DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, October 2, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

বিদ্বেষ: দলিত মহিলাই ৰন্ধাৰ বাবেই আহাৰ গ্ৰহণ কৰিবলৈ অস্বীকাৰ শিক্ষাৰ্থীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 6, 2023 12:54 pm
Tamil Nadu breakfast scheme
538
VIEWS
Share on FacebookShare on Twitter

পুনৰ এবাৰ পোহৰলৈ আহিছে দেশত বৰ্তি থকা জাতিবিদ্বেষৰ এক নিৰ্মম ছবি। নিম্ন জাতি ৰূপে গণ্য কৰা দলিত সম্প্ৰদায়ৰ মহিলাই ৰন্ধাৰ বাবে খাদ্য গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছে এখন বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে।

এই ঘটনা ঘটিছে তামিলনাডুৰ কাৰুৰ জিলাত। বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে ৰাজ্যৰ ব্ৰেকফাষ্ট আঁচনিৰ অধীনত প্ৰদান কৰা খাদ্য খাবলৈ অস্বীকাৰ কৰে। সেই খাদ্য দলিত মহিলাই ৰান্ধিছিল বাবেই শিক্ষাৰ্থীসকলে গ্ৰহণ নকৰে খাদ্য।

ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে জিলা উপায়ুক্ত টি প্ৰবু শংকৰে বিদ্যালয়খন পৰিদৰ্শন কৰি এই ছাত্ৰ-ছাত্ৰীসকলৰ অভিভাৱকসকলক অনুসূচিত জাতি/জনজাতিৰ বিৰুদ্ধে নিৰ্যাতন প্ৰতিৰোধ আইনৰ অধীনত সম্ভাৱ্য আইনী ব্যৱস্থাৰ বিষয়ে সকীয়াই দিয়ে।

জিলা উপায়ুক্তগৰাকীয়ে মঙলবাৰে পুৱাৰ ব্ৰেকফাষ্ট আঁচনি পৰিদৰ্শন কৰি এই হিন্দু ছাত্ৰ-ছাত্ৰীসকলৰ অভিভাৱকৰ সৈতে সাক্ষাৎ কৰে। অভিভাৱকসকলে নিজ সন্তানৰ পক্ষত থিয় দি প্ৰয়োজন হ’লে সন্তানক সেই বিদ্যালয়ৰ পৰা উলিয়াই নিবলৈ ইচ্ছুক বুলিয়ো মন্তব্য কৰে।

উল্লেখ্য যে, ৰাজ্যখনৰ প্ৰাথমিক চৰকাৰী বিদ্যালয়সমূহৰ ১৫.৭৫ লাখ ছাত্ৰ-ছাত্ৰীক বিনামূলীয়াকৈ ব্ৰেকফাষ্ট প্ৰদান কৰাৰ লক্ষ্যৰে যোৱা ২৫ আগষ্টত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে এই আঁচনিখন উদ্বোধন কৰিছিল।

এই আঁচনিৰ অধীনতে তামিলনাডুৰ কাৰুৰ জিলাৰ ভেলান চেট্তিয়াৰ পঞ্চায়ত ইউনিয়ন স্কুলত অধ্যয়ন কৰা ৩০ জন ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ১৫ জন ছাত্ৰ-ছাত্ৰীয়ে ব্ৰেকফাষ্ট খাবলৈ অস্বীকাৰ কৰিছিল।

ইয়াৰ পিছতে এই বিষয়টো জিলা প্ৰশাসনক অৱগত কৰা হৈছিল। পৰিকল্পনা সঞ্চালকগৰাকীয়ে এই সন্দৰ্ভত অভিভাৱকসকলক সাক্ষাৎ কৰি এই আঁচনিৰ অংশ হিচাপে তেওঁলোকৰ সন্তানক ব্ৰেকফাষ্ট কৰিবলৈ অনুমতি দিবলৈ অনুৰোধ জনায়।

কিন্তু বিষয়াগৰাকীৰ অনুৰোধৰ পিছতো অভিভাৱকসকলে সন্মতি নিদিয়াত ৩০ আগষ্টৰ পৰা মাত্ৰ দুগৰাকী ছাত্ৰইহে খাদ্য গ্ৰহণ কৰিবলৈ সন্মত হয়। ইয়াৰ পিছতে এই বিষয়টো অত্যন্ত চৰ্চিত হৈ পৰে।

জিলা প্ৰশাসনেও এক বিবৃতি প্ৰকাশ কৰি সকলো অভিভাৱকে নিজৰ সন্তানক ৰাতিপুৱাৰ আহাৰ গ্ৰহণ কৰিবলৈ অনুমতি দিবলৈ অনুৰোধ জনোৱাৰ লগতে এনে কোনো ধৰণৰ বৈষম্যমূলক কাৰ্য সহ্য কৰা নহ’ব বুলি সকীয়াই দিছে।

Recent News

চৰকাৰী শিক্ষানুষ্ঠানত শেষ গজাল মৰাত ব্যস্ত বিজেপি চৰকাৰ

চৰকাৰী শিক্ষানুষ্ঠানত শেষ গজাল মৰাত ব্যস্ত বিজেপি চৰকাৰ

ৰাজ্যিক ভিত্তিত কুইজ প্ৰতিযোগিতা, বিজয়ী সকলে লাভ কৰিব বৃহৎ ধনৰ পুৰস্কাৰ

ৰাজ্যিক ভিত্তিত কুইজ প্ৰতিযোগিতা, বিজয়ী সকলে লাভ কৰিব বৃহৎ ধনৰ পুৰস্কাৰ

ঘোষণা কৰা হ’ল চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা, কৰ’নাৰ ভেকচিনৰ বাবে দুই বিজ্ঞানীয়ে জিনিলে নোবেল

ঘোষণা কৰা হ’ল চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা, কৰ’নাৰ ভেকচিনৰ বাবে দুই বিজ্ঞানীয়ে জিনিলে নোবেল

ৰাছিয়াৰ নৌসেনাৰ শীৰ্ষ বিষয়াক হত্যাৰ দাবী ইউক্ৰেইনৰ

ৰাছিয়াৰ নৌসেনাৰ শীৰ্ষ বিষয়াক হত্যাৰ দাবী ইউক্ৰেইনৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd