বডী শ্বেমিঙৰ আতিশয্য: সহপাঠীক হত্যা কৰিলে দ্বাদশ শ্ৰেণীৰ ছাত্ৰই

body shaming

কোনো ব্যক্তিৰ শাৰীৰিক অৱয়ব বা আচৰণক লৈ ইতিকিং কৰা এক ঘৃণনীয় প্ৰৱণতা সমাজত আজিৰ সময়তো বাহাল আছে। বডী শ্বেমিঙৰ এই প্ৰৱণতাই কোনো ব্যক্তিক মানসিকভাৱে ভাৰাক্ৰান্ত কৰি তোলাটো অস্বাভাৱিক নহয়।

সামাজিকভাৱে এনেদৰে বডী শ্বেমিঙৰ বলি হোৱা কোনো ব্যক্তি যিকোনো সময়তে মানসিক অন্তৰ্দ্বন্দ্বত ভুগি যিকোনো অকল্পনীয় কাৰ্যপন্থা গ্ৰহণ কৰিব পাৰে। এনে এক ঘটনাই সংঘটিত হৈছে তামিলনাডুত।

তামিলনাডুৰ এজন দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীয়ে বডী শ্বেমিঙৰ আতিশয্যত এজন সহপাঠীক হত্যা কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

তামিলনাডু আৰক্ষীয়ে জানিবলৈ দিয়া মতে হত্যাৰ বলি হোৱা ছাত্ৰজনে তেওঁৰ বন্ধুক “কন্যা” বুলি অভিহিত কৰিছিল। আনহাতে হত্যাৰ অভিযোগত অভিযুক্ত ছাত্ৰজনে এই কথাত আপত্তি কৰি বাৰম্বাৰ সহপাঠীজনক এই ধৰণে জোকোৱা বন্ধ কৰিবলৈ অনুৰোধ কৰিছিল।

ইয়াৰ পিছতো বন্ধুজনে তেওঁৰ শাৰীৰিক গঠন আৰু আচৰণৰ বাবে তেওঁক জোকাই থাকিল।

এনে পৰিস্থিতিত হত্যাৰ অভিযোগত অভিযুক্ত ছাত্ৰজন মানসিকভাৱে ভাৰাক্ৰান্ত হৈ পৰে আৰু ভীষণ লজ্জিত অনুভৱ কৰে। প্ৰতিশোধৰ পৰিকল্পনাৰে ছাত্ৰজনে এটা পাৰ্টিৰ বাবে বন্ধুজনক আমন্ত্ৰণ কৰে আৰু কাল্লাকুৰিচি জিলাৰ এটা ঘাইপথতে তেওঁক একাধিকবাৰ ছুৰিকাঘাত কৰে।

এই আক্ৰমণত ছাত্ৰজনৰ মৃত্যু নিশ্চিত কৰি এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে অভিযুক্ত ছাত্ৰজনৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু কৰা হৈছে আৰু তেওঁক পৰ্যৱেক্ষণ গৃহলৈ প্ৰেৰণ কৰা হৈছে।