চাহ বাগিচাতো উঠিল ‘কা’ বাতিলৰ দাবী, জয় আই অসম ধ্বনিৰে প্ৰতিবাদ শ্ৰমিকৰ

IMG_20191219_095136

ফটো : নৰ্থ-ইষ্ট নাও

বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ নাগ্ৰীজুলি চাহ বাগিচাৰ কৰ্মচাৰী সন্থা আৰু নাগ্ৰীজুলি চাহ বাগিচাৰ চাহ মজদুৰ সংঘৰ উদ্যোগত নাগ্ৰীজুলি প্ৰাইমাৰী চাহ জনজাতি ছাত্ৰ সন্থা আৰু অসম উড়িয়া যুৱ ছাত্ৰ পৰিষদৰ সহযোগত নাগ্ৰীজুলিৰ ৰাজপথত ‘কা’ বাতিলৰ দাবীত এক বিশাল প্ৰতিবাদী সমদল উলিওৱা হয়।

নাগ্ৰীজুলি চাহ বাগিচা খেল পথাৰৰ পৰা আৰম্ভ কৰা এই প্ৰতিবাদী সমদলত সংগঠন সমূহৰ নেতা-কৰ্মী সকলৰ উপৰি নাগ্ৰীজুলি চাহ বাগিচাৰ পুৰুষ-মহিলা, যুৱক-যুৱতী চাহ শ্ৰমিক সকলৰ লগতে অঞ্চলটোৰ বয়োজ্যেষ্ঠ লোক, ছাত্র-ছাত্ৰী সকলে অংশ গ্ৰহণ কৰে।

প্ৰতিবাদকাৰী সকলে  হাতে হাতে বেনাৰ, পোষ্টাৰ, ফেষ্টুন আদি লৈ আমি ‘কা’ নামানো, ‘কা’ বাতিল কৰিবই লাগিব, বিজেপি চৰকাৰ হাই  হাই, বিজেপি গ’ বেক, সৰ্বানন্দ সোণোৱাল মুর্দাবাদ, হিমন্ত বিশ্ব হাই হাই,  জাতি-মাটি-ভেটি ৰক্ষা কৰক, অসম চৰকাৰ হাই হাই, অমিত শ্বাহ হাই হাই আদি শ্ল’গানেৰে নাগ্ৰীজুলিৰ পৰিৱেশ উত্তাল কৰি তোলে।

নাগ্ৰীজুলি চাহ বাগিচাৰ পৰা ওদালগুৰি-নাগ্ৰীজুলি-তামুলপুৰ সংযোগী পথেৰে আহি নাগ্ৰীজুলি বজাৰ অঞ্চল পৰিভ্ৰমণ কৰি  প্ৰতিবাদকাৰী সকলে একেই পথেৰে মুঠ প্ৰায় আঠ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ অতিক্ৰম কৰি পুনৰ নাগ্ৰীজুলি চাহ বাগিচালৈ উভতি আহি এক প্ৰতিবাদী সভা অনুষ্ঠিত কৰে।

এই প্ৰতিবাদী সমদলত উপস্থিত থাকি অসম চাহ  জনজাতি ছাত্র সন্থাৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য অজয় কৰ্মালি, বাক্সা জিলা চাহ জনজাতি ছাত্র সন্থাৰ উপদেষ্টা উদয় নায়ক, বাক্সা জিলা সমিতিৰ সহকাৰী সম্পাদকৰ লগতে বিভিন্ন লোক উপস্থিত থাকে।

প্ৰতিবাদী কাৰ্যসূচীত নাগ্ৰীজুলি শাখা ছাত্র সন্থাইও সহযোগ আগবঢ়ায়। চাহ জনগোষ্ঠীয় সংগঠন সমূহে ‘কা’ বিৰোধী আন্দোলনৰ ক্ষেত্ৰত সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যসূচী সমূহত পূৰ্ণ সমৰ্থন আগবঢ়াই যাব বুলি আজি সংবাদ মাধ্যমৰ জৰিয়তে অসম চাহ জনজাতি ছাত্র সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য অজয় কৰ্মালিয়ে সদৰী কৰিছে।