NORTHEAST NOW (Assamese)

মুম্বাইৰ তাজ হোটেলৰ বহু সংখ্যক কৰ্মচাৰী ক’ৰ’না ভাইৰাছত আক্ৰান্ত

April 12, 2020 6:14 pm · এন ই নাও নিউজ
মুম্বাইৰ তাজ হোটেল

টাজ চেইনৰ হোটেল চলাই থকা ভাৰতীয় হোটেল কোম্পানী লিমিটেডে শনিবাৰে মুম্বাইত কৰ্মৰত তেওঁলোকৰ বহু সংখ্যক কৰ্মচাৰী ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈছে বুলি উল্লেখ কৰে।

বৰ্তমানলৈ ৫০০ গৰাকীতকৈ অধিক কৰ্মচাৰী ক’ৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে বুলি শনিবাৰে ভাৰতীয় হোটেল কোম্পানী লিমিটেডে জানিবলৈ দিয়ে।

ক’ৰ’না ভাইৰাছত আক্ৰান্ত ব্যক্তি সকলক বৰ্তমান সময়ত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে বুলিও তেওঁলোকে সদৰী কৰে।

মুম্বাইৰ ভালেকেইখন তাজ হোটেল বৰ্তমান সময়ত চিকিৎসক, নাৰ্চকে ধৰি চিকিৎসা কৰ্মীসকলক ৰখাৰ বাবে ব্যৱহৃত হৈ আছে।

উল্লেখযোগ্য যে, বিদেশৰ পৰা অহা অধিকাংশ লোকে তাজ গ্ৰুপৰ হোটেলত থকাটো পচন্দ কৰে সেইবাবে বিদেশৰ পৰা অহা লোক সকলৰ মাধ্যমেৰে তাজ হোটেলৰ কৰ্মচাৰীলৈ ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি পাইছে বুলি ধাৰণা কৰা হৈছে।

ভাৰতৰ সৰ্বাধিক ক’ৰ’না আক্ৰান্ত ৰাজ্য সমূহৰ ভিতৰত মহাৰাষ্ট্ৰ উল্লেখযোগ্য। মহাৰাষ্ট্ৰৰ ভিতৰত মুম্বাই আৰু পূণেত বহু সংখ্যক ব্যক্তি ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে।

বৰ্তমানলৈ ভাৰতত ক’ৰ’না ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যাই ৮,০০০ অতিক্ৰম কৰিছে।

Related News