• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গগৈ, সোণোৱাল দুয়ো জড়িত ভাষিক আৰু ধৰ্মীয় সংখ্যালঘু নিঃশেষৰ ষড়যন্ত্ৰত: মত আমছুৰ

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
June 15, 2019 9:14 pm
Tarun Gogoi and Sarbananda Sonowal involved in 'minority destruction design', alleges AAMSU

প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ আৰু বৰ্তমান মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমছুৰ মতে অসমত ভাষিক আৰু ধৰ্মীয় সংখ্যালঘু নিঃশেষৰ ষড়যন্ত্ৰত প্ৰাক্তন আৰু বৰ্তমানৰ মুখ্য মন্ত্ৰী ক্ৰমে তৰুণ গগৈ আৰু সৰ্বানন্দ সোণোৱাল দুয়ো জড়িত।

সোনাউল্লাহ, মধুবালা মণ্ডল, অন্নবালা ৰায়ক বিদেশী ন্যায়াধিকৰণে ডিটেনশ্যন কেম্পলৈ পঠিওৱা বিষয়ে দেশজুৰি চৰ্চা অব্যাহত থকাৰ সময়তে এয়া ধৰ্মীয় আৰু ভাষিক সংখ্যালঘুক নিঃশেষ কৰাৰ বাবে চৰকাৰী ষড়যন্ত্ৰ আখ্যা দিছে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৱে। লগতে এই ষড়যন্ত্ৰমূলক প্ৰক্ৰিয়াত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল প্ৰত্যক্ষভাৱে জড়িত থকা বুলি অভিযোগ কৰিছে সংগঠনটোৱে।

শনিবাৰে আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে দিচপুৰস্থিত সংগঠনটোৰ মুখ্য কাৰ্য্যালয়ত এখন সংবাদমেল অনুষ্ঠিত কৰি এই অভিযোগ উত্থাপন কৰে।

‘ধৰ্মীয় আৰু ভাষিক সংখ্যালঘু ভাৰতীয় নাগৰিকক বিদেশী সজোৱা এটা মেচিন তৈয়াৰ কৰা হৈছে আৰু এই মেচিনটো চলাই আছে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। সংখ্যালঘুসকলক গুলীয়াই হত্যা কৰিব নোৱাৰে, শৈক্ষিক-সামাজিক ক্ষেত্ৰৰ ফালৰ পৰা হত্যা কৰিব নোৱাৰে গতিকে ডিটেনশ্যন কেম্পত ভৰাই তেওঁলোকক জীৱন্তে হত্যা কৰাৰ ব্লু প্ৰিন্ট ৰচনা কৰি সৰ্বানন্দ সোণোৱালে এই দুটা বিভাগ (সীমান্ত আৰক্ষী আৰু বিদেশী ন্যায়াধিকৰণ)ৰ জৰিয়তে কাম কৰি আছে। বৰ্তমানৰ মুখ্য মন্ত্ৰীগৰাকীৰ উপৰিও পূৰ্বৰ মুখ্য মন্ত্ৰী তৰুণ গগৈও সমানেই জগৰীয়া। দুয়োগৰাকীয়েই সংখ্যালঘুক নিঃশেষ কৰাৰ ষড়যন্ত্ৰত লিপ্ত আছে’, এই মন্তব্য আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰৰ।

ডিটেনশ্যন কেম্পত থকা লোক সন্দৰ্ভত সীমান্ত আৰক্ষীয়ে বিদেশী ন্যায়াধিকৰণত দাখিল কৰা প্ৰতিবেদন পুনৰীক্ষণ কৰিলে ৯৬শতাংশ ক্ষেত্ৰতেই সোনাউল্লাহৰ নিচিনা প্ৰতিবেদন দিয়া হৈছে আৰু তাৰ ভিত্তিত বিদেশী ন্যায়াধিকৰণে তেওঁলোকৰ ক্ষেত্ৰত একপক্ষীয় ৰায় দিছে বুলিও তেওঁ অভিযোগ কৰে।

ধৰ্মীয় আৰু ভাষিক সংখ্যালঘুসকলক মুখ্য মন্ত্ৰী সোণোৱালে টাৰ্গেট কৰি লোৱা বুলিও ৰেজাউল কৰিম সৰকাৰে মন্তব্য কৰে।

‘সংখ্যালঘু সকলৰ বিৰুদ্ধে এনেধৰণৰ ষড়যন্ত্ৰ চলি থাকিলে আমি স্ব-ইচ্ছাই গৈ চৰকাৰে নিৰ্মাণ কৰা ডিটেনশ্যন কেম্পত সোমাম’, প্ৰতিবাদ সাব্যস্ত কৰি আমছুৰ সভাপতিগৰাকীয়ে কয়।

