তামিলনাডু বিধানসভাত অস্বাভাৱিক পৰিস্থিতি: মুখ্যমন্ত্ৰীৰ সৈতে বিবাদত লিপ্ত হৈ বিধানসভা এৰিলে ৰাজ্যপালে

Tamil Nadu Governor Walks Out

তামিলনাডুৰ শাসকীয় দ্ৰাবিদা মুনেত্ৰ কাঝাগাম আৰু ৰাজ্যপাল আৰ এন ৰবিৰ মাজত চলি থকা শীতল যুদ্ধ আজি বিধানসভাৰ মজিয়াত তীব্ৰতৰ হৈ পৰে। মুখ্যমন্ত্ৰী এম কে ষ্টেলিনৰ সৈতে বিবাদত লিপ্ত হৈ আজি বিধানসভাৰ পৰা ওলাই আহে ৰাজ্যপাল আৰ এন ৰবি।

মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে সদনৰ অধ্যক্ষক ৰাজ্য চৰকাৰে প্ৰস্তুত কৰা পৰম্পৰাগত ভাষণ ৰেকৰ্ডত ল’বলৈ আহ্বান জনোৱাৰ পাছত আৰু ৰাজ্যপালে পৰম্পৰাগত ভাষণত যোগ কৰা কিছু অংশ আঁতৰাই পেলোৱাৰ পিছত বিধানসভাৰ মজিয়াত এই অকল্পনীয় পৰিস্থিতিৰ সৃষ্টি হয়।

ৰাজ্যপাল ৰবিয়ে চৰকাৰে প্ৰস্তুত কৰা ভাষণৰ পৰা ধৰ্মনিৰপেক্ষতাৰ বিষয়ে উল্লেখ থকা অংশ, তামিলনাডুক শান্তিৰ আশ্ৰয়স্থল বুলি অভিহিত কৰা অংশ, আৰু পেৰিয়াৰ, বি আৰ আম্বেদকাৰ, কে কামৰাজ, চি এন আন্নদুৰাই, আৰু কৰুণানিধিৰ দৰে নেতাৰ বিষয়ে উল্লেখ থকা অংশ এৰি দিয়াৰ পিছত মুখ্যমন্ত্ৰী ষ্টেলিনে এই কথাৰ বিৰোধ কৰে।

ৰাজ্যপাল গৰাকীয়ে লগতে শাসকীয় ডি এম কে- ই প্ৰচাৰ কৰা ‘দ্ৰাবিড় মডেল’ৰ বিষয়েও এৰাই চলে। এম কে ষ্টেলিনে ৰাজ্যপালৰ এই কাৰ্য্য বিধানসভাৰ পৰম্পৰাৰ বিৰুদ্ধে বুলি অভিযোগ কৰে আৰু ৰাজ্যপালৰ সম্পূৰ্ণ মুদ্ৰিত ভাষণ বজাই ৰখাৰ বাবে প্ৰস্তাৱ আগবঢ়ায়।

মুখ্যমন্ত্ৰী ষ্টেলিনৰ এই প্ৰস্তাৱ গ্ৰহণ কৰাৰ পিছতে ৰাজ্যপাল আৰ এন ৰবিয়ে তৎক্ষণাত সদনৰ পৰা ওলাই যায়। ৰাজ্যপালগৰাকীয়ে আনকি কেইমুহূৰ্তমানৰ পিছতে গোৱা জাতীয় সংগীতৰ বাবেও বিধানসভাত থকাৰ প্ৰয়োজনবোধ নকৰে। ভাৰতীয় ৰাজনীতিত বিধানসভাৰ ইতিহাসত হয়তো প্ৰথমবাৰৰ বাবে এনে ঘটনা সংঘটিত হৈছে।

উল্লেখ্য যে শেহতীয়াকৈ ২০খন বিধেয়কত অনুমোদন দিবলৈ অস্বীকাৰ কৰাকে ধৰি বিভিন্ন বিষয়ক লৈ ষ্টেলিন চৰকাৰ আৰু ৰাজ্যপাল ৰবিৰ মাজত মতানৈক্যৰ সৃষ্টি হৈছে। শাসকীয় দলটোৱে ইয়াৰ পাছতে ৰবিৰ বিৰুদ্ধে ভাৰতীয় জনতা পাৰ্টিৰ হিন্দুত্ববাদী মতাদৰ্শৰ প্ৰচাৰ চলোৱাৰ অভিযোগ উত্থাপন কৰিছিল।

ইয়াৰ উপৰিও দেওবাৰে ডি এম কে- ই ৰবিক ৰাজ্যৰ ৰাজনীতিত অপ্ৰয়োজনীয়ভাৱে হস্তক্ষেপ কৰাৰ অভিযোগ উত্থাপন কৰি পুনৰ এই পথত আগবাঢ়ি যোৱাৰে সিদ্ধান্ত ল’লে পদত্যাগ কৰাৰো দাবী জনাইছিল।