আফগানিস্তানৰ নিমৰজ প্ৰদেশৰ ৰাজধানী দখল কৰিলে তালিবানে

afgn

আফগানিস্তানৰ দক্ষিণ-পশ্চিম প্ৰান্ত অৱস্থিত নিমৰজ প্ৰদেশৰ ৰাজধানী জাৰান দখল কৰিছে তালিবানে।

জাৰান দখল কৰাৰ পিছতে তালিবানে আফগান সেনাৰ বিৰুদ্ধে বৃহৎ জয় সাৱ্যস্ত কৰা বুলি দাবী কৰিছে।

প্ৰায় তিনি ঘণ্টা ধৰি আফগান সেনাৰে হোৱা তয়াময়া যুদ্ধৰ পিছত তালিবানে ৰাজধানী চহৰ খন নিজৰ দখললৈ নিবলৈ সক্ষম হয়। চহৰ খন দখল কৰাৰ পিছতে তালিবানে চহৰ খনৰ বাসিন্দাসকলৰ ওপৰত অত্যাচাৰ চলাবলৈ আৰম্ভ কৰা বুলি জানিব পৰা গৈছে।

উল্লেখ্য আফগানিস্তানৰ তিনিখন প্ৰধান চহৰ হেৰাত, লস্কৰ গাহ আৰু কান্দাহাৰ তালিবানে ঘেৰি ৰাখিছে। চহৰ তিনিখন দখল কৰাৰ বাবে আফগান সেনাৰ সৈতে তুমুল সংঘৰ্ষত লিপ্ত হৈছে তালিবান বাহিনী।

আনহাতে, দুই পক্ষৰ সংঘৰ্ষৰ মাজত চহৰকেইখনৰ পৰা প্ৰাণ লৈ পলাইছে সাধাৰণ নাগৰিক।

বাতৰি অনুসৰি, লস্কৰ গাহ চহৰৰ অধিকাংশ অঞ্চল তালিবানৰ নিয়ন্ত্ৰণৰ অধীনত গুচি গৈছে।

মানৱ অধিকাৰ সংস্থাসমূহে দাবী কৰিছে যে দুয়োপক্ষৰ মাজত চলা এই তুমুল যুঁজত চহৰ তিনিখনত তীব্ৰ মানৱীয় সংকটে দেখা দিছে।

তেওঁলোকে জানিবলৈ দিছে যে এই অঞ্চলসমূহত শীঘ্ৰেই এই সংঘৰ্ষ বন্ধ কৰি সাহায্য সামগ্ৰী সৰবৰাহ কৰাটো জৰুৰী হৈ পৰিছে।

ইপিনে, লস্কৰ গাহ চহৰৰ এখন বেচৰকাৰী হাস্পাতালত আফগান বাহিনীয়ে বিমানেৰে আক্ৰমণ চলোৱাৰ ফলত এজন নিহত আৰু তিনিজন আহত হোৱা বুলি কোৱা হৈছে।

উল্লেখ্য যে আফগানিস্তানত শেহতীয়াকৈ তালিবান বিদ্ৰোহী আৰু আফগানিস্তানৰ সামৰিক বাহিনীৰ মাজত প্ৰচণ্ড সংঘৰ্ষৰ সূত্ৰপাত ঘটিছে।
তালিবান বাহিনীয়ে আফগানিস্তানৰ নিয়ন্ত্ৰণ নিজৰ হাতলৈ আনিবলৈ সামৰিক বাহিনীৰ ওপৰত তীব্ৰ আক্ৰমণ চলাইছে।