NORTHEAST NOW (Assamese)

বিদ্বেষ: দলিত মহিলাই ৰন্ধাৰ বাবেই আহাৰ গ্ৰহণ কৰিবলৈ অস্বীকাৰ শিক্ষাৰ্থীৰ

September 6, 2023 12:54 pm · এন ই নাও নিউজ, গুৱাহাটী

পুনৰ এবাৰ পোহৰলৈ আহিছে দেশত বৰ্তি থকা জাতিবিদ্বেষৰ এক নিৰ্মম ছবি। নিম্ন জাতি ৰূপে গণ্য কৰা দলিত সম্প্ৰদায়ৰ মহিলাই ৰন্ধাৰ বাবে খাদ্য গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছে এখন বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে।

এই ঘটনা ঘটিছে তামিলনাডুৰ কাৰুৰ জিলাত। বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে ৰাজ্যৰ ব্ৰেকফাষ্ট আঁচনিৰ অধীনত প্ৰদান কৰা খাদ্য খাবলৈ অস্বীকাৰ কৰে। সেই খাদ্য দলিত মহিলাই ৰান্ধিছিল বাবেই শিক্ষাৰ্থীসকলে গ্ৰহণ নকৰে খাদ্য।

ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে জিলা উপায়ুক্ত টি প্ৰবু শংকৰে বিদ্যালয়খন পৰিদৰ্শন কৰি এই ছাত্ৰ-ছাত্ৰীসকলৰ অভিভাৱকসকলক অনুসূচিত জাতি/জনজাতিৰ বিৰুদ্ধে নিৰ্যাতন প্ৰতিৰোধ আইনৰ অধীনত সম্ভাৱ্য আইনী ব্যৱস্থাৰ বিষয়ে সকীয়াই দিয়ে।

জিলা উপায়ুক্তগৰাকীয়ে মঙলবাৰে পুৱাৰ ব্ৰেকফাষ্ট আঁচনি পৰিদৰ্শন কৰি এই হিন্দু ছাত্ৰ-ছাত্ৰীসকলৰ অভিভাৱকৰ সৈতে সাক্ষাৎ কৰে। অভিভাৱকসকলে নিজ সন্তানৰ পক্ষত থিয় দি প্ৰয়োজন হ’লে সন্তানক সেই বিদ্যালয়ৰ পৰা উলিয়াই নিবলৈ ইচ্ছুক বুলিয়ো মন্তব্য কৰে।

উল্লেখ্য যে, ৰাজ্যখনৰ প্ৰাথমিক চৰকাৰী বিদ্যালয়সমূহৰ ১৫.৭৫ লাখ ছাত্ৰ-ছাত্ৰীক বিনামূলীয়াকৈ ব্ৰেকফাষ্ট প্ৰদান কৰাৰ লক্ষ্যৰে যোৱা ২৫ আগষ্টত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে এই আঁচনিখন উদ্বোধন কৰিছিল।

এই আঁচনিৰ অধীনতে তামিলনাডুৰ কাৰুৰ জিলাৰ ভেলান চেট্তিয়াৰ পঞ্চায়ত ইউনিয়ন স্কুলত অধ্যয়ন কৰা ৩০ জন ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ১৫ জন ছাত্ৰ-ছাত্ৰীয়ে ব্ৰেকফাষ্ট খাবলৈ অস্বীকাৰ কৰিছিল।

ইয়াৰ পিছতে এই বিষয়টো জিলা প্ৰশাসনক অৱগত কৰা হৈছিল। পৰিকল্পনা সঞ্চালকগৰাকীয়ে এই সন্দৰ্ভত অভিভাৱকসকলক সাক্ষাৎ কৰি এই আঁচনিৰ অংশ হিচাপে তেওঁলোকৰ সন্তানক ব্ৰেকফাষ্ট কৰিবলৈ অনুমতি দিবলৈ অনুৰোধ জনায়।

কিন্তু বিষয়াগৰাকীৰ অনুৰোধৰ পিছতো অভিভাৱকসকলে সন্মতি নিদিয়াত ৩০ আগষ্টৰ পৰা মাত্ৰ দুগৰাকী ছাত্ৰইহে খাদ্য গ্ৰহণ কৰিবলৈ সন্মত হয়। ইয়াৰ পিছতে এই বিষয়টো অত্যন্ত চৰ্চিত হৈ পৰে।

জিলা প্ৰশাসনেও এক বিবৃতি প্ৰকাশ কৰি সকলো অভিভাৱকে নিজৰ সন্তানক ৰাতিপুৱাৰ আহাৰ গ্ৰহণ কৰিবলৈ অনুমতি দিবলৈ অনুৰোধ জনোৱাৰ লগতে এনে কোনো ধৰণৰ বৈষম্যমূলক কাৰ্য সহ্য কৰা নহ’ব বুলি সকীয়াই দিছে।

Related News