• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, August 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কেৱল তামিল আৰু ইংৰাজীৰ বাবে তামিল ভূমি! হিন্দী আধিপত্য ৰোধ কৰিবলৈ ষ্টেলিনৰ নতুন শিক্ষা নীতি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 8, 2025 5:28 pm
50
VIEWS
Share on FacebookShare on Twitter

তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে আৰম্ভণিৰে পৰা কেন্দ্ৰৰ নতুন শিক্ষা নীতিৰ বিৰোধিতা কৰি আহিছে। হিন্দী আধিপত্যৰ বিৰুদ্ধে মাত মাতি তামিলনাডু চৰকাৰে এতিয়া নিজৰ ৰাজ্যতে নতুন শিক্ষা নীতি আৰম্ভ কৰিছে। দ্বিভাষিক নীতিৰ অধীনত ৰাজ্যৰ সকলো বিদ্যালয়তে কেৱল তামিল আৰু ইংৰাজী পাঠদান কৰা হ’ব।

তামিলনাডুত এই দ্বিভাষিক শিক্ষা নীতিৰ কাৰ্যকলাপ ২০২২ চনৰ পৰা আৰম্ভ হৈছিল।এই উদ্দেশ্যে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ মুৰুগেছানৰ নেতৃত্বত ১৪ জনীয়া এখন সমিতি গঠন কৰা হৈছিল। এই সমিতিখনে বিগত বৰ্ষৰ জুলাই মাহত মুখ্যমন্ত্রীক প্রতিবেদন দাখিল কৰিছিল৷ অৱশেষত শুকুৰবাৰে কট্তুৰপুৰমত এই কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে। শেহতীয়াকৈ কেন্দ্ৰৰ ৰাষ্ট্ৰীয় শিক্ষা নীতি আৰু হিন্দী আগ্ৰাসনৰ বিৰুদ্ধে তামিলনাডু চৰকাৰে লোৱা এই পদক্ষেপ নিশ্চিতভাৱে তাৎপৰ্যপূৰ্ণ। কেন্দ্ৰই ৰাষ্ট্ৰীয় শিক্ষা নীতিত তিনিটা ভাষাৰ তত্ত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ বিপৰীতে ষ্টেলিনৰ ৰাজ্যিক শিক্ষা নীতিত দুটা ভাষাৰ কথা কোৱা হৈছে। কেন্দ্ৰৰ তিনিটা ভাষাত ইংৰাজী, হিন্দী আৰু স্থানীয় ভাষাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল। ৰাজ্যৰ শিক্ষা নীতি তামিল আৰু ইংৰাজী শিক্ষাৰ ওপৰত আধাৰিত হ’ব। তাত হিন্দীৰ কোনো উল্লেখ নাই।

মন কৰিবলগীয়া যে, তামিলনাডু, তেলেংগানাৰ দৰে ৰাজ্যই তিনিভাষিক শিক্ষাৰ জৰিয়তে অহিন্দী ৰাজ্যৰ ওপৰত হিন্দীক জোৰ-জবৰদস্তি কৰা হৈছে বুলি বাৰে বাৰে উত্থাপন কৰি আহিছে৷ এই হিন্দী আগ্ৰাসনৰ বিৰুদ্ধে ওলাই আহিছে তামিলনাডুৰ মুখ্যমন্ত্ৰী ষ্টেলিন। তেওঁ অভিযোগ কৰে যে এই হিন্দী আগ্ৰাসনৰ বাবে উত্তৰ ভাৰতৰ বহু ভাষা যেনে ভোজপুৰী, মাইথিলী, আৱাধি, ব্ৰজবুলি, বুণ্ডেলী ধ্বংস হৈছে। তদুপৰি বহু আঞ্চলিক ভাষা মৃত্যুমুখত পৰিছে। হিন্দী ভাষাৰ একচেটিয়া ব্যৱহাৰ প্ৰাচীন মাতৃভাষাক হত্যা কৰাৰ প্ৰয়াস বুলি অভিযোগ কৰে।

কেৱল সেয়াই নহয়, শেহতীয়া ‘বাংলা বাংলাদেশী ভাষা’ বিতৰ্কতো ষ্টেলিনে পশ্চিমবংগ চৰকাৰৰ কাষত থিয় দিছে। এই বিষয়ত ছ’চিয়েল মিডিয়াত তেওঁৰ বাৰ্তা আছিল, ‘যি ভাষাত দেশৰ জাতীয় সংগীত লিখা হৈছিল, সেই ভাষাৰ ওপৰত এয়া আক্ৰমণ। অহিন্দী ভাষাৰ আক্ৰমণৰ প্ৰতি সঁহাৰি জনাই পশ্চিমবংগৰ জনসাধাৰণৰ সন্মুখত ঢাল হিচাপে থিয় দিছে মমতা দিদি।’

Recent News

লাচিত সেনাৰ পৰা শৃংখল চলিহাক অব্যাহতি! দলীয় কাৰ্যসূচীৰ পৰা বিৰত থকাৰ লগতে সংবাদ মাধ্যমত মন্তব্য নকৰিবলৈও নির্দেশ

লাচিত সেনাৰ পৰা শৃংখল চলিহাক অব্যাহতি! দলীয় কাৰ্যসূচীৰ পৰা বিৰত থকাৰ লগতে সংবাদ মাধ্যমত মন্তব্য নকৰিবলৈও নির্দেশ

কেৱল তামিল আৰু ইংৰাজীৰ বাবে তামিল ভূমি! হিন্দী আধিপত্য ৰোধ কৰিবলৈ ষ্টেলিনৰ নতুন শিক্ষা নীতি

কেৱল তামিল আৰু ইংৰাজীৰ বাবে তামিল ভূমি! হিন্দী আধিপত্য ৰোধ কৰিবলৈ ষ্টেলিনৰ নতুন শিক্ষা নীতি

অশান্ত বেলুচিস্তান! ৩১ আগষ্টলৈকে বন্ধ ইন্টাৰনেট সেৱা

অশান্ত বেলুচিস্তান! ৩১ আগষ্টলৈকে বন্ধ ইন্টাৰনেট সেৱা

বিৰোধীৰ তীব্ৰ বিৰোধিতা! লোকসভাৰ পৰা আয়কৰ বিধেয়ক প্ৰত্যাহাৰ মোদী চৰকাৰৰ

বিৰোধীৰ তীব্ৰ বিৰোধিতা! লোকসভাৰ পৰা আয়কৰ বিধেয়ক প্ৰত্যাহাৰ মোদী চৰকাৰৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd