NORTHEAST NOW (Assamese)

তাজমহল উৰুৱাই দিয়াৰ ভাবুকি! কটকটীয়া কৰা হৈছে নিৰাপত্তা ব্যৱস্থা

May 25, 2025 5:06 pm · এন ই নাও নিউজ, গুৱাহাটী


বিশ্বৰ সপ্তম আশ্চৰ্য তাজমহলত পুনৰ বোমাৰ আতংক! শেহতীয়াকৈ এজন অচিনাক্ত ব্যক্তি দ্বাৰা প্ৰেৰণ কৰা ইমেইলত তাজমহল উৰুৱাই দিয়াৰ ভাবুকি লাভ কৰাৰ পাছত মুমতাজ মহলত নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰা হৈছে।

আৰক্ষীৰ সূত্ৰই জনোৱা মতে, শনিবাৰে পুৱা লাভ কৰা এই ইমেইলত স্পষ্টকৈ তাজমহল উৰুৱাই দিয়াৰ কথা উল্লেখ আছিল। ইমেইলটো কেৰালাৰ পৰা “সাবুক শংকৰ” নামৰ ব্যক্তিৰ নামত প্ৰেৰণ কৰা হৈছিল বুলি সন্দেহ কৰা হৈছে। ইমেইল পোৱাৰ লগে লগে তাজমহল চৌহদত উচ্চ সতর্কতা জাৰি কৰা হয়।

উল্লেখযোগ্য যে, পৰ্যটকসকলক তৎক্ষণাৎ স্থান খালী কৰিবলৈ নিৰ্দেশ দিয়া হয়। ৩ ঘণ্টালৈকৈ তাজমহল চৌহদত তালাচী অভিযান চলোৱা হয় যদিও কোনো সন্দেহজনক সামগ্ৰী উদ্ধাৰ হোৱা নাই।

আগ্ৰাৰ উপ আৰক্ষী আয়ুক্ত সোমন কুমাৰে এই সন্দর্ভত মন্তব্য কৰি কয়, “ইমেইল পোৱাৰ পাছত সমগ্ৰ এলাকা খালী কৰি দিয়াৰ লগতে অর্ধসামৰিক বাহিনী মোতায়েন কৰি সম্পূৰ্ণ তালাচী চলোৱা হয়। মেইলটো কেৰালাৰ পৰা আহিছিল বুলি অনুমান কৰা হৈছে। এতিয়া এই ঘটনাৰ তদন্ত চাইবাৰ ক্ৰাইম শাখাক গতাই দিয়া হৈছে।”

বিশ্বৰ সপ্তম আশ্চৰ্য্য হিচাপে খ্যাত তাজমহলত ইয়াৰ পূৰ্বেও বহু বাৰ বোমাৰ ভাবুকি থকা মেইল বা ফোন কল পোৱা গৈছে। অধিকাংশ ক্ষেত্ৰতে সেইবোৰ ভুৱা বুলি প্ৰমাণিত হৈছে।

এইবাৰো আৰক্ষীয়ে অনুমান কৰিছে যে এই ইমেইলটোও আতংক সৃষ্টি কৰাৰ উদ্দেশ্যে প্ৰেৰণ কৰা হৈছে। তথাপিও সুৰক্ষা ব্যৱস্থা অধিক কটকটীয়া কৰা হৈছে আৰু সন্দেহজনক যিকোনো গতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখা হৈছে।

Related News