ইপিনে, সংবাদমেলখনত আমছুৰ উপদেষ্টা আজিজুৰ ৰহমানে যোৱা ৩০ মে’ত চৰকাৰে প্ৰকাশ কৰা বিদেশী ন্যায়াধিকৰণ অধিনিয়ম, ১৯৬৪ৰ ৩ নং ধাৰাৰ সংশোধনী সন্দৰ্ভত কৰা গেজেট নটিফিকেশ্যনৰ বিৰোধিতা কৰে। এই অধিনিয়মৰ সংশোধিত ৩নং ধাৰাৰ ১০নং উপধাৰা অনুসৰি এন আৰ চিৰ চূড়ান্ত তালিকাৰ পৰা বাদ পৰা লোকসকলে দাখিল কৰা আপীলৰ মেৰিট থাকিলেহে আপীলৰ শুনানিৰ বাবে আপীলকাৰী আৰু চৰকাৰৰ সংশ্লিষ্ট কৰ্তৃপক্ষক জাননি জাৰি কৰিব।

ৰহমানে এই সংশোধনীৰ বিৰোধিতা কৰি কয়, ‘এই সংশোধনী গ্ৰহণযোগ্য নহয়। কাৰণ শুনানি গ্ৰহণ কৰাৰ পূৰ্বেই যদি ন্যায়াধিকৰণৰ সদস্যজনক আপীলকাৰীৰ মেৰিট আছে নে নাই তাৰ নিৰ্ধাৰণৰ সৰ্বোচ্চ ক্ষমতা প্ৰদান কৰা হয় তেনেহ’লে ইতিমধ্যে বিভিন্ন সময়ত পক্ষপাতদুষ্ট সিদ্ধান্ত প্ৰদান কৰা সদস্যসকলে কোনো বিচাৰ নকৰাকৈ যে সিদ্ধান্ত নিদিব সেয়া নুই কৰিব নোৱাৰি’।

ইপিনে বিদেশী ন্যায়াধিকৰণৰ গোচৰসমূহ চলাবলৈ কোনো সুনিৰ্দিষ্ট নীতি বা procedure code নথকাত ভিন ভিন বিদেশী ন্যায়াধিকৰণ সদস্যই ভিন ভিন নীতিৰে গোচৰসমূহ চলোৱাৰ অভিযোগ আনিছে। একেটা প্ৰসংগতে বিদেশী ন্যায়াধিকৰণ অধিনিয়ম, ১৯৬৪ৰ ৩ নং ধাৰাৰ সংশোধিত ১৭নং উপধাৰাই বিদেশী ন্যায়াধিকৰণ সমূহক নিজৰ মতেই নিজৰ কাম সমূহ চলোৱাৰ অনুমতি প্ৰদান কৰিছে বুলিও আজিজুৰ ৰহমানে মন্তব্য কৰিছে।

তেওঁ কয় যে এই উপধাৰাই ন্যায়াধিকৰণৰ সদস্যসকলক একনায়কত্ববাদ আৰু স্বৈৰাচাৰিতা প্ৰদৰ্শন কৰাৰ সুযোগ প্ৰদান কৰিলে। তেওঁ লগতে বিদেশী ন্যায়াধিকৰণৰ গোচৰসমূহৰ বাবে এক সুনিৰ্দিষ্ট নীতি প্ৰস্তুত কৰিবলৈও দাবী জনায়।

ইয়াৰ উপৰি আজিজুৰ ৰহমানে বিদেশী ন্যায়াধিকৰণত ঠিকাভিত্তিক সদস্য নিযুক্তি দিয়াৰ প্ৰসংগ উত্থাপন কৰি এই ব্যৱস্থাৰ বিৰোধিতা কৰে।  লগতে বিদেশী ন্যায়াধিকৰণক আংশিক ন্যায়িক (Quasi Judicial) ক্ষমতা প্ৰদান কৰাৰো বিৰোধিতা কৰে।

ইয়াৰ বিপৰীতে বিদেশী ন্যায়াধিকৰণৰ সমগ্ৰ প্ৰক্ৰিয়াটোক স্বচ্ছ, নিকা আৰু নিৰপেক্ষ কৰিবলৈ Quasi judicialৰ পৰা সম্পূৰ্ণ ন্যায়িক ক্ষমতা প্ৰদান কৰাৰ লগতে পূৰ্ণাংগ পৰ্য্যায়ৰ ন্যায়িক বিষয়া নিয়োগ কৰাৰ বাবেও আজিজুৰ ৰহমানে দাবী জনায়। বিদেশী ন্যায়াধিকৰণৰ সিদ্ধান্ত প্ৰত্যাহ্বান জনাবলৈ আপীল কৰ্তৃপক্ষৰ ব্যৱস্থা কৰিব লাগে বুলিও তেওঁ মন্তব্য কৰে।

