হত্যা কৰা হ’ল ২০২১ চনত কাবুলত হোৱা আত্মঘাতী বিস্ফোৰণৰ মাষ্টাৰমাইণ্ড ISIS-K ৰ নেতাক

২০২১ চনত কাবুল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ এবে গেটত সংঘটিত হোৱা মাৰাত্মক আত্মঘাতী বোমা বিস্ফোৰণৰ পৰিকল্পনা কৰা ISIS-K নেতাক তালিবানে হত্যা কৰাৰ খবৰ আহি পৰিছে। এই কথা প্ৰকাশ কৰিছে ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদে।

ISIS-Kঅৰ্থ হৈছে আফগানিস্তান আৰু ইয়াৰ আশেপাশে থকা অঞ্চলত সক্ৰিয় সন্ত্ৰাসবাদী সংগঠনৰ সংযুক্ত সংস্থা।

প্ৰশাসনে ISIS-K ৰ নেতাগৰাকীৰ নাম উল্লেখ কৰা নাই যদিও ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ কৌশলগত যোগাযোগৰ সমন্বয়ক জন কিৰ্বিয়ে তেওঁক আফগানিস্তানৰ পৰা আমেৰিকাই প্ৰত্যাহাৰৰ অন্তিম দিনকেইটাত সংঘটিত হোৱা ভয়ংকৰ আক্ৰমণৰ মাষ্টাৰমাইণ্ড বুলি অভিহিত কৰে।

তালিবানে কেতিয়া আইছিছকেৰ নেতাজনক হত্যা কৰিছিল সেই কথা কিৰ্বিয়ে স্পষ্ট কৰা নাছিল যদিও এই বছৰ ISIS-k এ সন্মুখীন হোৱা ডাঙৰ ক্ষতিৰ ভিতৰত ইয়াক অন্যতম বুলি অভিহিত কৰিছে।

উল্লেখ্য যে তালিবানে অঞ্চলটোৰ নিজৰ অধীনলৈ আনিবলৈ সক্ষো হোৱা এইদিনমান পূৰ্বেই আত্মঘাতী বোমা বিস্ফোৰণ সংঘটিত কৰা সন্ত্ৰাসবাদী আব্দুল ৰেহমান আলল’ঘ্ৰী কাৰাগাৰৰ পৰা মুকলি হৈছিল। এই আক্ৰমণত ১৩ জন আমেৰিকান নাগৰিক আৰু ১৭০ জনতকৈ অধিক আফগান লোকৰ মৃত্যু হৈছিল।

২০২১ চনৰ আগষ্ট মাহত আফগানিস্তানৰ পৰা আমেৰিকা আঁতৰি অহাৰ পিছৰে পৰা সমগ্ৰ দেশতে ISIS-Kৰ বিৰুদ্ধে তালিবানে দমনৰ চেষ্টা চলাইছে যদিও সন্ত্ৰাসবাদী সংগঠনটোক ধ্বংস কৰাত সফল হোৱা নাই।

যোৱা মাহত আমেৰিকাৰ চেণ্ট্ৰেল কমাণ্ডৰ অধিনায়ক জেনেৰেল এৰিক কুৰিলাই কয় যে সন্ত্ৰাসবাদী সংগঠনটোৱে অঞ্চলটোত আক্ৰমণ বৃদ্ধি কৰিছে আৰু আফগানিস্তানৰ বাহিৰত আমেৰিকাৰ গৃহভূমি আৰু বিদেশত আমেৰিকাৰ স্বাৰ্থৰ বিৰুদ্ধে আক্ৰমণৰ পৰিকল্পনা কৰিবলৈ চেষ্টা কৰিছে।

হোৱাইট হাউছৰ বৈদেশিক সম্পৰ্ক সমিতিৰ অধ্যক্ষ টেক্সাছৰ প্ৰতিনিধি মাইকেল মেককলে ISIS-K নেতাগৰাকীৰ হত্যাকাণ্ডক প্ৰশংসা কৰাৰ লগতে এবে গেটত হোৱা আক্ৰমণৰ বাবে বাইডেন প্ৰশাসন দায়ী বুলি যুক্তি আগবঢ়ায়।