• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আকৌ মুন্নাভাই! তামুলপুৰৰ কুমাৰীকাটাত আটক ভুৱা MBBS

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
July 23, 2021 8:27 am
fake doctor arrested Tamulpur

আৰক্ষীৰ জালত ভুৱা চিকিৎসক মনজিৎ দাস। ফটো: নৰ্থইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যি সময়ত চিকিৎসক হ’বলৈ ছাত্ৰ-ছাত্ৰী সকলে ৰাতিক দিন কৰি হাড় ভঙা পৰিশ্ৰম কৰিব লগা হৈছে, চিকিৎসক হোৱাৰ বাবে অভিভাৱক সকলে লাখ লাখ টকা খৰচ কৰিব লগা হৈছে, তেনে সময়তে এচাম লোকে মেধাৱী ছাত্ৰ-ছাত্ৰীৰ শ্ৰমক ভৰিৰে মোহাৰি শিক্ষা জগতক কলুষিত কৰি সমাজ তথা সভ্যতাক উপলুঙা কৰা দেখা গৈছে।

চিকিৎসা জগতক ভেঙুচালি কৰি মানুহৰ জীৱনক লৈ হেতালি খেলি নিজৰ স্বাৰ্থ পূৰণ কৰি বিলাসী জীৱন কটাই গৈছে এচাম ধুৰন্ধৰ লোকে।

কিন্তু এশ গৰু খালে বাঘৰো মৰণ। সেই কথাই প্ৰমাণিত হ’ল তামুলপুৰ মহকুমাৰ কুমাৰীকাটাত।

নিজকে চিকিৎসক বুলি দম্ভালি মাৰি বিলাসী গাড়ীত ঘূৰা ভুৱা চিকিৎসকৰ হাতত লাগিল হেণ্ডকাফ। বাতানুকূল কোঠাৰ পৰিবৰ্তে নিশাৰ ঠিকনা হৈ পৰিল তামুলপুৰ আৰক্ষী থানাৰ বন্ধ কুঠৰী।

এই প্ৰৱঞ্চকজন হৈছে নিজকে MBBS চিকিৎসক বুলি নিদান পত্ৰত নাম লিখি কুমাৰীকাটাত চিকিৎসা চলাই যোৱা এম কে দাস ওৰফে মনজিৎ দাস।

কুমাৰীকাটা বজাৰত কুমাৰীকাটা ৰাজ্যিক চিকিৎসালয়ৰ প্ৰায় সম্মুখত আছে নাৰায়ণ মেডিকেল ষ্টোৰ এণ্ড আস্থা ক্লিনিকেল লেব’ৰেটৰী নামৰ এখন ফাৰ্মাচী আৰু এই ফাৰ্মাচীখনত বহিয়েই বহু বছৰ ধৰি মনজিৎ দাসে চলাই গৈছিল তেওঁৰ চিকিৎসাৰ ব্যৱসায়।

মুন্নাভাই এমবিবিএছ ৰূপী চিকিৎসক গৰাকীয়ে মানুহক সজাই গৈছিল গিনিপিগ।  কিন্তু বৃহস্পতিবাৰে মনজিতৰ গুৰু বৃহস্পতিৰ দশা বেয়া আছিল।

তামুলপুৰৰ  মহকুমাধিপতি ডাঃ বেদাংগ তালুকদাৰৰ নিৰ্দেশত বৃহস্পতিবাৰে তামুলপুৰৰ অতিৰিক্ত সহকাৰী আয়ুক্ত (ই এ চি ) প্ৰীতম ঠাকুৰীয়াই কুমাৰীকাটা অঞ্চলতত এক অভিযান চলাইছিল।

