বিজেপিয়ে লোকসভাৰ আসনৰ সালসলনিৰ জৰিয়তে দক্ষিণ ভাৰতৰ ৰাজ্যসমূহৰ অধিকাৰ কৰ্তন কৰিব পাৰে। দক্ষিণ ভাৰতৰ ৰাজনৈতিক দলসমূহে দীৰ্ঘদিন ধৰি এই আশংকা প্ৰকাশ কৰি আহিছে। এতিয়া তামিলনাডুৰ মুখ্যমন্ত্ৰী তথা ডি এম কেৰ মুৰব্বী এম কে ষ্টেলিনে সেই বিষয়টোক লৈ কেন্দ্ৰৰ বিৰুদ্ধে এক প্ৰকাৰৰ ‘যুদ্ধ’ ঘোষণা কৰিছে।
অৱশ্যে তেওঁ অকলে নহয়, ষ্টেলিনে এই যুঁজত আন কমেও ৭ গৰাকী মুখ্যমন্ত্ৰীৰ সমৰ্থন বিচাৰিছে। ইয়াৰ ভিতৰত বিজেপি শাসিত ৰাজ্যৰ মুখ্যমন্ত্রীও আছে৷ ষ্টেলিনে সাতগৰাকী মুখ্যমন্ত্ৰীলৈ পত্ৰ লিখি কেন্দ্ৰৰ সম্ভাৱ্য সমষ্টি পুনৰ্নিদ্ধাৰণ নীতিৰ বিৰোধিতা কৰি একত্ৰিত হ’বলৈ আহ্বান জনাইছে।
যদি সকলো ঠিকে থাকে তেন্তে অতি শীঘ্ৰে লোকসভাৰ আসন পুনৰ্নিদ্ধাৰণ কৰিব কেন্দ্ৰই। নতুন সংসদ ভৱন উদ্বোধনৰ দিনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সেই ইংগিত দিছিল। কংগ্ৰেছৰ লগতে আন বিৰোধী দলসমূহে বিজেপিয়ে নিজৰ সুবিধাৰ অনুকূলে আসন পুনৰ্নিদ্ধাৰণ কৰিবলৈ নিজৰ ক্ষমতা ব্যৱহাৰ কৰিব বুলি আশংকা কৰিছে।
দৰাচলতে জনসংখ্যাৰ ওপৰত ভিত্তি কৰি যদি নতুন আসন বন্টন কৰা হয়, তেন্তে দক্ষিণ ভাৰত বা পশ্চিম বংগৰ দৰে ৰাজ্যৰ তুলনাত গোবলয়ৰ ৰাজ্যত আসনৰ সংখ্যা যথেষ্ট বৃদ্ধি পাব। কাৰণ এই অঞ্চলটোৰ ৰাজ্যসমূহৰ জনসংখ্যা তেওঁলোকৰ এলেকাতকৈ বেছি। বিৰোধীয়ে বিশ্বাস কৰে যে বিহাৰ আৰু উত্তৰ প্ৰদেশৰ দৰে ৰাজ্যত আসনৰ সংখ্যা যথেষ্ট বৃদ্ধি পাব, য’ত বিজেপি অতি শক্তিশালী। পশ্চিমবংগ, মহাৰাষ্ট্ৰ, তামিলনাডু, অন্ধ্ৰ প্ৰদেশ, কেৰালাৰ দৰে ৰাজ্যত তুলনামূলকভাৱে লোকসভাৰ আসনৰ সংখ্যা বহু কম বৃদ্ধি পাব।
এই ভয়ৰ বাবেই ষ্টেলিনে অ-বিজেপি ৰাজ্যসমূহক একত্ৰিত কৰিবলৈ চেষ্টা কৰিছে। তেওঁ ৭খন ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰি লোকসভাৰ আসন পুনৰ্নিদ্ধাৰণৰ বিৰুদ্ধে থিয় দিয়াৰ আহ্বান জনাইছে। এই তালিকাত আছে পশ্চিবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী, কেৰেলাৰ মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়ন, কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্দাৰামাইয়া, তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীৰ লগতে এন ডি এৰ মিত্ৰজোঁটৰ অংশ অন্ধ্ৰৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডু আৰু বিজেপি শাসিত ওড়িশাৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝি।
ষ্টেলিনে এই ৰাজ্যসমূহৰ বিভিন্ন দলৰ মুৰব্বীসকললৈও পত্ৰ লিখিছে। তেওঁৰ এই পত্ৰ কেইবাজনো প্ৰাক্তন মুখ্যমন্ত্ৰীলৈ পঠিয়াইছে। দৰাচলতে ষ্টেলিনে বিচাৰে যে সকলোৱে, দল যিয়েই নহওক কিয়, ৰাজ্যৰ স্বাৰ্থৰ বাবে যুঁজিবলৈ আগবাঢ়ি আহিব লাগে। সেয়ে তেওঁ সম্ভাৱ্য বঞ্চিত ৰাজ্যৰ তালিকাত থাকিব পৰা ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলকো যুঁজিবলৈ আহ্বান জনাইছে। তেওঁ স্পষ্ট কৰি দিছে যে যদি যিকোনো ৰাজ্যৰ বিজেপি নেতাই ৰাজ্য আৰু ফেডাৰেল গাঁথনি ৰক্ষাৰ যুঁজত আগবাঢ়ি আহিব বিচাৰে তেন্তে তেওঁলোকক লগত লৈ যোৱাত তেওঁৰ কোনো আপত্তি নাই।
ষ্টেলিনে পত্ৰখনত লিখিছে যে যদি লোকপিয়ল অনুসৰি আসনসমূহ পুনৰ্নিদ্ধাৰণ কৰা হয়, তেন্তে জন্মৰ হাৰ অতি ভালদৰে নিয়ন্ত্ৰণ কৰা ৰাজ্যসমূহে এক ক্ষতিৰ সন্মুখীন হ’ব। সমষ্টিৰ প্ৰতিনিধিত্ব হ্ৰাস পাব। সেইটো ৰোধ কৰিবলৈ তেওঁ যৌথ কাৰ্য্য সমিতি গঠন কৰিব বিচাৰে।
তেওঁ মুখ্যমন্ত্ৰীসকলক অনুৰোধ জনাইছে যে, “আপুনি আনুষ্ঠানিকভাৱে যৌথ কাৰ্য্য সমিতিত যোগদান কৰক আৰু এই সমিতিলৈ এজন জ্যেষ্ঠ নেতাক পঠিয়াই একত্ৰিত কৌশল গ্ৰহণ কৰাত সহায়ৰ হাত আগবঢ়াওক।” তেওঁ ২২ মাৰ্চত চেন্নাইত যৌথ কাৰ্য্য সমিতিৰ প্ৰথমখন বৈঠকৰো আহ্বান জনাইছে।