ভণ্ড তান্ত্ৰিকৰ নৃশংস প্ৰতিশোধ: চকুৰ সমুখত পৰ পুৰুষ-পৰস্ত্ৰীক যৌন সংগমত লিপ্ত হ’বলৈ দি সংগমৰত অৱস্থাতে ফেভিকল ঢালি হত্যা

Tantrik kills couple

ইটোৰ পিছত সিটো চাঞ্চল্যকৰ হত্যাকাণ্ডই দেশত উদ্বেগৰ সৃষ্টি কৰাৰ সময়তে এইবাৰ ৰাজস্থানত সংঘটিত এক নৃশংস হত্যাকাণ্ডই পুনৰ সংবাদ শিৰোনাম দখল কৰিছে। একপক্ষীয় প্ৰেমত বিফলতাৰ মুখ দেখি এগৰাকী পুৰুষ আৰু এগৰাকী মহিলাক এক আজৱ উপায়েৰে হত্যা কৰিছে এগৰাকী ভণ্ড তান্ত্ৰিকে।

যোৱা ১৮ নৱেম্বৰত অৰণ্যৰ মাজত দুয়োটা মৃতদেহ উলংগ অৱস্থাত উদ্ধাৰ কৰাৰ পিছত এই চাঞ্চল্যকৰ হত্যাকাণ্ড পোহৰলৈ আহিছে। আৰক্ষীয়ে জানিবলৈ দিয়া মতে মৃতদেহ উদ্ধাৰৰ তিনি দিন পূৰ্বেই এই হত্যাকাণ্ড সংঘটিত হৈছিল।

ৰাজস্থানৰ উদয়পুৰৰ কেলাবাবাদী বনাঞ্চলত মৃতদেহ দুটা উদ্ধাৰৰ পিছতে আৰক্ষীয়ে ইতিমধ্যে হত্যাৰ অভিযোগত ৫৫ বছৰীয়া তান্ত্ৰিক গৰাকীক গ্ৰেপ্তাৰ কৰিছে। ধৃত তান্ত্ৰিকগৰাকীক জেৰাৰ পিছতে পোহৰলৈ আহিছে এই হত্যাকাণ্ডৰ নৃশংসতাৰ স্বৰূপ।

আৰক্ষীয়ে তদন্তৰ আৰম্ভণিতে ভুক্তভোগীৰ জাতিগত পাৰ্থক্য আৰু দুয়োজনক হত্যা কৰা পদ্ধতিৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষীয়ে এয়া ‘অনাৰ কিলিং’ৰ ঘটনা বুলি কৰিছিল। কিন্তু আৰক্ষীয়ে তান্ত্ৰিকগৰাকীক গ্ৰেপ্তাৰ কৰাৰ পিছতে গোচৰটোৰ ৰহস্য ফাদিল হয়।

নিহত দুয়োগৰাকী পুৰুষ-মহিলাক ক্ৰমে ৩০ বৰ্ষীয় ৰাহুল মীনা আৰু ২৮ বৰ্ষীয় চনু কুনৱৰ বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীৰ তথ্য অনুসৰি ৰাহুল আৰু চনু দুয়ো পৃথক পৃথক লোকৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। দুয়োগৰাকী ব্যক্তিৰ পৰিয়ালে তান্ত্ৰিকগৰাকীৰ ওচৰলৈ যোৱাৰ সময়তে দুয়ো পৰস্পৰৰ সৈতে চিনাকি হৈছিল।

লাহে লাহে দুয়োৰে মাজত এক সু-সম্পৰ্ক গঢ় লৈ উঠে আৰু ইয়াৰ পৰিণতিত ৰাহুলৰ সংসাৰত পত্নীৰ লগত সঘনাই কাজিয়া হ’বলৈ ধৰে। এনে পৰিস্থিতিত ৰাহুলৰ পত্নীয়ে সহায় বিচাৰি ভলেশ কুমাৰ নামৰ তান্ত্ৰিকজনৰ কাষ চাপে।

আৰক্ষীৰ মতে, ভলেশ নামৰ তান্ত্ৰিকগৰাকী নিজেই চনুৰ প্ৰতি আকৃষ্ট হৈ পৰিছিল আৰু সেয়ে তেওঁ ৰাহুলৰ পত্নীক ৰাহুল আৰু চনুৰ অবৈধ সম্পৰ্কৰ বিষয়ে অৱগত কৰিছিল। ৰাহুলে এই কথা জানিব পাৰি তান্ত্ৰিকগৰাকীৰ বিৰুদ্ধে ভুৱা নিৰ্যাতনৰ গোচৰ ৰুজু কৰাৰ ভাবুকি দি মুখ বন্ধ ৰখাৰ চেষ্টা কৰে।