আমছুৰ দাবীসমূহ পূৰণ নকৰিলে সমগ্ৰ ৰাজ্যব্যাপী ধৰ্ণা, প্ৰতিবাদী সভা, ডিটেনশ্যন কেম্প ভৰো কাৰ্য্যসূচী, আমৰণ অনশন আদি গণতান্ত্ৰিক আন্দোলনৰ পথ ল’ব বুলিও সংবাদমেলত সংগঠনটোৱে সদৰি কৰে। এই আন্দোলনৰ প্ৰাথমিক পৰ্য্যায়ত চৰকাৰ, প্ৰশাসন আৰু ন্যায়িক কৰ্তৃপক্ষলৈ স্মাৰক পত্ৰ প্ৰদান আৰু ইয়াৰ পাছত ৩১ জুলাইৰ ভিতৰত ৰাজ্যৰ প্ৰতিখন জিলাতে কমেও এখনকৈ প্ৰতিবাদী সভা অনুষ্ঠিত কৰিব বুলিও সংগঠনটোৱে জানিবলৈ দিয়ে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ভুৱা ভোটাৰ বিতৰ্ক: ৰাহু গান্ধীৰ পদযাত্ৰাৰ আৰম্ভণিৰ দিনাই নিৰ্বাচন আয়োগৰ সংবাদমেল আয়োজন

ভুৱা ভোটাৰ বিতৰ্ক: ৰাহু গান্ধীৰ পদযাত্ৰাৰ আৰম্ভণিৰ দিনাই নিৰ্বাচন আয়োগৰ সংবাদমেল আয়োজন

August 16, 2025 9:30 pm
ৰাজ্যপাল-ৰাষ্ট্ৰপতিৰ ক্ষমতাৰ ওপৰত ন্যায়পালিকাৰ হস্তক্ষেপ! সাংবিধানিক সংকটৰ আশংকা কেন্দ্ৰৰ

ৰাজ্যপাল-ৰাষ্ট্ৰপতিৰ ক্ষমতাৰ ওপৰত ন্যায়পালিকাৰ হস্তক্ষেপ! সাংবিধানিক সংকটৰ আশংকা কেন্দ্ৰৰ

August 16, 2025 8:30 pm
পাকিস্তানৰ চোৰাংচোৱা জ্যোতি! ২৫০০ পৃষ্ঠাৰ অভিযোগনামাত আছে পৰ্যাপ্ত প্ৰমাণ

পাকিস্তানৰ চোৰাংচোৱা জ্যোতি! ২৫০০ পৃষ্ঠাৰ অভিযোগনামাত আছে পৰ্যাপ্ত প্ৰমাণ

August 16, 2025 7:37 pm
আলাস্কাত ৩ ঘণ্টাজোৰা বৈঠক ট্ৰাম্প–পুটিনৰ! যুদ্ধবিৰতিৰ সমাধান নোলোৱাত আশাহত বিশ্ব

আলাস্কাত ৩ ঘণ্টাজোৰা বৈঠক ট্ৰাম্প–পুটিনৰ! যুদ্ধবিৰতিৰ সমাধান নোলোৱাত আশাহত বিশ্ব

August 16, 2025 7:19 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভুৱা ভোটাৰ বিতৰ্ক: ৰাহু গান্ধীৰ পদযাত্ৰাৰ আৰম্ভণিৰ দিনাই নিৰ্বাচন আয়োগৰ সংবাদমেল আয়োজন

ভুৱা ভোটাৰ বিতৰ্ক: ৰাহু গান্ধীৰ পদযাত্ৰাৰ আৰম্ভণিৰ দিনাই নিৰ্বাচন আয়োগৰ সংবাদমেল আয়োজন

August 16, 2025 9:30 pm
ৰাজ্যপাল-ৰাষ্ট্ৰপতিৰ ক্ষমতাৰ ওপৰত ন্যায়পালিকাৰ হস্তক্ষেপ! সাংবিধানিক সংকটৰ আশংকা কেন্দ্ৰৰ

ৰাজ্যপাল-ৰাষ্ট্ৰপতিৰ ক্ষমতাৰ ওপৰত ন্যায়পালিকাৰ হস্তক্ষেপ! সাংবিধানিক সংকটৰ আশংকা কেন্দ্ৰৰ

August 16, 2025 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd