বাহুদা যাত্ৰা ২০২২: উল্টা ৰথ যাত্ৰা আৰম্ভ

উল্টা ৰথ যাত্ৰা ২০২২: জগন্নাথৰ ৰথ যাত্ৰাৰ সংগতি থকা এটি ৰথ যাত্ৰা হৈছে উল্টা ৰথ যাত্ৰা। এইদিনটো ৰথবোৰে গুণ্ডিচা মন্দিৰৰ বাগিচা ঘৰ বা ‘আদাপা মণ্ডপা’ৰ পৰা বাহিৰলৈ ওলাই আহে। ঘৰলৈ উভতি যাওঁতে, ৰথবোৰ মৌচিমা মন্দিৰত কিছু সময়ৰ বাবে ৰয় ,য’ত ভগৱানক উৰিষ্যাৰ জনপ্ৰিয় ব্যঞ্জন ‘পোডা পিঠা’ আগবঢ়োৱা হয়।

জগন্নাথ পুৰী ৰথ যাত্ৰাৰ শুভ উৎসৱ এই বছৰ ১ জুলাইত আৰম্ভ হৈছিল। বিখ্যাত ৰথ উৎসৱ ভগৱান জগন্নাথ, তেওঁৰ ভাতৃ বলভদ্ৰ আৰু তেওঁৰ ভগ্নী সুভদ্ৰাৰ নামত উৎসৰ্গিত কৰা হয়। উৰিষ্যাৰ ভূৱনেশ্বৰৰ মন্দিৰ চহৰ পুৰীত উদযাপন কৰা মুখ্য উৎসৱটোৱে ভগৱানৰ আশীৰ্বাদ বিচাৰি সমগ্ৰ বিশ্বৰ হাজাৰ হাজাৰ ভক্তৰ সমাগম ঘটি আহিছে। পুৰীৰ গুণ্ডিচা মন্দিৰত আঠ দিন থকাৰ পিছত, ভগৱান জগন্নাথ, দেৱী সুভদ্ৰা আৰু বলভদ্ৰাৰ তিনিখন পবিত্ৰ ৰথ পুৰী মন্দিৰত থকা তেওঁলোকৰ বাসস্থানলৈ উভতি আহে। ৰথৰ উভতি যাত্ৰাক উল্টা ৰথ যাত্ৰা বা উল্টো ৰথ যাত্ৰা বুলিও কোৱা হয় – আৰু ইয়াক স্থানীয়ভাৱে বাহুদা বুলিও জনা যায়।

এইটো সেই দিন যেতিয়া ৰথবোৰে গুণ্ডিচা মন্দিৰৰ বাগিচা ঘৰ বা ‘আদাপা মণ্ডপা’ৰ পৰা বাহিৰলৈ ওলাই যায়। ঘৰলৈ উভতি যাওঁতে, ৰথবোৰ মৌচিমা মন্দিৰত কিছু সময়ৰ বাবে ৰয়। য’ত তিনি দেৱ-দেৱীক উৰিষ্যাৰ চাউল, গুড়, নাৰিকল, মচুৰ দাইলৰে প্ৰস্তুত কৰা জনপ্ৰিয় ব্যঞ্জন ‘পোডা পিঠা’ আগবঢ়োৱা হয় ।