অভিযানত কালত কুমাৰীকাটা বজাৰত থকা নাৰায়ণ মেডিকেল ষ্টোৰ এণ্ড আস্থা ক্লিনিকেল লেব’ৰেটৰী নামৰ ফাৰ্মাচীৰ পৰা ভুৱা MBBS মনজিৎ দাসক আটক কৰি  তামুলপুৰ আৰক্ষী থানাত গতাই দিয়ে। তামুলপুৰ মহকুমা প্ৰশাসনে মনজিৎ দাসৰ বিৰুদ্ধে তামুলপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে।

আৰক্ষী সূত্ৰৰ মতেও মনজিৎ দাসে অঞ্চলটোত আজি বহু বছৰ ধৰি নিজকে এজন MBBS চিকিৎক ৰূপে চিনাকি দি চিকিৎসা চলাই আছিল।

আৰক্ষীৰ তদন্তত ওলাই পৰিছে যে মনজিৎ দাস এগৰাকী ফিজিঅ’ থেৰাপিষ্ট ডিপ্ল’মাধাৰী লোক।

আৰক্ষীয়ে মনজিৎ দাসৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে। আজি মনজিতক বাক্সা জিলাৰ সদৰ মুছলপুৰৰ আদালতত হাজিৰ কৰোৱা হব।

দীপক কুমাৰ পাঠক

দীপক কুমাৰ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মেঘালয়ত মন্ত্ৰীসভাৰ সালসলনি : পদত্যাগ কৰিলে ৮ গৰাকী মন্ত্ৰীয়ে

মেঘালয়ত মন্ত্ৰীসভাৰ সালসলনি : পদত্যাগ কৰিলে ৮ গৰাকী মন্ত্ৰীয়ে

September 16, 2025 5:53 pm
উমৰাংছ’ত ৰেট হল মাইনিং চলোৱা সকলৰ বিৰুদ্ধে হত্যাৰ অভিযোগত গোচৰ চলাওক : নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়

উমৰাংছ’ত ৰেট হল মাইনিং চলোৱা সকলৰ বিৰুদ্ধে হত্যাৰ অভিযোগত গোচৰ চলাওক : নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়

September 16, 2025 5:47 pm
কৰমৰ্দন বিতৰ্কৰ মাজতে পানীত পৰিল পাকিস্তানৰ আশাঃ এছিয়া কাপৰ মেচ ৰেফাৰীক বাদ দিয়াৰ দাবী নাকচ ICC-ৰ

কৰমৰ্দন বিতৰ্কৰ মাজতে পানীত পৰিল পাকিস্তানৰ আশাঃ এছিয়া কাপৰ মেচ ৰেফাৰীক বাদ দিয়াৰ দাবী নাকচ ICC-ৰ

September 16, 2025 5:22 pm
বাংলাদেশীৰ পৰা নাইজেৰিয়ানলৈ ১৬ হাজাৰ বিদেশীক ভাৰতৰ পৰা বিতাড়িত কৰাৰ প্ৰস্তুতি চলাইছে কেন্দ্ৰই

বাংলাদেশীৰ পৰা নাইজেৰিয়ানলৈ ১৬ হাজাৰ বিদেশীক ভাৰতৰ পৰা বিতাড়িত কৰাৰ প্ৰস্তুতি চলাইছে কেন্দ্ৰই

September 16, 2025 4:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মেঘালয়ত মন্ত্ৰীসভাৰ সালসলনি : পদত্যাগ কৰিলে ৮ গৰাকী মন্ত্ৰীয়ে

মেঘালয়ত মন্ত্ৰীসভাৰ সালসলনি : পদত্যাগ কৰিলে ৮ গৰাকী মন্ত্ৰীয়ে

September 16, 2025 5:53 pm
উমৰাংছ’ত ৰেট হল মাইনিং চলোৱা সকলৰ বিৰুদ্ধে হত্যাৰ অভিযোগত গোচৰ চলাওক : নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়

উমৰাংছ’ত ৰেট হল মাইনিং চলোৱা সকলৰ বিৰুদ্ধে হত্যাৰ অভিযোগত গোচৰ চলাওক : নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়

September 16, 2025 5:47 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd