NORTHEAST NOW (Assamese)

চীনৰ উদ্বেগ বৃদ্ধি কৰি টাইৱানৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত গণতন্ত্ৰবাদী চিং-টেৰ জয়লাভ

January 14, 2024 8:17 am · এন ই নাও নিউজ, গুৱাহাটী
টাইৱানৰ নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি লাই চিং-টে। ফটোঃ সংগ্ৰহীত।

চীনৰ ভাবুকিক আওকাণ কৰি টাইৱানে ৰাষ্ট্ৰপতি নিৰ্বাচন অনুষ্ঠিত কৰে। সেই নিৰ্বাচনত জয়ী হৈছে ডেম’ক্ৰেটিক প্ৰগ্ৰেছিভ পাৰ্টিৰ নেতা উইলিয়াম লাই চিং-টে। তেওঁ টাইৱানৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি হ’ব।

বৰ্তমান তেওঁ টাইৱানৰ উপ-ৰাষ্ট্ৰপতি। এইবাৰ ৰাষ্ট্ৰপতিৰ দায়িত্ব তেওঁৰ কান্ধত পৰিল। ৰক্ষণশীল কুওমিন্টাং (কেএমটি)ৰ হো ইউ-য়ে আৰু টাইৱান পিপলছ পাৰ্টি (টিপিপি)ৰ কো য়েন-জেক পৰাস্ত কৰি চিং ৰাষ্ট্ৰপতি হৈছে।

দীৰ্ঘদিন ধৰি চীনে দ্বীপ ৰাষ্ট্ৰ টাইৱানক নিজৰ ভূখণ্ডৰ অংশ হিচাপে দাবী কৰি আহিছে। সেইদৰে, বেইজিঙে টাইৱানক নিজৰ শাসনৰ অধীনলৈ অনাৰ বাবে সকলো প্ৰচেষ্টা চলাইছে। কিন্তু যোৱা বছৰ আমেৰিকাৰ সদনৰ প্ৰাক্তন অধ্যক্ষ নেন্সি পেলোছিৰ ভ্ৰমণৰ পিছত চীনে ক্ষুব্ধ হৈ পৰে।

লগতে পঢ়কঃ ভোগৰ সম্ভাৰ লৈ ৰীতি-পৰম্পৰাৰে অসমীয়াৰ আনন্দ আৰু সম্প্ৰীতিৰ ভোগালী

চীনে টাইৱানৰ চাৰিওফালে যুদ্ধজাহাজ আৰু যুদ্ধবিমান নিয়োজিত কৰিছিল। ইয়াৰ পিছত চীনৰ যুদ্ধ বিমান কেইবাবাৰো টাইৱানৰ আকাশত ঘূৰি ফুৰিছিল। সামৰিক অনুশীলনো দেখা গৈছিল। চীনে ভোটৰ ওপৰত প্ৰভাৱ পেলাবলৈ চেষ্টা কৰাৰো অভিযোগ উত্থাপন হৈছে। অৱশ্যে নিৰ্বাচনত জয়ী হোৱাৰ পিছত টাইৱানৰ ৰাষ্ট্ৰপতিৰ মুখত গণতন্ত্ৰৰ কথা শুনা গৈছে।

ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়ী হোৱাৰ পিছত লাই চিং-টে কয় যে “গণতন্ত্ৰৰ নতুন অধ্যায় লিখাৰ বাবে টাইৱানৰ জনসাধাৰণক ধন্যবাদ জনাইছো। আমি আন্তঃৰাষ্ট্ৰীয় সমহলক কৈছো যে গণতন্ত্ৰ আৰু স্বৈৰাচাৰীতাৰ মাজত আমি গণতন্ত্ৰৰ পক্ষত থিয় দিছো।’’

লগতে পঢ়কঃ পীযুষ হাজৰিকাই পিন্ধিছে ৩.৭৫ লাখ টকাৰ জেকেট! কংগ্ৰেছে তুলিলে বিস্ফোৰক অভিযোগ

নতুন ৰাষ্ট্ৰপতিগৰাকীৰ কথাত টাইৱানৰ জনসাধাৰণে চীনৰ অপচেষ্টাৰ বিৰুদ্ধে দৃঢ়তাৰে থিয় দিয়াৰ বিষয়টোও ওলাই আহিছে। চীনৰ সৈতে বন্ধুত্বৰ বাৰ্তাৰ সমান্তৰালকৈ তেওঁ কয় যে “আমি চীনৰ সৈতে শত্ৰুতা বৃদ্ধি কৰিব নিবিচাৰো। আমিও হয়তো বন্ধু হ’ব পাৰো।” 

Related News