাৰণে ৰাজ্যপালে দুয়োকে মনোনীত কৰে।

উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদ মুঠ ৩০গৰাকী সদস্যৰে গঠিত আৰু ইয়াৰে ২৮গৰাকী নিৰ্বাচিত সদস্য।

ডিমা হাচাও জিলাৰ জিলা উপায়ুক্ত অমিতাভ ৰাজখোৱাই আজি দুয়োজন মনোনীত সদস্যক শপত বাক্য পাঠ কৰায়।

লিটন চক্ৰবৰ্ত্তীয়ে বাংলা আৰু ঈশ্বৰী প্ৰসাদে নেপালী ভাষাত শপত বাক্য পাঠ কৰে।

ডিমা হাচাও জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ কনফাৰেন্স হলত অনুষ্ঠিত শপত গ্ৰহণ অনুষ্ঠানত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ চি ই এম দেবলাল গাৰ্লোছাৰ উপৰি পৰিষদৰ অধ্যক্ষা ৰাণু লাংথাছা, ইএম ছেমুৱেল ছাংছন, বিশ্বজিত দাউলাগুপু, লালৰেমচিৱামে দাৰ্নে, নিপোলাল হোজাই, পৰিষদ সদস্য বিমল হোজাই, স্বায়ত্তশাসিত পৰিষদৰ প্ৰধান সচিব মুকুট কেম্প্ৰাই আদি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।