হাতত “আইনৰ হেংদাং” লৈ CAA-ৰ বিৰুদ্ধে “শৰাইঘাটৰ ৰণ”ত নামিল ৮৫ বছৰীয়া তৰুণ গগৈ

tarun-gogoi

পুনৰ অধিবক্তাৰ পেচাত প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ। ফটোৰ উৎস : ইণ্ডিয়ান এক্সপ্ৰেছ।

CAA-ৰ বিৰুদ্ধে অসমীয়াই চলাই থকা তীব্ৰ বিৰোধৰ যুঁজখনত আজি প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ সোঁশৰীৰে নামি পৰে হাতত “আইনৰ অস্ত্ৰ” লৈ।

আজি প্ৰাক্তন মুখ্য মন্ত্ৰীজনে নাগৰিকত্ব (সংশোধন) আইনৰ বিৰুদ্ধে এজন পেচাদাৰী অধিবক্তাৰ ৰূপত উচ্চতম ন্যায়ালয়ৰ মজিয়াত উপস্থিত হয়।

জানিব পৰামতে ওকালতিৰ পৰা ৰাজনীতিলৈ অহা ৮৫ বছৰীয়া গগৈ প্ৰায় ৩৬ বছৰৰ পিছত অধিবক্তাৰ পোচাক পিন্ধে গগৈয়ে।

গগৈয়ে ন্যায়ালয়ৰ মজিয়াৰ পৰা ওলাই আহি সংবাদ মাধ্যমক কয়, “মোৰ কোনো সন্দেহ নাই যে উচ্চতম ন্যায়ালয়ে আইনখনে সংবিধানৰ চৰম অৱমাননা কৰা বুলি ঘোষণা কৰি আমাক ন্যায় দিব”।

বিজেপি চৰকাৰে অনা আইনখনৰ বিৰুদ্ধে ৫৯খন আৰ্জি পৰাৰ প্ৰসংগত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত গগৈয়ে কয়, “আৰ্জিবোৰৰ মাজত মৌলিক কথাটো একে হ’ব। কিন্তু এই সংখ্যাই ই এটা ভাবমূৰ্তি সৃষ্টি কৰিব আৰু বিষয়টো অতি গুৰুতৰ বুলি এটা স্পষ্ট ইংগিত দিব”।

লগতে পঢ়ক নাগৰিকত্ব (সংশোধন) আইনৰ গোচৰৰ প্ৰথমটো শুনানি উচ্চতম ন্যায়ালয়ত; স্থগনাদেশ নিদিলে; কেন্দ্ৰীয় চৰকাৰলৈ জাননী

চৰকাৰে অসমত সকলো পৰিস্থিতি ঠিক আছে বুলি কৰা দাবী সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত গগৈয়ে কয়, “মানুহৰ চিন্তা-অনুভূতিক বুজাত বিজেপি চৰকাৰখন ব্যৰ্থ হৈছে। উত্তৰ-পূবৰ জনগণৰ সমস্যাৰ গুৰুত্ব, তেওঁলোকৰ ভাষা, সংস্কৃতিলৈ অহা সংকটৰ শংকা এইবোৰ বুজা নাই চৰকাৰে”।

প্ৰতিবাদ হিংসাত্মক হোৱাৰ বিষয়ে উত্তৰ দি প্ৰাক্তন মুখ্য মন্ত্ৰীজনৰ মন্তব্য, “আমি হিংসাৰ পক্ষে স্পষ্টকৈ নহয়। কিন্তু এয়া বিদ্ৰোহৰ এটা ৰূপ। এইটো দেখা গৈছে উত্তৰ-পূবৰ লগতে দেশৰ অন্যান্য অংশতো। বিদেশতো দেখা গৈছে। বিজেপিৰ কেন্দ্ৰীয় চৰকাৰে এইবোৰ উপযুক্ত ধৰণে চম্ভলাত ব্যৰ্থ হৈছে। তেওঁলোকে আন্দোলনকাৰীৰ মাজত বিভাজনৰ নীতি ল’ব খুজিছে”।

কিছু সংখ্যক ৰাজ্যই আইনখন কাৰ্য্যকৰী কৰিবলৈ অস্বীকাৰ কৰা সন্দৰ্ভত সাংবাদিকে প্ৰশ্ন কৰাত জ্যেষ্ঠ কংগ্ৰেছী গগৈয়ে কয়, “ৰাজ্যবোৰে যদি নিজৰ নিজৰ ৰাজ্যত ইয়াক প্ৰয়োগ কৰিবলৈ অনীহা দেখুৱায়, নিশ্চিতভাৱে ইয়াক আক্ষৰিক অৰ্থত প্ৰয়োগ কৰা সম্ভৱ নহ’ব”।

উল্লেখ কৰিব পাৰি যে দেশৰ বাহিৰে-ভিতৰে তীব্ৰ বিতৰ্ক আৰু আপত্তিৰ সৃষ্টি কৰা নাগৰিকত্ব (সংশোধন) আইনখনৰ বিৰুদ্ধে দেশৰ বিভিন্ন দল, সংগঠন, ব্যক্তিয়ে দাখিল কৰা আৱেদনৰ প্ৰথমটো শুনানি লৈছিল উচ্চতম ন্যায়ালয়ে। গগৈও ইয়াৰ মাজৰে এজন আৰ্জি দিওঁতা।