চুইজাৰলেণ্ডৰ বেংকৰ পৰা জব্দ ২৬০০ কোটি টকা! আদানী কাণ্ডত এক নতুন টুইষ্ট

আদানী কাণ্ডত এক নতুন টুইষ্ট। বৃহস্পতিবাৰে নিশা চুইজাৰলেণ্ডৰ সংবাদ মাধ্যমৰ বাতৰিৰ উদ্ধৃতি দি আমেৰিকাৰ ইকুইটি প্ৰতিষ্ঠান হিণ্ডেনবাৰ্গ ৰিচাৰ্চে দাবী কৰে যে আদানী গোষ্ঠীৰ সৈতে জড়িত ৩১ কোটি ডলাৰ (প্ৰায় ২৬০০ কোটি টকা) জব্দ কৰা হৈছে।

দেশখনৰ কৰ্তৃপক্ষই ছুইজাৰলেণ্ডৰ ছটা বেংকৰ বিভিন্ন একাউণ্টত এই ধন জব্দ কৰে। আজি (শুকুৰবাৰে) শ্বেয়াৰ বজাৰত ইয়াৰ কোনো প্ৰভাৱ পৰিছে নেকি সেই বিষয়ে সংশ্লিষ্ট মহলে অপেক্ষা কৰিছে।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ২০২১ চনত অবৈধ শ্বেয়াৰ আৰু ধনৰ লেনদেনৰ সৈতে জড়িত তদন্তৰ পিছত চুইজাৰলেণ্ড কৰ্তৃপক্ষৰ তৰফৰ পৰা এই পদক্ষেপ লোৱা হৈছে।

লগতে পঢ়কঃ চাৰি ফুটতকৈও অধিক দীঘল লাওডোগা সাপ! দেশত পোৱা গ’ল বিৰল প্ৰজাতিৰ সন্ধান

অভিযোগ অনুসৰি গৌতম আদানীৰ উদ্যোগ গোষ্ঠীৰ সৈতে জড়িত এজন ব্যক্তিয়ে ব্ৰিটিছ ভাৰ্জিন দ্বীপপুঞ্জ, মৰিচাছ আৰু বাৰ্মুডাৰ বিত্তীয় প্ৰতিষ্ঠানসমূহত ধন জমা কৰিছিল। সেই কোম্পানীবোৰে প্ৰায় সমগ্ৰ ধন আদানী গ্ৰুপৰ কোম্পানীত বিনিয়োগ কৰিছিল। সেই ব্যক্তিজনৰ একাউণ্ট জব্দ কৰা হৈছে। এই তদন্ত অৱশ্যে হিণ্ডেনবাৰ্গ প্ৰতিবেদন প্ৰকাশৰ বহু আগতেই হৈছিল।

ইপিনে, বৃহস্পতিবাৰে হিণ্ডেনবাৰ্গে প্ৰশ্ন উত্থাপন কৰে যে বজাৰ নিয়ন্ত্ৰক সংস্থা ছেবিৰ মুৰব্বী মাধৱী পুৰী বুচ ইটোৰ পিছত সিটো অভিযোগৰ পিছতো কিয় ‘সম্পূৰ্ণ নিমাত’। যোৱা মাহত তেওঁলোকে নতুন প্ৰতিবেদন প্ৰকাশ কৰি দাবী কৰিছিল যে  আদানীৰ কোম্পানীত অবৈধভাৱে বিনিয়োগ কৰা বিদেশী পুঁজিত মাধৱীয়ে বিনিয়োগ কৰিছিল। যাৰ কাৰণ হ’ব পাৰে আদানী গোচৰৰ ‘লেহেমীয়া’ তদন্ত।

লগতে পঢ়কঃ APSC কেলেংকাৰীৰ অভিযোগনামা দাখিল কৰিলে বিশেষ তদন্তকাৰী দলে; বাদ দিলে ৯ জন বিষয়াক

এক্স হেণ্ডেলত হিণ্ডেনবাৰ্গে লিখিছে, “এটা ব্যক্তিগত পৰামৰ্শদাতা প্ৰতিষ্ঠানে ছেবি নিয়ন্ত্ৰিত বিভিন্ন কোম্পানীৰ পৰা ধন লৈছিল। সেই কোম্পানীত ছেবিৰ মুৰব্বী মাধৱীৰ অংশীদাৰিত্ব ৯৯ শতাংশ। ছেবিৰ পূৰ্ণকালীন সদস্য হৈ থকাৰ সময়তে সেয়া ঘটিছিল। সেই কোম্পানীসমূহৰ ভিতৰত আছে মহিন্দ্ৰা এণ্ড মহিন্দ্ৰা, আইচিআইচিআই বেংক, ডাঃ ৰেড্ডীজ আৰু পিডিলাইট।….এই সকলোবোৰ অভিযোগৰ পিছতো মাধৱী পুৰী সম্পূৰ্ণ নিমাত হৈ আছে।”