তামুলপুৰত ল’কডাউনৰ সময়ত সুৰাভৰ্তি বাহন জব্দ

বাক্সা জিলাৰ তামুলপুৰত বুধবাৰে নিশা তামুলপুৰ আৰক্ষীয়ে অভিযান চলাই এখন মৰুতী গাড়ী সহ অবৈধ সুৰা জব্দ কৰাৰ লগতে দুজন লোকক আটক কৰে।

অভিযানৰ কালত গাড়ীখনৰ পৰা ১২ কাৰ্টুন সুৰা জব্দ কৰে  তামুলপুৰ আৰক্ষীয়ে। তামুলপুৰৰ অজ্ঞাত স্থানৰ পৰা দৰংগা মেলালৈ সুৰাখিনি লৈ গৈ থকা অৱস্থাত ৰঙিয়া-তামুলপুৰ-ভূটান পথত গাড়ী সহ আৰক্ষীয়ে সুৰাখিনি জব্দ কৰে।

আৰক্ষীয়ে জনোৱা অনুসৰি সুৰা খিনি প্ৰেম তামাং নামৰ লোক এজনে ক্ৰয় কৰি আনিছিল।

আনহাতে, এই ঘটনাত আৰক্ষীয়ে প্ৰেম তামাং আৰু মইনুউদ্দীন নামৰ  দুজন লোকক আটক কৰিছে।

আৰক্ষীয়ে সুৰাৰ সৈতে জব্দ কৰা গাড়ীখনৰ নম্বৰ হৈছে এ এছ-০১-বি ডব্লিউ-৮৭৪১।

প্ৰেম তামাং নামৰ লোকজনে সুৰা খিনি ঘৰতে  বিক্ৰীৰ বাবে অনা বুলি স্বীকাৰ কৰিছে সাংবাদ মাধ্যমৰ  আগত।

উল্লেখযোগ্য যে, ল’কডাউনৰ সময়ত ৰাজ্যত সুৰাবিক্ৰী বন্ধ হৈ থকাৰ পাছতে চৰকাৰে কিছুদিন পূৰ্বে সুৰা বিক্ৰীৰ অনুমতি প্ৰদান কৰিছিল।