যি সময়ত চিকিৎসক হ’বলৈ ছাত্ৰ-ছাত্ৰী সকলে ৰাতিক দিন কৰি হাড় ভঙা পৰিশ্ৰম কৰিব লগা হৈছে, চিকিৎসক হোৱাৰ বাবে অভিভাৱক সকলে লাখ লাখ টকা খৰচ কৰিব লগা হৈছে, তেনে সময়তে এচাম লোকে মেধাৱী ছাত্ৰ-ছাত্ৰীৰ শ্ৰমক ভৰিৰে মোহাৰি শিক্ষা জগতক কলুষিত কৰি সমাজ তথা সভ্যতাক উপলুঙা কৰা দেখা গৈছে।
চিকিৎসা জগতক ভেঙুচালি কৰি মানুহৰ জীৱনক লৈ হেতালি খেলি নিজৰ স্বাৰ্থ পূৰণ কৰি বিলাসী জীৱন কটাই গৈছে এচাম ধুৰন্ধৰ লোকে।
কিন্তু এশ গৰু খালে বাঘৰো মৰণ। সেই কথাই প্ৰমাণিত হ’ল তামুলপুৰ মহকুমাৰ কুমাৰীকাটাত।
নিজকে চিকিৎসক বুলি দম্ভালি মাৰি বিলাসী গাড়ীত ঘূৰা ভুৱা চিকিৎসকৰ হাতত লাগিল হেণ্ডকাফ। বাতানুকূল কোঠাৰ পৰিবৰ্তে নিশাৰ ঠিকনা হৈ পৰিল তামুলপুৰ আৰক্ষী থানাৰ বন্ধ কুঠৰী।
এই প্ৰৱঞ্চকজন হৈছে নিজকে MBBS চিকিৎসক বুলি নিদান পত্ৰত নাম লিখি কুমাৰীকাটাত চিকিৎসা চলাই যোৱা এম কে দাস ওৰফে মনজিৎ দাস।
কুমাৰীকাটা বজাৰত কুমাৰীকাটা ৰাজ্যিক চিকিৎসালয়ৰ প্ৰায় সম্মুখত আছে নাৰায়ণ মেডিকেল ষ্টোৰ এণ্ড আস্থা ক্লিনিকেল লেব’ৰেটৰী নামৰ এখন ফাৰ্মাচী আৰু এই ফাৰ্মাচীখনত বহিয়েই বহু বছৰ ধৰি মনজিৎ দাসে চলাই গৈছিল তেওঁৰ চিকিৎসাৰ ব্যৱসায়।
মুন্নাভাই এমবিবিএছ ৰূপী চিকিৎসক গৰাকীয়ে মানুহক সজাই গৈছিল গিনিপিগ। কিন্তু বৃহস্পতিবাৰে মনজিতৰ গুৰু বৃহস্পতিৰ দশা বেয়া আছিল।
তামুলপুৰৰ মহকুমাধিপতি ডাঃ বেদাংগ তালুকদাৰৰ নিৰ্দেশত বৃহস্পতিবাৰে তামুলপুৰৰ অতিৰিক্ত সহকাৰী আয়ুক্ত (ই এ চি ) প্ৰীতম ঠাকুৰীয়াই কুমাৰীকাটা অঞ্চলতত এক অভিযান চলাইছিল।
অভিযানত কালত কুমাৰীকাটা বজাৰত থকা নাৰায়ণ মেডিকেল ষ্টোৰ এণ্ড আস্থা ক্লিনিকেল লেব’ৰেটৰী নামৰ ফাৰ্মাচীৰ পৰা ভুৱা MBBS মনজিৎ দাসক আটক কৰি তামুলপুৰ আৰক্ষী থানাত গতাই দিয়ে। তামুলপুৰ মহকুমা প্ৰশাসনে মনজিৎ দাসৰ বিৰুদ্ধে তামুলপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে।
আৰক্ষী সূত্ৰৰ মতেও মনজিৎ দাসে অঞ্চলটোত আজি বহু বছৰ ধৰি নিজকে এজন MBBS চিকিৎক ৰূপে চিনাকি দি চিকিৎসা চলাই আছিল।
আৰক্ষীৰ তদন্তত ওলাই পৰিছে যে মনজিৎ দাস এগৰাকী ফিজিঅ’ থেৰাপিষ্ট ডিপ্ল’মাধাৰী লোক।
আৰক্ষীয়ে মনজিৎ দাসৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে। আজি মনজিতক বাক্সা জিলাৰ সদৰ মুছলপুৰৰ আদালতত হাজিৰ কৰোৱা হব।