ইফালে বছৰ বছৰ ধৰি মানুহৰ মাজত গঢ়ি তোলা সুনাম হেৰুওৱাৰ আশংকাত তান্ত্ৰিকগৰাকীয়ে তেওঁলোকৰ বিৰুদ্ধে প্ৰতিশোধ লোৱাৰ পৰিকল্পনা কৰে। আৰক্ষীয়ে জানিবলৈ দিয়া মতে, এই পৰিকল্পনা অনুসৰিয়েই তান্ত্ৰিকজনে প্ৰায় ৫০টা টিউব ফেভিকুইক কিনি এটা বটলত মিলায় লয়।

১৫ নৱেম্বৰৰ সন্ধিয়া তেওঁ ৰাহুল আৰু চনুক এখন হাবিৰ নিৰ্জন অঞ্চললৈ মাতি আনি সন্মুখতে যৌন সম্পৰ্ক স্থাপন কৰিবলৈ কয়। তান্ত্ৰিকৰ কথামতেই দুয়োগৰাকীয়ে যৌন সংগমত লিপ্ত হোৱাৰ সময়তে তান্ত্ৰিকগৰাকীয়ে তেওঁলোকৰ ওপৰত বটলটোৰ পৰা ফেভিকুইক ঢালি দিয়ে।

আৰক্ষীৰ ভাষ্য অনুসৰি, তান্ত্ৰিকৰ উদ্দেশ্য আছিল দুয়ো গৰাকী পুৰুষ-মহিলাক সংগমৰত অৱস্থাত কৰা, যাতে মানুহে মৃতদেহ দুটা আপত্তিজনক অৱস্থাত উদ্ধাৰ কৰে।

ইফালে তান্ত্ৰিকৰ এনে অমানুষিক কৰ্মৰ পিছতে ৰাহুল আৰু চনুৱে যথেষ্ট সময় ধৰি ইজনে সিজনৰ সৈতে সংপৃক্ত হৈ থাকে। ইগৰাকীয়ে সিগৰাকীৰ পৰা নিজকে আঁতৰ কৰাৰ চেষ্টাত তেওঁলোকৰ গাৰ ছালখন ফাটি যায়। তদুপৰি ৰাহুলৰ যৌনাংগ শৰীৰৰ পৰা বিচ্ছিন্ন হোৱাৰ লগতে চনুৰ গুপ্তাংতো আঘাত লাগে।

আৰক্ষীয়ে লগতে সদৰী কৰা মতে, এই সময়ছোৱাত তান্ত্ৰিকগৰাকীয়ঃ ৰাহুল আৰু চনু দুয়োকে দাৰে আক্ৰমণ কৰে আৰু দাৰে ঘপিয়াই হত্যা কৰে। এই জঘন্য কাণ্ড সংঘটিত কৰি তেওঁ ঘটনাস্থলীৰ পৰা পলায়ন কৰে।

উদয়পুৰৰ আৰক্ষী অধীক্ষক বিকাশ কুমাৰে ঘটনা সন্দৰ্ভত জানিবলৈ দিয়া মতে , আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰাৰ পিছত অঞ্চলটোৰ ওচৰ-পাজৰে থকা প্ৰায় ৫০টা চিচিটিভি কেমেৰাৰ ফুটেজ পৰীক্ষা কৰি প্ৰায় ২০০ গৰাকী স্থানীয় লোকক সোধা-পোছা কৰে।

তদন্তৰ সময়ত পোৱা প্ৰমাণৰ ভিত্তিত আৰক্ষীয়ে দম্পতীহালৰ মৃত্যুত ভলেশ কুমাৰ জড়িত থকাৰ সন্দেহ কৰে আৰু তেওঁক জিম্মাত লৈ জেৰা কৰাৰ সময়তে তান্ত্ৰিক ভলেশ কুমাৰে হত্যাকাণ্ডৰ কথা স্বীকাৰ কৰে। ইতিমধ্যে আৰক্ষীয়ে ধৃত ভলেশ কুমাৰক তিনিদিনৰ জিম্মাত লৈ ঘটনা সন্দৰ্ভত অধিক জেৰা চলাইছে বুলি জানিব পৰা গৈছে।