তিৱা স্বায়ত্ত পৰিষদীয় নিৰ্বাচনত হিংসা, ‘আপ’ সমৰ্থিত মহিলা প্ৰাৰ্থীক দুৰ্বৃত্তৰ আক্ৰমণ

ফটো : নৰ্থ-ইষ্ট নাও

কাইলৈ অনুষ্ঠিত হ’ব তিৱা স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন। নিৰ্বাচন অনুষ্ঠিত হোৱাৰ ঠিক এদিন পূৰ্বে অঞ্চলটোৰ বিভিন্ন ঠাইথ হিংসাত্মক কাৰ্যকলাপ সংঘটিত হোৱাৰ খবৰ লাভ কৰা গৈছে।

জানিব পৰা মতে, ৩৬টা সংসদীয় সমষ্টিৰ ভিতৰৰ ৯ নং দমাল সমষ্টিত সংঘটিত হৈছে এই অপ্ৰীতিকৰ ঘটনা।

সমষ্টিটোত আম আদমী পাৰ্টিৰ মনোনীত প্ৰাৰ্থী নয়ণজ্যোতি পাটৰক কালি নিশা কোনো অচিনাক্ত দুৰ্বৃত্তই আক্ৰমণ কৰি মুমুৰ্ষ অৱস্থাত পথৰ দাঁতিত পেলাই থৈ যায়।

লগে লগে দলীয় নেতা-কৰ্মীৰ তৎপৰতাত নেত্ৰীগৰাকীক মৰিগাঁও অসামৰিক চিকিৎসালয়ত সংকটজনক অৱস্থাত ভৰ্তি কৰা হয় বুলি জানিব পৰা গৈছে।

ইফালে কোনে কিয় এই ঘটনা সংঘটিত কৰিলে সেয়া বৰ্তমানলৈ চিনাক্ত হোৱা নাই যদিও অতি শীঘ্ৰে দোষীক কৰায়ত্ত কৰি কঠোৰ শাস্তিৰ দাবী জনাইছে আপৰ জিলা সমিতিয়ে।

উল্লেখ্য যে সমষ্টিটোৰ পৰা শাসকীয় দলৰ প্ৰাক্তন তিৱা পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৱন মান্তা, কংগ্ৰেছৰ ৰাজু পাটৰ, অগপৰ নিৰজ বৰদলৈ আৰু আপৰ নয়ণজ্যোতি পাটৰে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল।

সন্মানীয় সমষ্টিটো আজুৰি অনাত প্ৰতিবন্ধকতা সৃষ্টি কৰাৰ বাবেই হয়তু আপৰ সমৰ্থিত প্ৰাৰ্থীগৰাকীক এনেদৰে দলবদ্ধ আক্ৰমনৰ কাৰ্য সংঘটিত কৰিলে বুলি ৰাইজৰ মাজত আলোচিত হৈছে।

ভোটাৰ ৰাইজক প্ৰলোভিত কৰিবলৈকে ইতিমধ্যে ৰাজনৈতিক দলসমূহে ঘৰে-ঘৰে বস্ত্ৰ বিতৰণ কৰি ৰাইজৰ পহুখেদা খাব লগীয়া হোৱা খবৰে সমষ্টিটোত তীব্ৰ চাঞ্চল্যৰো সূষ্টি হৈছে।

আনহাতে শাসন আৰু ক্ষমতা লাভৰ লিপ্সাই অন্ধ কৰা ৰাজনৈতিক দলসমূহৰ এনে নিকৃষ্ট মানসিকতাক ৯ নং দমাল সমষ্টিৰ সচেতন মহলে গৰিহনা দিয়াৰ উপৰি গণতন্ত্ৰৰ প্ৰকৃত ছবিক ভূলুণ্ঠিত নকৰিবলৈ সকীয়নি প্ৰদান কৰে।